তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

২০-২৮ নৱেম্বৰত গোৱাত ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ইয়াত শ্ৰী মাইকেল ডগলাচে সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰিব

আন্তঃৰাষ্ট্ৰীয় শিতানলৈ ব্যাপক সঁহাৰি, ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰুৰ বাবে ৬০০ এন্ট্ৰি

শ্ৰেষ্ঠ ৱেব চিৰিজ এৱাৰ্ডৰ বাবে ১৫ অ’টিটি প্লেটফৰ্মৰ ১০টা ভাষাত ৩২ এন্ট্ৰিঃ শ্ৰী অনুৰাগ ঠাকুৰ

Posted On: 06 NOV 2023 3:02PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে আজি ২০-২৮ নৱেম্বৰ, ২০২৩ত গোৱাত ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে শ্ৰী ঠাকুৰে কয় যে বিশ্বজুৰি ৫ম সৰ্ববৃহৎ বজাৰ হিচাপে ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগটো এক লেখত-ল’বলগীয়া শক্তি। তেওঁ লগতে কয় যে এই বজাৰখন প্ৰতি বছৰে বৃদ্ধি পাইছে আৰু যোৱা তিনি বছৰত গড় বাৰ্ষিক ২০% বৃদ্ধি হৈছে। দেশৰ চুকে-কোণে নিৰ্মিত চিনেমাসমূহ এতিয়া বিশ্বৰ প্ৰান্তে-প্ৰান্তে উপনীত হৈছে।

মন্ত্ৰীজনে উল্লেখ কৰে যে এইবাৰ বিশ্ব চিনেমাৰ উজ্জ্বল তাৰকা আৰু চিনেমাৰ জগতখনত অনবদ্য অৱদান আগবঢ়োৱা শ্ৰী মাইকেল ডগলাচক সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব।

শ্ৰী ঠাকুৰে জনোৱা মতে, আইএফএফআইৰ আন্তঃৰাষ্ট্ৰীয় শিতানত লাভ কৰা ছবিৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে আৰু ই আইএফএফআইৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগৰ আকৰ্ষণক প্ৰদৰ্শন কৰিছে।

                                                               

নতুনকৈ প্ৰৱৰ্তিত অ’টিটি বঁটা সন্দৰ্ভত তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীৰ পিছৰেপৰা ভাৰতত অ’টিটি উদ্যোগৰ উত্থান ঘটিছে আৰু ভাৰতত সৃষ্টি হোৱা মৌলিক বিষয়বস্তুয়ে হাজাৰ-হাজাৰ লোকক নিয়োজিত কৰিছে। এই খণ্ডৰ ৰূপান্তৰশীল পৰিবেশলৈ সঁহাৰি জনাই (যাৰ বৃদ্ধি বছৰি ২৮%) মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্মত অসাধাৰণ বিষয়বস্তুৰ সৃষ্টিকৰ্তাসকলক উদগনি জনাবলৈ এই বঁটা প্ৰৱৰ্তন কৰিছে। তেওঁ লগতে কয় যে ১৫টা অ’টিটি প্লেটফৰ্মৰপৰা ১০টা ভাষাত মুঠ ৩২ এন্ট্ৰি লাভ কৰা হৈছে আৰু বিজয়ীসকলক দহ লাখ টকাৰ বঁটা প্ৰদান কৰা হ’ব।

শ্ৰী অনুৰাগ ঠাকুৰে দেশৰ উত্থানশীল ষ্টাৰ্টআপ বাতাবৰণ সম্পৰ্কে কয় আৰু চৰকাৰে এনে মাধ্যমসমূহক চোৱা-চিতা কৰিবলৈ এক সমৰ্থন ব্যৱস্থা সৃষ্টিত মনোনিৱেশ কৰিছে বুলি জনায়। তেওঁ লগতে কয় যে চলচ্চিত্ৰ খণ্ডত ষ্টাৰ্টআপ বাতাবৰণক সুদৃঢ় কৰিবলৈ আৰু দেশৰ প্ৰতিটো প্ৰান্তৰে প্ৰতিভাসমূহক স্বীকৃতি জনাবলৈ আমি ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰু পদক্ষেপৰ শুভাৰম্ভ কৰিছো। মন্ত্ৰীজনে জনাই যে এই বৰ্ষৰ বাবে উক্ত শিতানত ৬০০ ৰোধিক এন্ট্ৰি লাভ কৰা হৈছে। এইবাৰ ৭৫ গৰাকী বিজয়ীক বাছনিৰে ৩ বছৰত এনে বিজয়ী মুঠ ২২৫ জনলৈ বৃদ্ধি পাব।

মন্ত্ৰীজনে বিশেষভাৱে উল্লেখ কৰে যে এইবাৰৰ আইএফএফআই সকলো স্থান বিশেষভাৱে সক্ষম লোকৰ বাবে সকলো সুবিধা আৰু সুগমতাৰে মুকলি থাকিব। দৃষ্টিহীন লোকৰ বাবে অডিঅ’ বৰ্ণনা, শ্ৰৱণ ক্ষমতাহীন লোকৰ বাবে সাংকেতিক ভাষা, একাধিক ভাষাত বিষয়বস্তুৰ ডাবিং সবকা সাথ, সবকা বিকাশৰ মন্ত্ৰক উদ্বুদ্ধ কৰিব।

ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগানে তেওঁৰ চমু বক্তব্যত কয় যে আইএফএফআই বিশ্বৰ অন্যতম বৃহৎ চলচ্চিত্ৰ আৰু সাংস্কৃতিক কাৰ্য্যক্ৰম। তেওঁ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী শেখৰ কাপুৰে আন্তঃৰাষ্ট্ৰীয় জুৰীৰ নেতৃত্ব বহন কৰিছিল বুলি অৱগত কৰে।

ইয়াত ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূল কথাসমূহ উল্লেখ কৰা হৈছেঃ

  1. আইএফএফআইৰ মূল আকৰ্ষণ হৈছে বিশ্ব চিনেমাত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা সত্যজিৎ ৰায় জীৱনজোৰা সাধনা বঁটা (SRLTA)। মাইকেল ডগলাচ হলিউডৰ এগৰাকী অভিনেতা আৰু প্ৰযোজক। তেওঁ সাম্প্ৰতিক বিশ্ব চিনেমাৰ অন্যতম শ্ৰেষ্ঠ ব্যক্তিত্ব। এই সন্মানীয় বঁটা গ্ৰহণ কৰিবলৈ তেওঁ পত্নী আৰু বিশিষ্ট অভিনেত্ৰী কেথেৰিন জেটা-জোন্সৰ সৈতে আইএফএফআইত অংশগ্ৰহণ কৰিব।

চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত ৫০ বছৰৰো অধিক সময় ধৰি মাইকেল ডগলাচে কাম কৰি আহিছে। তেওঁ ২টা অস্কাৰ, ৫টা গ’ল্ডেন গ্ল’ব বঁটা, এটা প্ৰাইমটাইম এমি বঁটা আৰু আন-আন সন্মান লাভ কৰিছে। ২০২৩ত তেওঁ ৭৬ সংখ্যক ফেষ্টিভেল ডি কানত জীৱনজোৰা সাধনাৰ বাবে পালম ডি’অৰ লাভ কৰে। ‘ৱাল ষ্ট্ৰীট’ত গৰ্ডন গেকোৰ চৰিত্ৰত একাডেমী বঁটা বিজয়ী অভিনয়ৰপৰা আৰম্ভ কৰি ফেটেল এট্ৰেকচন, দ্য আমেৰিকান প্ৰেচিডেন্ট, বেচিক ইনষ্টিংক্ট, ট্ৰেফিক, ৰোমানচিং দ্য ষ্ট’ন আদি ছবিলৈকে তেওঁ চিনাকি চৰিত্ৰৰ বাবে পৰিচিত। মাইকেল কেৱল এগৰাকী অভিনেতাই নহয়, এগৰাকী বিশিষ্ট প্ৰযোজকো। তেওঁৰ কৰ্মৰাজিৰ অন্যতম হৈছে ওৱান ফ্লু অভাৰ দ্য কাক’ছ নেষ্ট আৰু দ্য চাইনা চিণ্ড্ৰমৰ দৰে শক্তিশালী ছবি। মিষ্টাৰ ডগলাচ মানৱীয় গুণৰ বাবে পৰিচিত হৈ আহিছে। মানৱতাক বিপদাপন্ন কৰা পাৰমাণৱিক আৰু জৈৱিক ভাবুকি হ্ৰাসত মনোনিৱেশ কৰা নিউক্লিয়াৰ থ্ৰেট ইনিচিয়েটিভ সংস্থাৰ ব’ৰ্ডত তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৯৮ত ৰাষ্ট্ৰসংঘৰ শান্তিৰ দূত হিচাপেও তেওঁ নিযুক্তি লাভ কৰিছিল।

  1. এই মহোৎসৱত ২৭০ ৰোধিক ছবি ৪টা স্থানত প্ৰদৰ্শিত হ’ব – আইএনঅ’এক্স পাঞ্জিম (৪), মেকুইনেজ পেলেচ (১), আইএনঅ’এক্স পৰ্ভৰিম (৪), জেড স্কোৱাৰ সম্ৰাট অশোক (২)।

  2. ৫৪ সংখ্যক আইএফএফআইৰ ‘আন্তঃৰাষ্ট্ৰীয় শিতান’ত ১৯৮ খন ছবি থাকিব। ৫৩ সংখ্যক আইএফএফআইতকৈ ১৮ খন ছবি বেছি। ইয়াত ১৩ বিশ্ব প্ৰিমিয়াৰ, ১৮ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ৬২ এছিয়া প্ৰিমিয়াৰ আৰু ৮৯ ভাৰতৰ প্ৰিমিয়াৰ কৰা হ’ব। এই বৰ্ষৰ আইএফএফআইয়ে ১০৫ খন দেশৰপৰা অভিলেখ সংখ্যক ২৯২৬ এন্ট্ৰি লাভ কৰিছে, যি যোৱা বৰ্ষৰ তুলনাত ৩ গুণ বেছি।

  3. ‘ভাৰতীয় পেনোৰামা’ শিতানত ভাৰতৰ ২৫ খন ফিছাৰ ছবি আৰু ২০ খন নন-ফিছাৰ ছবি প্ৰদৰ্শন কৰা হ’ব। ফিছাৰ শিতানৰ উদ্বোধনী চলচ্চিত্ৰ হৈছে এখন মালয়ালম ছবি আটম আৰু নন-ফিছাৰ শিতানত মণিপুৰৰ এণ্ড্ৰ’ ড্ৰিমছ।

  4. শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) বঁটাঃ এই বৰ্ষত প্ৰৱৰ্তন কৰা হৈছে শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) বঁটা। অ'টিটি প্লেটফৰ্মৰ সমৃদ্ধিশালী বিষয়বস্তু আৰু ইয়াৰ সৃষ্টিকৰ্তাসকলক স্বীকৃতি, উৎসাহ আৰু সন্মান জনোৱাৰ লক্ষ্যৰে এই বঁটাৰ প্ৰৱৰ্তন কৰা হয়। ১৫টা অ’টিটি প্লেটফৰ্মৰপৰা ১০টা ভাষাত ৩২ এন্ট্ৰি লাভ কৰা হয়। সামৰণি অনুষ্ঠানত ঘোষণা কৰিবলগীয়া শ্ৰেষ্ঠ ধাৰাবাহিকখনক প্ৰমাণপত্ৰ আৰু ১০ লাখ টকা নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

  5. এই বৰ্ষৰ আইএফএফআইৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শিতানত ৮টা কিউৰেটেড শিতান থাকিব। গুৰুত্বপূৰ্ণ ছবিসমূহৰ চমু বিৱৰণ তলত উল্লেখ কৰা হৈছে -

  • উদ্বোধনী চলচ্চিত্ৰঃ কেটচিং ডাষ্ট | পৰিচালকঃ ষ্টুয়াৰ্ট গেট | যুক্তৰাজ্য | (আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ)

  • মিড-ফেষ্ট ফিল্মঃ এবাউট ড্ৰাই গ্ৰাচেছ | পৰিচালকঃ নুৰী বিলজ চেলান | ফ্ৰান্স | (ইণ্ডিয়া প্ৰিমিয়াৰ)

  • সামৰণি চলচ্চিত্ৰঃ দ্য ফিডাৰৱেইট | পৰিচালকঃ ৰবাৰ্ট কলডনী | যুক্তৰাষ্ট্ৰ | (এছিয়া প্ৰিমিয়াৰ)

  • আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শিতান – ১৫ খন ফিছাৰ ছবি (১২ খন আন্তঃৰাষ্ট্ৰীয় + ৩ খন ভাৰতীয়) এই শিতানলৈ নিৰ্ধাৰণ কৰা হৈছে। এই শিতানত শ্ৰেষ্ঠ ছবিৰ উপৰিও জুৰীয়ে শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ), শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা), বিশেষ জুৰী পুৰস্কাৰৰ শাখাতো বিজয়ীসকলক বাছি উলিয়াব। ছবিৰ তালিকা পৰিশিষ্টত দিয়া হৈছে আৰু ইয়াৰ সবিশেষ আইএফএফআইৰ অফিচিয়েল ৱেবছাইটত আপল’ড কৰা হৈছে। শ্ৰেষ্ঠ ছবিৰ বঁটাত থাকিব এটি গ’ল্ডেন পিকক আৰু ৪০ লাখ টকাৰ নগদ পুৰস্কাৰ।

  • শ্ৰেষ্ঠ ফিছাৰ ফিল্ম নতুন পৰিচালক - ৫ আন্তঃৰাষ্ট্ৰীয় + ২ ভাৰতীয় চলচ্চিত্ৰই এই শিতানত লোভনীয় ছিলভাৰ পিকক, ১০ লাখ টকাৰ নগদ পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। ছবিৰ তালিকা পৰিশিষ্টত দিয়া হৈছে আৰু ইয়াৰ সবিশেষ আইএফএফআইৰ অফিচিয়েল ৱেবছাইটত আপল’ড কৰা হৈছে।

  • আন্তঃৰাষ্ট্ৰীয় জুৰী – শেখৰ কাপুৰ (অধ্যক্ষ), বিশিষ্ট ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা, জোচে লুইছ আলকেইন, স্পেনিছ চিনেমাটোগ্ৰাফাৰ, জেৰম পেইলাৰ্ড, মাৰ্চে ডু কানৰ প্ৰাক্তন মুৰব্বী, কেথাৰিন ডুছাৰ্ট, ফ্ৰান্সৰ চলচ্চিত্ৰ প্ৰযোজক; হেলেন লিক, অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত চলচ্চিত্ৰ প্ৰযোজক।

  • ফেষ্টিভেল কেলিড’স্ক’প – এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা বিজয়ী ছবিসমূহৰ ভিতৰত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক আইএফএফআই কেলিড’স্ক’পত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯ খন ছবি কান, ভেনিচ, চাও পাউলো, ৰটাৰডেম, চান্টা বাৰ্বাৰা, ষ্টকহোম আদি উৎসৱত শ্ৰেষ্ঠ প্ৰতিপন্ন হৈছিল।

  • চিনেমা অৱ দ্য ৱৰ্ল্ড শিতানত এন্ট্ৰিৰ জৰিয়তে ১০৩ খন ছবি থাকিব। এয়া পূৰ্বৰ বছৰৰ তুলনাত (৭৭) উল্লেখযোগ্য বৃদ্ধি।

  • বিশ্বৰ ভিন্ন প্ৰান্তৰ তথ্যচিত্ৰক থূপাই প্ৰদৰ্শন কৰা এটা ডুকু-মন্টাজ শিতান প্ৰৱৰ্তন কৰা হৈছে।

  • ইয়াৰ এনিমেচন শিতানত আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় এনিমেচন ছবিসমূহ থূপাই প্ৰদৰ্শন কৰা হ’ব। ইয়াত পোলেণ্ডৰ অফিচিয়েল অস্কাৰ এন্ট্ৰি - দ্য পিজেন্টছকে প্ৰমুখ্য কৰি ভাৰতীয় এনিমেচন ছবিসমূহো প্ৰদৰ্শন কৰা হ’ব।

  • প্ৰৱৰ্তিত ৰিষ্ট’ৰ্ড ক্লাছিকছ শিতানত ভাৰতীয় ক্লাছিকছৰ ক্ষতিগ্ৰস্ত চেলুলয়ড ৰিলৰপৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান (NFHM)ৰ অধীনত এনএফডিচি-এনএফএআইয়ে কৰা বিশ্বমানৰ পুনৰুদ্ধাৰৰ ৭ বিশ্ব প্ৰিমিয়াৰ কৰা হ’ব -

    • বিদ্যাপতি (1937) বাংলা পৰিচালকঃ দেবকী বসু

    • শ্যামচী আই (1953), মাৰাঠী, পৰিচালকঃ পি.কে. আট্ৰে

    • পাতাল ভৈৰৱী (1951), তেলেগু, পৰিচালকঃ কে.ভি. ৰেড্ডী

    • গাইড (1965), হিন্দী, পৰিচালকঃ বিজয় আনন্দ

    • হকীকাত (1964), হিন্দী, পৰিচালকঃ চেতন আনন্দ

    • কোৰাচ (1974) বাংলা, পৰিচালকঃ মৃণাল সেন

    • বিছ ছাল বাদ (1962), হিন্দী, পৰিচালকঃ বিৰেন নাগ

  • ইউনেস্ক’ ফিল্ম – ইউনেস্ক’ৰ আদৰ্শ প্ৰতিফলিত কৰা ছবিঃ ৭ খন আন্তঃৰাষ্ট্ৰীয় + ৩ খন ভাৰতীয় ছবি। ছবিৰ তালিকা পৰিশিষ্টত দিয়া হৈছে আৰু ইয়াৰ সবিশেষ আইএফএফআইৰ অফিচিয়েল ৱেবছাইটত আপল’ড কৰা হৈছে।

  • এচেচিবল ফিল্ম – ৫৪ সংখ্যক আইএফএফআইত মহোৎসৱলৈ অহা বিশেষভাৱে সক্ষম প্ৰতিনিধিসকলে যাতে সকলো প্ৰদৰ্শনী আৰু আন-আন স্থানলৈ যাব পাৰে, তাৰ সুবিধা থাকিব।

    • বিশেষভাৱে-সক্ষম প্ৰতিনিধি

      • দৃষ্টিশক্তিহীনসকলৰ বাবেঃ অডিঅ' বিৱৰণসহ চলচ্চিত্ৰ – চিৰ্ফ এক বাণ্ডা কফি হায় আৰু শ্বেৰশ্বাহ

      • শ্ৰৱণ ক্ষমতাহীনসকলৰ বাবেঃ সাংকেতিক ভাষাসহ চলচ্চিত্ৰ - ৮৩ আৰু ভাগ মিলখা ভাগ

    • একাধিক ভাষাত ডাবিং - পছন্দৰ ভাষাত ডাবিংসহ একাধিক ভাৰতীয় পেনোৰামা ছবি স্মাৰ্টফোন আৰু ইয়াৰফোন ব্যৱহাৰেৰে চাব পৰা যাব। ইয়াৰ বাবে আইএফএফআইয়ে ‘cinedubs’ এপৰ সৈতে অংশীদাৰিত্ব কৰিছে আৰু এই সুবিধা বিনামূলীয়াকৈ উপলব্ধ হ’ব।

  1. মাষ্টাৰ ক্লাছ আৰু ইন-কনভাৰ্চেচন চেছন - বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, চিনেমাট’গ্ৰাফাৰ আৰু অভিনেতা-অভিনেত্ৰীসকলক সামৰি ২০ ৰোধিক ‘মাষ্টাৰক্লাছ’ আৰু ‘ইন কনভাৰ্চেচন’ অধিবেশন অনুষ্ঠিত হ’ব। ইয়াত মাইকেল ডগলাচ, ব্ৰেণ্ডন গালভিন, ব্রিলান্টে মেণ্ডোজা, ছানি দেওল, ৰাণী মুখাৰ্জী, বিদ্যা বালান, জন গোল্ডৱাটাৰ, বিজয় সেঠুপতি, চাৰা আলী খান, পংকজ ত্ৰিপাঠী, নৱাজুদ্দিন সিদ্ধিকী, কায়কাই মেনন, কৰণ জোহৰ, মধুৰ ভাণ্ডাৰকাৰ, মনোজ বাজপেয়ী, কাৰ্টিকি গনছালভেছ, বনি কাপুৰ, আল্লু অৰবিন্দ, থিয়ডৰ গ্লাক, গুলশ্বান গ্ৰভাৰ আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলে অংশগ্ৰহণ কৰিব।

  2. গালা প্ৰিমিয়াৰ – যোৱা বৰ্ষৰপৰা আৰম্ভ হোৱা গালা প্ৰিমিয়াৰৰ সম্প্ৰসাৰণ কৰা হৈছে।

  3. ভাৰ্চুৱেল আইএফএফআই - মাষ্টাৰক্লাছ, ইন-কনভাৰ্চেচন অধিবেশন, পেনেল আলোচনা আৰু আইএফএফআইৰ ৫৪ সংখ্যক সংস্কৰণৰ মুকলি /সামৰণি অনুষ্ঠান বুক মাই শ্ব’ এপৰ জৰিয়তে অনলাইনত উপলব্ধ হ’ব। নামমাত্ৰ পঞ্জীয়নৰ ব্যৱস্থা ৰখা হ’ব।

  4. ফিল্ম বজাৰঃ আইএফএফআই মূলতঃ হৈছে “বিশ্ব চিনেমাৰ উদযাপন”। ইয়াৰ লগতে এনএফডিচিয়ে “চিনেমাৰ ব্যৱসায়”ৰ বাবে এখন ফিল্ম বজাৰৰ আয়োজন কৰে। আইএফএফআইৰ ফিল্ম বজাৰ দক্ষিণ এছিয়াৰ অন্যতম বৃহৎ বৈশ্বিক চলচ্চিত্ৰ বজাৰত পৰিণত হৈছে। ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, বিক্ৰী এজেন্ট আৰু উৎসৱৰ প্ৰগ্ৰেমাৰসকলৰ বাবে সম্ভাৱ্য সৃষ্টিশীল আৰু আৰ্থিক সহযোগিতাৰ বাবে মিলনৰ এক নিখুঁত বাতাবৰণ হিচাপে কাম কৰে।

    • ফিল্ম বজাৰৰ পেভিলিয়ন আৰু ষ্টল -

      1. ভিএফএক্স আৰু টেক পেভিলিয়ন - নতুনকৈ গঢ়ি তোলা “ভিএফএক্স আৰু টেক পেভিলিয়ন” ফিল্ম বজাৰৰ অন্যতম আকৰ্ষণ হ’ব। ই ছবি নিৰ্মাতাসকলক শেহতীয়া উদ্ভাৱনসমূহৰ বিষয়ে জ্ঞাত কৰি তুলিব।

      2. আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ আয়োগ আৰু ভাৰতৰ ৰাজ্যসমূহৰ কেইবাখনো ষ্টলে ইয়াত অংশগ্ৰহণ কৰিব।

      3. চলচ্চিত্ৰ সম্পৰ্কীয় প্ৰডাকচন হাউছ, প্ৰতিষ্ঠান, সংস্থা আদিৰ কেইবাটাও ষ্টল।

    • “নলেজ চিৰিজ” হৈছে নিৰ্বাচিত চলচ্চিত্ৰ নিৰ্মাতা, দেশ আৰু ৰাজ্যৰ অধিবেশনৰ লগতে চলচ্চিত্ৰ নিৰ্মাণ আৰু বিতৰণৰ গুৰুত্বপূৰ্ণ দিশসমূহ সামৰি আলোচনা।

