সংসদীয় পৰিক্ৰমা

সংবিধান দিৱস (কনষ্টিটিউছন ডে)ত সকলোকে সংবিধান বিষয়ক কুইজ আৰু অনলাইনত সংবিধানৰ প্ৰস্তাৱনা পঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ আহ্বান সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ

সৰ্বাধিক জন অংশগ্ৰহণ নিশ্চিত কৰিবলৈ মুকলি কৰা হৈছে দুটা ৱেব পৰ্টেল

২২ টা চৰকাৰী ভাষা আৰু ইংৰাজী ভাষাত "সংবিধানৰ প্ৰস্তাৱনা অনলাইনত পঢ়া"ৰ বাবে https://readpreamble.nic.in/ পৰ্টেল মুকলি কৰা হৈছে

"ভাৰত: গণতন্ত্ৰৰ জননী" বিষয়ক অনলাইন কুইজৰ বাবে আছে দ্বিতীয়টো পৰ্টেল https://constitutionquiz.nic.in/

এই কাৰ্যসূচীত যিকোনো লোকে যিকোনো স্থানৰ পৰা অংশগ্ৰহণ কৰিব পাৰি আৰু প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব

Posted On: 20 NOV 2023 12:19PM by PIB Guwahati

ভাৰতে সংবিধান গ্ৰহণ কৰাৰ  দিনটোৰ  স্মৃতিত প্ৰতি বছৰে ২৬ নৱেম্বৰত সংবিধান দিৱস (কনষ্টিটিউছন ডে ) পালন কৰা হয়। এই দিৱসত সংবিধানৰ  আদৰ্শ আৰু নীতিসমূহৰ  বিষয়ে আলোকপাত কৰাৰ লগতে সেইবোৰ  পুনৰ নিশ্চিত কৰাৰ উপৰি  ইয়াৰ  প্ৰতিষ্ঠাপক পিতৃসকলৰ অৱদানক স্মৰণ কৰি  সন্মান আৰু স্বীকৃতি প্ৰদান কৰা হয়। 

সংবিধান দিৱস (কনষ্টিটিউছন ডে )ক স্মৰণ কৰিবলৈ  সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে সকলো নাগৰিককে সংবিধান সম্পৰ্কীয়  কুইজ আৰু সংবিধানৰ প্ৰস্তাৱনা অনলাইনত পঢ়া কাৰ্যসূচীত  অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।  মন্ত্ৰালয়ে সৰ্বাধিক জন অংশগ্ৰহণ নিশ্চিত কৰিবলৈ দুটা ৱেব পৰ্টেল মুকলি  কৰিছে। এই ৱেব পৰ্টেলবোৰ হৈছে:

২২ টা চৰকাৰী ভাষা আৰু ইংৰাজী ভাষাত "সংবিধানৰ প্ৰস্তাৱনা অনলাইনত পঢ়া"ৰ বাবে https://readpreamble.nic.in/   আৰু

"ভাৰত: গণতন্ত্ৰৰ  জননী" বিষয়ক অনলাইন কুইজৰ বাবে   দ্বিতীয়টো পৰ্টেল https://constitutionquiz.nic.in/.

                                                                           Image

এই পৰ্টেলবোৰ সকলোৰে বাবে উপলব্ধ আৰু যিকোনো লোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।  অংশগ্ৰহণ কৰাসকলে  অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। এনেদৰে লাভ কৰা প্ৰমাণপত্ৰসমূহ #SamvidhanDiwas ৰ জড়িয়তে   সামাজিক মাধ্যমত  পোষ্ট কৰিব পৰা যাব। 

                                                                           Image

****

 

BY/AKN/DM

 

 



(Release ID: 1978378) Visitor Counter : 123