প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছৰ আৰ্চাৰীত ৰাকেশ কুমাৰ আৰু সুৰজ সিঙৰ ৰূপৰ পদক লাভ; প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
25 OCT 2023 10:08PM by PIB Guwahati
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ আৰ্চাৰী শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে আজি ৰাকেশ কুমাৰ আৰু সুৰজ সিঙৰ যুটিটোক উচ্চ প্ৰসংশা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই দুয়োগৰাকী ধনুৰ্বিদক অতি প্ৰতিভাৱান বুলি অভিহিত কৰি তেওঁ কয় যে তেওঁলোকৰ এই কৃতিত্বই দেশবাসীক গৌৰৱান্বিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“পুৰুষ ডাবলছ কম্পাউণ্ড - মুকলি ইভেণ্টত পেৰা আৰ্চাৰীত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰতিভাৱান যুটি ৰাকেশ কুমাৰ আৰু সুৰজ সিঙক অভিনন্দন। তেওঁলোকৰ অনবদ্য নিপুণতা আৰু নিখুঁত প্ৰদৰ্শনে ভাৰতক অসীম গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ প্ৰতি শুভেচ্ছা।"
*****
DS/RT
(रिलीज़ आईडी: 1972962)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada