প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আয়ুৰ্বেদক সমৰ্থন কৰাটো ভোকেল ফৰ লোকেল হোৱাৰ এক সজীৱ উদাহৰণঃ প্ৰধানমন্ত্ৰী
আয়ুৰ্বেদ দিৱসত উদ্ভাৱক আৰু সাধকসকলক প্ৰণাম জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
10 NOV 2023 6:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুৰ্বেদক সমৰ্থন কৰাটো ভোকেল ফৰ লোকেল হোৱাৰ এক সজীৱ উদাহৰণ বুলি মন্তব্য আগবঢ়াইছে। শ্ৰী মোদীয়ে এই প্ৰাচীন জ্ঞানক আধুনিকতাৰ সৈতে মিহলাই বিশ্বজুৰি আয়ুৰ্বেদক নতুন উচ্চতালৈ আগুৱাই নিয়া উদ্ভাৱক আৰু অনুশীলনকাৰীসকলকো প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
“ধনতেৰাছৰ শুভ দিনটোত আমি আয়ুৰ্বেদ দিৱসো পালন কৰোঁ। এই প্ৰাচীন জ্ঞানক আধুনিকতাৰ সৈতে মিহলাই বিশ্বজুৰি আয়ুৰ্বেদক নতুন উচ্চতালৈ আগুৱাই নিয়া উদ্ভাৱক আৰু অনুশীলনকাৰীসকলক প্ৰণাম জনোৱাৰ এয়া এক সুন্দৰ অনুষ্ঠান। যুগান্তকাৰী গৱেষণাৰ পৰা গতিশীল ষ্টাৰ্টআপলৈকে আয়ুৰ্বেদে সুস্থতাৰ নতুন পথ সৃষ্টি কৰিছে। আয়ুৰ্বেদক সমৰ্থন কৰাটোও ভোকেল ফল লোকেল হোৱাৰ এক সজীৱ উদাহৰণ।”
***
DS/TS
(रिलीज़ आईडी: 1976559)
आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam