গৃহ মন্ত্ৰালয়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট-গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছাক্সেনাই নতুন দিল্লীত ‘ভাৰতৰ লৌহ মানৱ’ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত পুষ্পাঞ্জলি জ্ঞাপন কৰে

দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘ৰাণ ফৰ ইউনিটি’ৰ ফ্লেগ অফ কৰাৰ লগতে ৰাইজক ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰায়

স্বাধীনতাৰ পিছত ইংৰাজে ভাৰতক খণ্ডিত কৰি থৈ গৈছিল, সেই সময়ত ৫৫০খনতকৈও অধিক ৰাজকীয় ৰাজ্যক একত্ৰিত কৰি ভাৰত মাতৃৰ বৰ্তমানৰ মানচিত্ৰ নিৰ্মাণৰ বিশাল কামটো কৰিছিল ‘ভাৰতৰ লৌহ মানৱ’ চৰ্দাৰ পেটেলে

চৰ্দাৰ পেটেলৰ দৃঢ়তা, ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য-নিষ্ঠা আৰু লোহাৰ দৰে কঠিন উদ্দেশ্যৰ ফলস্বৰূপে আজি ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ পিছত বিশ্বৰ সন্মুখত সন্মানেৰে থিয় দিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাদিয়াত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চৰ্দাৰ পেটেলক যথাযথ সন্মান প্ৰদান কৰিছে

কাশ্মীৰৰ পৰা লাক্ষাদ্বীপলৈকে বিস্তৃত এই বিশাল দেশখনক একত্ৰিত কৰাত চৰ্দাৰ পেটেলৰ অবিস্মৰণীয় অৱদান আছিল আৰু এই দেশখনে কেতিয়াও তেওঁৰ ঋণ পৰিশোধ কৰিব নোৱাৰে

এই ৰাষ্ট্ৰীয় একতা দিৱসৰ এক ঐতিহাসিক তাৎপৰ্য আছে কাৰণ এয়া ‘আজাদী কা অমৃত মহোৎসৱ’ৰ পিছত আৰম্ভ হোৱা ‘অমৃত কাল’ৰ প্ৰথম ৰাষ্ট্ৰীয় একতা দিৱস

আহক আমি সকলোৱে মিলি আগন্তুক ২৫ বছৰত ভাৰত

Posted On: 31 OCT 2023 12:16PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু দিল্লীৰ লেফটেনেণ্ট-গৱৰ্ণৰ শ্ৰীযুত বিনয় কুমাৰ ছাক্সেনাই নতুন দিল্লীত ‘ভাৰতৰ লৌহ মানৱ’ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত পুষ্পাঞ্জলি অৰ্পণ কৰে।

                                                                      

দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজন কৰা ‘ৰাণ ফৰ ইউনিটি’ৰ ফ্লেগ অফ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই উপলক্ষে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰীযুত অনুৰাগ ঠাকুৰ, দিল্লীৰ লেফটেনেণ্ট-গৱৰ্ণৰ শ্ৰীযুত বিনয় কুমাৰ ছাক্সেনা, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী অজয় কুমাৰ মিশ্ৰ আৰু শ্ৰী নিশিত প্ৰামানিককে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

                                                                      

শ্ৰী অমিত শ্বাহে উপস্থিত ৰাইজক ৰাষ্ট্ৰীয় একতাৰ শপত বাক্য পাঠ কৰায়।

                                                                      

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমাৰ দেশৰ প্ৰথম গৃহমন্ত্ৰী তথা 'ভাৰতৰ লৌহ পুৰুষ' চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৮ সংখ্যক জন্মদিন আৰু সমগ্ৰ দেশে ২০১৪ চনৰ পৰা প্ৰতি বছৰে এই দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে। তেওঁ কয় যে স্বাধীনতাৰ পাছত ইংৰাজে ভাৰতক খণ্ডিত কৰি থৈ গৈছিল, আৰু সেই সময়ত ‘ভাৰতৰ লৌহ মানৱ’ চৰ্দাৰ বল্লভভাই পেটেলে ৫৫০ খনতকৈও অধিক ৰাজকীয় ৰাজ্যক কেইদিনমানৰ এটা বিষয়তে একত্ৰিত কৰি বৰ্তমানৰ ভাৰত মাতৃৰ মানচিত্ৰ নিৰ্মাণৰ এক বৃহৎ কাম কৰিছিল। শ্ৰী শ্বাহে কয় যে চৰ্দাৰ পেটেলৰ ৰাষ্ট্ৰৰ প্ৰতি দৃঢ়তা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু লোহাৰ দৰে কঠিন উদ্দেশ্যৰ ফলস্বৰূপে আজি ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ পিছত বিশ্বৰ সন্মুখত সন্মানেৰে থিয় দিছে।

                                                                     

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কাশ্মীৰৰ পৰা লাক্ষাদ্বীপলৈকে বিয়পি থকা এই বিশাল দেশখনক একত্ৰিত কৰাত চৰ্দাৰ পেটেলে এক অবিস্মৰণীয় অৱদান আগবঢ়াইছিল আৰু এই দেশখনে কেতিয়াও তেওঁৰ ঋণ পৰিশোধ কৰিব নোৱাৰে। তেওঁ কয় যে সেইবাবেই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাদিয়াত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চৰ্দাৰ পেটেলক যথাযথ সন্মান প্ৰদান কৰিছে। তেওঁ কয় যে আজি সমগ্ৰ দেশে ঐক্যৰ বাবে দৌৰ আৰু ৰাষ্ট্ৰীয় একতা দিৱসৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি নিজকে পুনৰ উৎসৰ্গা কৰিছে।

                                                                    

শ্ৰী অমিত শ্বাহে কয় যে আজি এই ৰাষ্ট্ৰীয় একতা দিৱসৰ এক ঐতিহাসিক তাৎপৰ্য আছে কাৰণ এয়া ‘আজাদী কা অমৃত মহোৎসৱ’ৰ পিছত আৰম্ভ হোৱা ‘অমৃত কাল’ৰ প্ৰথম ৰাষ্ট্ৰীয় একতা দিৱস। তেওঁ কয় যে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আহ্বান জনাইছে যে স্বাধীনতাৰ ৭৫ৰ পৰা ১০০ বছৰৰ মাজৰ ২৫ বছৰ ‘সংকল্পৰ পৰা সিদ্ধি’ৰ ২৫ বছৰ।

                                                                     

আমি এনে ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি ল’ব লাগিব যে দেশৰ স্বাধীনতাৰ শতবাৰ্ষিকীৰ সময়ত আমি বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰথম স্থান লাভ কৰিম। শ্ৰী শ্বাহে কয় যে দেশৰ ১৩০ কোটি জনসাধাৰণে এই প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব লাগিব আৰু এই সংকল্পসমূহ পূৰণৰ বাবে সামূহিক প্ৰচেষ্টা ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত গ্ৰহণৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় “আহক আমি সকলোৱে মিলি ভাৰতক আগন্তুক ২৫ বছৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থান দখল কৰাৰ সংকল্প লওঁ আৰু চৰ্দাৰ পেটেলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে নিষ্ঠাৰে কাম কৰোঁ।"

 

**********

 

RK/AY/AKS/GS/BM



(Release ID: 1973571) Visitor Counter : 95