    • যোৱা বৰ্ষৰপৰা আৰম্ভ হোৱা ‘বুক টু বক্স অফিচ’ শিতানে ‘দ্য ষ্ট’ৰী ইংক’ৰ সৈতে অংশীদাৰিত্ব কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সৃষ্টিশীল লেখকসকলক তেওঁলোকৰ কৰ্মৰাজি প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা আৰু এই কাহিনীসমূহৰ প্ৰযোজক আৰু মঞ্চৰ মুৰব্বীসকলৰ সৈতে পৰিচিতি।

  1. ৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰু (CMOT): এয়া হৈছে মাননীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ চিন্তাৰ ফচল। এই পদক্ষেপৰ লক্ষ্য হৈছে চলচ্চিত্ৰ নিৰ্মাণৰ ভিন্ন পৰ্য্যায়ৰ যুৱ সৃষ্টিশীল প্ৰতিভাসমূহৰ চিনাক্ত, উৎসাহিতকৰণ আৰু লালন-পালন কৰা। শ্বৰ্টছ টিভি হৈছে ধাৰণাগত প্ৰগ্ৰেমিং পাৰ্টনাৰ, যি হৈছে টিভি, ম’বাইল, অনলাইন আৰু চিনেমা হলত উপলব্ধ উচ্চমানৰ চুটি চিনেমা আৰু ধাৰাবাহিকৰ বিশ্বৰ সৰ্ববৃহৎ কেটেলগ। এই নিৰ্বাচিত ‘ক্ৰিয়েটিভ মাইণ্ডছ’ক ‘ফিল্ম চেলেঞ্জ’ৰ বাবে ৫টা দলত ভাগ কৰা হৈছে। প্ৰত্যেকেই এখন চুটি ছবি নিৰ্মাণ কৰিব।

  2. আইএফএফআই চিনে-মেলাঃ আইএফএফআই কেৱল চিনেমাৰ উৎকৃষ্টতাৰ প্ৰদৰ্শনীয়েই নহয়, বৰঞ্চ এয়া সাংস্কৃতিক বৈচিত্ৰ্যৰ উদযাপন। এই বৰ্ষৰ আইএফএফআই চিনে-মেলা এক দৰ্শনীয় সংযোজন হ’ব। ইয়াত আইএফএফআইৰ উপস্থিতসকল আৰু আনকি আইএফএফআইৰ সৈতে পঞ্জীয়ন নোহোৱা স্থানীয় লোক আৰু পৰ্যটকসকলেও চিনেমা, কলা, সংস্কৃতি, শিল্পকৰ্ম দৰ্শনৰ লগতে ৰোমাঞ্চকৰ কাৰ্য্যসূচী উপভোগ কৰিব পাৰিব।

  3. আন-আন আকৰ্ষণঃ ভাৰতৰ অন্যতম বৃহৎ সাংস্কৃতিক সমাগম হিচাপে আইএফএফআইৰ অভিজ্ঞতাৰ বৰ্ধনৰ বাবে অপেন এয়াৰ স্ক্ৰিনিং, কাৰাভান, গোৱা কাৰ্নিভেল, চেলফি পইন্ট, আইএফএফআই মাৰ্চেণ্ডাইজ ইত্যাদিৰ ব্যৱস্থা কৰা হ’ব।

  4. মহোৎসৱৰ স্থানৰ ব্ৰেণ্ডিং আৰু সাজ-সজ্জা – এনএফডিচি আৰু ইএছজিয়ে ফেষ্টিভেল ভেন্যুসমূহৰ সমগ্ৰ সাজ-সজ্জা আৰু ব্ৰেণ্ডিঙৰ বাবে আহমেদাবাদৰ এনআইডিৰ সৈতে অংশীদাৰিত্ব কৰিছে।

  5. ভাৰতৰ সংস্কৃতিৰ উদযাপন (৫ দিন) – চলচ্চিত্ৰ প্ৰদৰ্শনেৰে সংগতি ৰাখি গালা প্ৰিমিয়াৰ আৰু ভিজিটিং ফিল্ম প্ৰতিভাধৰসকলে নিজ-নিজ অঞ্চলক প্ৰতিনিধিত্ব কৰিব।

  • ২২: পূবঃ বাংলা, ওড়িয়া, অসমীয়া, মণিপুৰী আৰু উত্তৰ-পূবৰ ভাষাসমূহ

  • ২৩: দক্ষিণ ১: তামিল আৰু মালায়ালম

  • ২৪: উত্তৰঃ পাঞ্জাৱী, ডুগৰী, ভোজপুৰী, ৰাজস্থানী, উৰ্দু, ছত্তীশগড়ী

  • ২৫: পশ্চিমঃ কংকানী, মাৰাঠী, গুজুৰাটী

  • ২৬: দক্ষিণ ২: কানাড়া আৰু তেলেগু

  1. আইএফএফআইৰ অফিচিয়েল ৱেবচাইট https://iffigoa.org/ ত দৈনিক ঘোষণাৰাজি আৰু আপডেটসমূহ লাভ কৰা যাব।

