প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফিডে গ্ৰেণ্ড ছুইছ অ’পেনত শীৰ্ষ স্থান ভাৰতৰ

বিদিত গুজৰাটী আৰু বৈশালীক তেওঁলোকৰ অনবদ্য জয়ৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 06 NOV 2023 8:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে গ্ৰেণ্ড ছুইছ অপেনত বিদিত গুজৰাটী আৰু বৈশালীয়ে অৰ্জন কৰা অনবদ্য জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷

টৰণ্টোত অনুষ্ঠিত হ’বলগীয়া ২০২৪ চনৰ সন্মানীয় প্ৰতিযোগিতাতো দুয়োগৰাকী খেলুৱৈয়ে নিজৰ স্থান নিশ্চিত কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ফিডে ছুইছ গ্ৰেণ্ড অ’পেনত ভাৰতে শীৰ্ষ স্থান দখল কৰাটো সঁচাকৈয়ে গৌৰৱৰ মুহূৰ্ত। @viditchess আৰু @chessVaishaliলৈ তেওঁলোকৰ অনবদ্য জয়ৰ বাবে আৰু টৰণ্টোত অনুষ্ঠিত হ'বলগীয়া ২০২৪ চনৰ সন্মানীয় প্ৰতিযোগিতাৰ স্থান নিশ্চিত কৰাৰ বাবে অভিনন্দন জনাইছো। এয়া দবাত ভাৰতীয় দক্ষতাৰ আন এক উদাহৰণ। ভাৰতবাসী সঁচাকৈয়ে আনন্দিত৷”

********

DS/ST/DB



(Release ID: 1975650) Visitor Counter : 67