হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
প্ৰথম দিন- “মহিলাৰ বাবে জল, জলৰ বাবে মহিলা” অভিযানে দেশজুৰি লাভ কৰিছে উৎসাহজনক সঁহাৰি
অভিযানত অংশগ্ৰহণ সমগ্ৰ দেশৰ ৪,১০০তকৈ অধিক মহিলাৰ
Posted On:
08 NOV 2023 10:14AM by PIB Guwahati
ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিচন (এনইউএলএম) আৰু ওড়িশা আৰ্বান একাডেমীৰ সহযোগিতাত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ ধ্বজাবাহী আঁচনি-আমৰুটৰ অধীনত আৰম্ভ কৰা “মহিলাৰ বাবে জল, জলৰ বাবে মহিলা”ৰ শীৰ্ষক অভিযানৰ প্ৰথম দিন(৭ নৱেম্বৰ, ২০২৩) সফলতাৰে অন্ত পৰে৷ কালি অৰ্থাৎ ৭ নৱেম্বৰত আৰম্ভ হোৱা এই অভিযান ৯ নৱেম্বৰলৈকে চলিব৷
“মহিলাৰ বাবে জল, জলৰ বাবে মহিলা” অভিযানৰ লক্ষ্য হৈছে জল শাসনত মহিলাসকলক অন্তৰ্ভুক্ত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰা। ইয়াৰ জৰিয়তে নিজ নিজ চহৰৰ জল পৰিশোধন প্লাণ্ট (ডব্লিউটিপি) পৰিদৰ্শনৰ জৰিয়তে তেওঁলোকক পানী পৰিশোধন প্ৰক্ৰিয়াৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান প্ৰদান কৰা হ’ব।
প্ৰচাৰৰ প্ৰথমটো দিনত, "জল দীপাৱলী" উপলক্ষে সকলো ৰাজ্যৰ পৰা (নিৰ্বাচনমুখী ৰাজ্যসমূহ বাদ দি) ৪,১০০ৰো অধিক মহিলাই এই প্ৰচাৰ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ কৰে। এই সবল মহিলাসকলে সমগ্ৰ দেশৰ ২৫০টাতকৈও অধিক পানী পৰিশোধন প্লাণ্ট (ডব্লিউটিপি) পৰিদৰ্শন কৰাৰ লগতে পৰিয়ালসমূহলৈ বিশুদ্ধ আৰু নিৰাপদ খোৱাপানী প্ৰদানৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান লাভ কৰে। ৰাজ্যিক বিষয়াসকলে আত্মসহায়ক গোটৰ মহিলাসকলক ফুলৰ থোপাৰে আদৰণি জনায় আৰু পানীৰ বটল/চিপাৰ/গিলাচ, পৰিৱেশ অনুকূল বেগ, বেজ আদিকে ধৰি ক্ষেত্ৰ ভ্ৰমণ কিট উপহাৰ দিয়ে৷
গোটেই দিনটো মহিলাসকলে পানীৰ আন্তঃগাঁথনিৰ জগতখনত নিমগ্ন হৈ পানীৰ গুণাগুণ পৰীক্ষাৰ প্ৰট’কলৰ বিশেষজ্ঞৰ নিৰ্দেশনা লাভ কৰাৰ লগতে তেওঁলোকৰ সমূদায়ৰ বাবে পানীৰ বিশুদ্ধতাৰ উচ্চতম মানদণ্ড নিশ্চিত কৰে৷ জল আন্তঃগাঁথনিৰ প্ৰতি গভীৰ মালিকীস্বত্ব আৰু দায়বদ্ধতাৰ ভাৱ লৈ অংশগ্ৰহণকাৰীসকলে দিনটোৰ কাৰ্যসূচী সামৰাৰ উপৰি ইয়াৰ পৰা লাভ কৰা জ্ঞানৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ অভিযানৰ লক্ষ্যত উপনীত হয়৷
অংশগ্ৰহণকাৰীসকলে জলসম্পদৰ সংৰক্ষণ আৰু ব্যৱহাৰ কৰাৰ লগতে চিন্তাশীল কাৰ্য্য আৰু সঠিক সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে বহুমূলীয়া সম্পদ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
আত্মসহায়ক গোট আৰু ৰাজ্যিক বিষয়াসকলৰ প্ৰচেষ্টাই অভিযানৰ প্ৰথম দিনটো সাফল্যমণ্ডিত কৰি তোলে, যিয়ে আমৰুট ২.০ পদক্ষেপৰ অধীনত জল আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অন্তৰ্ভুক্তি আৰু সৱলীকৰণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে পৰিগণিত হৈছে। অভিযানৰ দ্বিতীয় আৰু তৃতীয় দিনত ৪০০ৰো অধিক ডব্লিউটিপি পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে আৰু ইয়াত ১০,০০০ৰো অধিক মহিলা আত্মসহায়ক গোটৰ সদস্যা একত্ৰিত হৈ "জল দীপাৱলী" উদযাপন কৰিব৷
চিত্ৰ ১- উত্তৰাখণ্ড
চিত্ৰ ২- অসম
চিত্ৰ ৩- জম্মু আৰু কাশ্মীৰ
চিত্ৰ ৪- কৰ্ণাটক
চিত্ৰ ৫- কৰ্ণাটক
চিত্ৰ ৬- ঝাৰখণ্ড
চিত্ৰ ৭- ঝাৰখণ্ড
চিত্ৰ ৮- উত্তৰাখণ্ড
চিত্ৰ ৯- উত্তৰ প্ৰদেশ
চিত্ৰ ১০- উত্তৰ প্ৰদেশ
চিত্ৰ ১১- গুজৰাট
চিত্ৰ ১২- তামিলনাডু
চিত্ৰ ১৩- নাগালেণ্ড
চিত্ৰ ১৪- হিমাচল প্ৰদেশ
চিত্ৰ ১৫- মেঘালয়
*****
RKJ/M/DB/PN
(Release ID: 1975570)
Visitor Counter : 119
Read this release in:
Marathi
,
Tamil
,
Telugu
,
English
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Kannada
,
Malayalam