  2. ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)ৰ জৰিয়তে গোৱা ৰাজ্য চৰকাৰৰ সৈতে যৌথভাৱে ইয়াৰ এন্টাৰটেইনমেন্ট ছ’চাইটি অৱ গোৱা (ESG)ৰ জৰিয়তে ২০-২৮ নৱেম্বৰ, ২০২৩ত গোৱাত ৫৪ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছে।

  3. আইএফএফআই হৈছে বিশ্বৰ ১৪ বৃহৎ আৰু সন্মানীয় ‘আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা ফিছাৰ চলচ্চিত্ৰ মহোৎসৱ’ৰ অন্যতম। ই বিশ্বজুৰি চলচ্চিত্ৰ মহোৎসৱ পৰিচালনা কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থা (FIAPF)ৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত। কান, বাৰ্লিন আৰু ভেনিচৰ দৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এনে অন্যান্য সুনামধন্য মহোৎসৱ।

  4. চলচ্চিত্ৰৰ এই বাৰ্ষিক কাৰ্য্যসূচী বহু বছৰ ধৰি বিশ্ব আৰু ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠ ছবিসমূহৰ প্ৰদৰ্শনস্থলী হিচাপে পৰিগণিত হৈ আহিছে আৰু ভাৰতৰ চলচ্চিত্ৰ উদ্যোগটোৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসকলেও প্ৰতিনিধি, অতিথি আৰু বক্তা হিচাপে অংশগ্ৰহণেৰে ইয়াক শোভা বঢ়াইছে।

                                                                    

 

পৰিশিষ্ট

৫৪ সংখ্যক আইএফএফআই, ২০২৩

চলচ্চিত্ৰৰ তালিকা – প্ৰতিযোগিতা

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা (IC) – ১৫ চলচ্চিত্ৰ

 

আন্দ্ৰাগজি | পৰিচালকঃ ৰেগাছ ভানুটেজা | ইণ্ডোনেছিয়া | ২০২৩ | ইণ্ডোনেছিয়ান | ১১০' | আইচি

ব্লাগাছ লেচনছ | পৰিচালকঃ ষ্টেফান কোমাণ্ডাৰেভ | বুলগেৰিয়া, জাৰ্মানী | ২০২৩ | বুলগেৰিয়ান | ১১৪' | আইচি

বছনিয়ান পট | পৰিচালকঃ পাভো মাৰিনকোভিচ | ক্ৰ'ৱেচিয়া | ২০২৩ | ক্ৰ'ৱেচিয়ান, জাৰ্মান | ১০৩' | আইচি

এণ্ডলেছ ব’ৰ্ডাৰ | পৰিচালকঃ আব্বাছ আমিনি | ইৰান, ইছলামিক ৰিপাব্লিক অফ | ২০২৩ | পাৰ্চী | ১১১' | আইচি

হফমেনছ ফেইৰী টেলছ | পৰিচালকঃ টিনা বৰকলয়া | ৰাছিয়ান ফেডাৰেচন | ২০২৩ | ৰাছিয়ান | ৮৮' | আইচি

লুবো | পৰিচালকঃ জৰ্জিঅ' ডিৰিটি | ইটালী, চুইজাৰলেণ্ড | ২০২৩ | ইটালীয়, চুইছ জাৰ্মান, জেনিস্ক | ১৮১' | আইচি

মেজাৰছ অৱ মিন | পৰিচালকঃ লাৰ্ছ ক্ৰাউম | জাৰ্মানী | ২০২৩ | জাৰ্মান | ১১৬' | আইচি

পাৰ্টি অৱ ফূল | পৰিচালকঃ আৰ্নড ডেছ পেলিয়েৰছ | ফ্ৰান্স | ২০২৩ | ফৰাচী | ১২২' | আইচি

দ্য আডাৰ উউড’ | পৰিচালকঃ মা'আয়ান ৰিপ | ইজৰাইল | ২০২২ | হিব্ৰু | ৮৩' | আইচি

ৱমেন অফ | পৰিচালকঃ মালগৰ্জাটা শ্বুম'স্কা, মিচাল এংলাৰ্ট | পোলেণ্ড | ২০২৩ | পোলিছ | ১৩২' | আইচি

আচোগ | পৰিচালকঃ শ্বেন ডেভলিন | কানাডা | ২০২৩ | অন্যান্য, তাগালগ | ৯৯' | আইচি

ডাই বিফ’ৰ ডেথ | পৰিচালকঃ আহমেদ ইমামোভিচ | বছনিয়া আৰু হাৰ্জেগোভিনা | ২০২৩ | বছনিয়ান | ৯৪' | আইচি

কান্তৰা | পৰিচালকঃ ঋষভ শ্বেট্টী | ভাৰত | ২০২২ | কানাড়া | ১৫০‘ | আইচি

ছানা | পৰিচালকঃ সুধাংশু ছৰিয়া | ভাৰত | ২০২৩ | হিন্দী | ১১৯’ | আইচি

মিৰবীন | পৰিচালকঃ মৃদুল গুপ্তা | ভাৰত | ২০২২ | কাৰ্বি | ৮৯’ | আইচি

 

