প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টন মহিলা একক SL3 ইভেণ্টত মনদ্বীপ কৌৰৰ ব্ৰঞ্জ জয়; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 25 OCT 2023 6:55PM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ ৰ বেডমিণ্টন মহিলা একক SL3 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মনদ্বীপ কৌৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে: “এছিয়ান পেৰা গেমছত মহিলা একক SL3 ত ব্ৰঞ্জৰ পদক লাভ কৰি মনদ্বীপ কৌৰে এক উল্লেখযোগ্য নজিৰ স্থাপন কৰিছে। কৃতী খেলুৱৈগৰাকীক অভিনন্দন আৰু আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা।”

*****

DS/RT/BM



(Release ID: 1972926) Visitor Counter : 53