প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘সন্ত মীৰাবাই’ৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে সকলোলৈকে শুভেচ্ছা জনাইছে

পোষ্ট কৰা হৈছে: 28 OCT 2023 6:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সন্ত মীৰাবাই’ৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক ‘ভগৱান কৃষ্ণৰ অদ্বিতীয় ভক্ত’ বুলি অভিহিত কৰে আৰু কয় যে তেওঁৰ ভজন আৰু দোহাসমূহে প্ৰতিটো পৰিয়ালকে শ্ৰদ্ধা আৰু ভক্তিৰে শোভিত কৰে। তেওঁৰ জীৱন হৈছে সমাজৰ বাবে এক অনুপ্ৰেৰণা। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"ভগৱান কৃষ্ণৰ অদ্বিতীয় ভক্ত মীৰাবাইৰ জীৱন হৈছে আমাৰ সমাজৰ বাবে এক অনুপ্ৰেৰণা। তেওঁৰ ভজন আৰু দোহাসমূহে এতিয়াও প্ৰতিখন ঘৰকে শ্ৰদ্ধা আৰু ভক্তিৰে শোভিত কৰে। তেওঁৰ জন্ম জয়ন্তীত সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মই শুভেচ্ছা জনাইছোঁ। "

**********

DS/KB/BM


(ৰিলিজ আই ডি : 1972917) অতিথি কক্ষ : 127