বেষ্ট ডেবট ফিছাৰ ফিল্ম অৱ এ ডাইৰেক্টৰ এৱাৰ্ড (BD) – ৭ চলচ্চিত্ৰ

 

অলমষ্ট এন্টায়াৰলী এ শ্লাইট ডিজেষ্টাৰ | পৰিচালকঃ উমুট সুবাছি | তুৰস্ক | ২০২৩ | ইংৰাজী, তুৰ্কী | ৮৮' | বিডি

লেট মি গ’ | পৰিচালকঃ মেক্সিম ৰাপাজ | চুইজাৰলেণ্ড | ২০২৩ | ফৰাচী | ৯২' | বিডি

অকাৰিনা | পৰিচালকঃ এলবান জোগজানী | আলবেনিয়া | ২০২৩ | আলবেনিয়ান, ইংৰাজী | ৯২' | বিডি

শ্লীপ | পৰিচালকঃ জেছন ইউ | দক্ষিণ কোৰিয়া | ২০২৩ | কোৰিয়ান | ৯৫' | বিডি

হোৱেন দ্য চীডলিংগছ গ্ৰ | পৰিচালকঃ ৰেগাৰ আজাদ কায়া | ছিৰিয়ান আৰব ৰিপাব্লিক | ২০২২ | আৰবী, কুৰ্দি | ৮৩' | বিডি

ধাই আখৰ | পৰিচালকঃ পাৰবীন অৰোৰা | ভাৰত | ২০২৩ | হিন্দী | ৯৮ ' | বিডি

ইৰাট্টা | পৰিচালকঃ ৰোহিত এম.জি. কৃষ্ণন | ভাৰত | ২০২৩ | মালয়ালম | ১১২ ' | বিডি

 

আইচিএফটি ইউনেস্ক’ গান্ধী মেডেল এৱাৰ্ড – ১০ চলচ্চিত্ৰ

এ হাউছ অৱ জেৰুজালেম | পৰিচালকঃ মুয়ায়াদ আলায়ন | পেলেষ্টাইন, ব্ৰিটেইন, জাৰ্মানী, নেদাৰলেণ্ড, কাটাৰ | ২০২২ | ইংৰাজী, আৰবী, হিব্ৰু | ১০৩' | আইচিএফটি ইউনেস্ক’

চিটিজেন চেইন্ত | পৰিচালকঃ টিনাটিন কাজৰিষভিলি | জৰ্জিয়া | ২০২৩ চনৰ | জৰ্জিয়ান | ১০০' | আইচিএফটি ইউনেস্ক’

ড্ৰিফ্ট | পৰিচালকঃ এন্থনী চেন | ব্ৰিটেইন, ফ্ৰান্স, গ্ৰীচ | ২০২৩ | ইংৰাজী, গ্ৰীক | ৯৩' | আইচিএফটি ইউনেস্ক’

ই চিৰা | পৰিচালকঃ এপলিন ট্ৰাওৰে | বুৰ্কিনা ফাচো, ফ্ৰান্স, জাৰ্মানী, চেনেগাল | ২০২৩ | ফৰাচী, ফুলা | ১২২' | আইচিএফটি ইউনেস্ক’

কালেভ | পৰিচালকঃ অভে মাষ্টিং | ইষ্টোনিয়া | ২০২২ | ইষ্টোনিয়ান, ৰাছিয়ান | ৯৪' | আইচিএফটি ইউনেস্ক’

দ্য প্ৰাইজ! | পৰিচালকঃ পল ফৌজান আগষ্টা | ইণ্ডোনেছিয়া | ২০২২ | ইণ্ডোনেছিয়ান | ৯৬' | আইচিএফটি ইউনেস্ক’

দ্য চুগাৰ এক্সপেৰিমেন্ট | পৰিচালকঃ জন টৰ্নব্লেড | চুইডেন | ২০২২ | চুইডিছ | ৯১' | আইচিএফটি ইউনেস্ক’

মণ্ডলী | পৰিচালকঃ ৰাকেশ চতুৰ্বেদী ওম | ভাৰত | ২০২৩ | হিন্দী | ১১৮' | আইচিএফটি ইউনেস্ক’

মালিকাপুৰম | পৰিচালকঃ বিষ্ণু শশী শংকৰ | ভাৰত | ২০২২ | মালয়ালম | ১২১' | আইচিএফটি ইউনেস্ক’

ৰবীন্দ্ৰ কাব্য ৰহস্য | পৰিচালকঃ সায়ন্ত ঘোষন | ভাৰত | ২০২৩ | বাংলা | ১১৫' | আইচিএফটি ইউনেস্ক’

****

Pragya Paliwal/Saurabh Singh/SB



(Release ID: 1975139) Visitor Counter : 113