তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ স্বচ্ছতা আৰু স্থগিত গোচৰ নিষ্পত্তিৰ সন্দৰ্ভত আয়োজিত বিশেষ অভিযান ৩.০ সফলতাৰে সম্পূৰ্ণ

২ লাখ কেজি স্ক্ৰেপ নিষ্কাশন, ৩.৬২ কোটি টকাৰ ৰাজহ সংগ্ৰহ

১০০০ৰো অধিক আউটড'ৰ অভিযান চলোৱাৰ লগতে ১৯০০ৰো অধিক স্থান চিনাক্ত কৰি পৰিষ্কাৰ কৰা হয়

নিৰ্ধাৰিত লক্ষ্যত উপনীত ৰাজহুৱা অভিযোগ আৰু ৰাজহুৱা অভিযোগৰ আবেদনৰ নিষ্পত্তি

Posted On: 14 NOV 2023 11:47AM by PIB Guwahati

স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ আৰু স্থগিত গোচৰ হ্ৰাস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু মিছনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিজৰ ক্ষেত্ৰ কাৰ্যালয়ৰ লগতে স্বচ্ছতাক প্ৰতিষ্ঠানিকৰণ বাবে স্থগিত বিষয়সমূহৰ নিষ্পত্তি, উন্নত স্থান ব্যৱস্থাপনাৰ বাবে উত্তম পদ্ধতি গ্ৰহণ আৰু যোগাযোগৰ বিভিন্ন মাধ্যমৰ জৰিয়তে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৩.০ত অংশগ্ৰহণ কৰে।

                                                                      

এই কাৰ্যসূচীত মুঠ ১০১৩ টা আউটড'ৰ অভিযান চলোৱাৰ লগতে ১৯৭২ স্থান চিনাক্ত কৰি সেই স্থানসমূহ পৰিষ্কাৰ কৰা, ২,০১,৭২৯ কিলোগ্ৰাম স্ক্ৰেপ নিষ্কাষণ, ৩.৬২ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লগতে ২৯৬৭০ বৰ্গ ফুট স্থান মুক্ত কৰা হৈছে। ৪৯,৯৮৪ টা ফাইল পুনৰীক্ষণ কৰা হৈছে, যাৰ ভিতৰত ২৮৫৭৪ টা ফাইল অপসাৰণ কৰা হয়। ৮৪১ টা ই-ফাইলও বন্ধ কৰা হৈছিল। বিশেষ অভিযান ৩.০ ৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত ১৮৩৭টা পোষ্ট প্ৰকাশ কৰা হয়। মন্ত্ৰালয়ে ৰাজহুৱা অভিযোগ, ৰাজহুৱা অভিযোগৰ আবেদন নিষ্পত্তিৰ ক্ষেত্ৰত ১০০ শতাংশ লক্ষ্যত উপনীত হোৱাৰ লগতে ২১টা সংসদীয় সম্বন্ধীয়, ২টা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সম্বন্ধীয় আৰু ৭টা সংসদীয় সম্বন্ধীয় বিষয় নিষ্পত্তি কৰিছে। এই কাৰ্যসূচীত দৈনিক অগ্ৰগতি এটা নিবেদিত দলে নিৰীক্ষণ কৰাৰ লগতে প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ এছচিপিডিএম পৰ্টেলত আপলোড কৰা হয়। অভিযানৰ সময়ত মন্ত্ৰালয়ে বহুতো কাৰ্যপ্ৰণালী গ্ৰহণ কৰে। তাৰে কিছুমান তলত উল্লেখ কৰা ধৰণৰ:

১. ষ্ট'ৰ ৰোমক বিনোদন কেন্দ্ৰলৈ ৰূপান্তৰ

২.জলাশয়ৰ পানী পৰিষ্কাৰ কৰা

৩. আৱৰ্জনাৰ পৰা লাভ কৰিব পৰা সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা

৪. আৱৰ্জনা পেলোৱা স্থানৰ সৌন্দৰ্যবৰ্ধন

৫. স্ক্ৰেপ ৰোমক যোগ কেন্দ্ৰলৈ ৰূপান্তৰ

মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলে বিভিন্ন ক্ষেত্ৰ কাৰ্যালয় পৰিদৰ্শন কৰি স্বচ্ছতা অভিযানৰ অগ্ৰগতি আৰু অভিযানৰ অন্তত খালী হোৱা স্থানৰ ব্যৱহাৰৰ বিষয়ে পৰ্যালোচনা কৰে।

সৰ্বশ্ৰেষ্ঠ কাৰ্য ১: ষ্ট'ৰ ৰোমক বিনোদন কেন্দ্ৰলৈ ৰূপান্তৰ

                                                                      

বিশেষ অভিযান ৩.০-ৰ সময়ত,মন্ত্ৰালয়ে শাস্ত্ৰী ভৱনৰ তলৰ মহলাত অৱস্থিত মুখ্য সচিবালয়ৰ এটা ষ্ট’ৰ ৰোমক জিম আৰু টেবুল টেনিছৰ সুবিধা থকা সুকীয়া বিনোদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।

সৰ্বশ্ৰেষ্ঠ কাৰ্য ২ : জলাশয়ৰ পানী পৰিষ্কাৰ কৰা

কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এছ আৰ এফ টি আই)-এ কেম্পাছৰ ভিতৰত ৬০ হাজাৰ বৰ্গফুটৰ জলভাগৰ ব্যাপক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম কৰি ভূগৰ্ভস্থ জল পৰিৱেশ তন্ত্ৰ সংৰক্ষণ আৰু মাছ আৰু নাৰিকল গছৰ বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগায়। এই জলাশয়ত মৎস পালন আৰু নাৰিকল খেতি কৰি পানী আৰু গছৰ স্বচ্ছতা বজাই ৰাখি নিবিদাৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা হৈছে।

                                                                      

সৰ্বশ্ৰেষ্ঠ কাৰ্য ৩ : আৱৰ্জনাৰ পৰা লাভ কৰিব পৰা সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা

 

বহনক্ষমতাৰ ক্ষেত্ৰত এছ আৰ এফ টি আইয়ে তিনিটা পৰ্যায়ত “বেষ্ট আউট অৱ ৱেষ্ট” পদক্ষেপ ৰূপায়ণ কৰিছিল। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ এটা দলে সমগ্ৰ চৌপাশতে পেলনীয়া স্ক্ৰেপ চিনাক্ত কৰি শ্বুটিঙৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা সামগ্ৰী প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত সংগ্ৰহ কৰা স্ক্ৰেপসমূহ শ্বুটিং স্থানৰ বাবে টেবুল, বেঞ্চৰ দৰে উপযোগী সামগ্ৰী প্ৰস্তুত কৰা হয়। শেষত এই সামগ্ৰীসমূহ ছবিৰ চেটৰ অবিচ্ছেদ্য উপাদান হৈ পৰিল, যাৰ ফলত ৩০ হাজাৰ টকা ৰাহি হ’ল। 

                                                                      

সৰ্বশ্ৰেষ্ঠ কাৰ্য ৪: আৱৰ্জনা পেলোৱা স্থানৰ সৌন্দৰ্যবৰ্ধন

 

সৌন্দৰ্যবৰ্ধন আৰু সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে, অনুপ্ৰেৰণাদায়ক উদ্ধৃতি আৰু ফুল গছেৰে সজোৱা হৈছিল। এয়া এছ.আৰ.এফ.টি.আই.-ৰ দ্বাৰা নৱনিৰ্মিত আৱৰ্জনা এলেকাটোৰ চিত্ৰ।

                                                                      

সৰ্বশ্ৰেষ্ঠ কাৰ্য ৫: স্ক্ৰেপ ৰোমক যোগ কেন্দ্ৰলৈ ৰূপান্তৰ

 

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেশ্যনে অভিযানৰ সময়ছোৱাত এটা বৃহৎ ষ্ট’ৰ ৰোম চিনাক্ত কৰি কোঠাটোক যোগ কক্ষলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলত অধ্যাপকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও যোগাভ্যাস কৰিবলৈ এটা ভাল কোঠা লাভ কৰিলে। 

                                                                         

ডিডিকে কলকাতা

                                                                       

আকাশবাণী ইম্ফল

                                                                             



(Release ID: 1976995) Visitor Counter : 76