প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৯.১০.২০২৩ত ‘মন কী বাত’ৰ ১০৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 29 OCT 2023 11:52AM by PIB Guwahati

নমস্কাৰ,

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

 

বন্ধুসকল, উৎসৱৰ এই উৎসাহ-উদ্দীপনাৰ মাজত দিল্লীৰ এটা খবৰেৰে ‘মন কী বাত’ আৰম্ভ কৰিব বিচাৰিছো। চলিত মাহৰ আৰম্ভণিতে গান্ধী জয়ন্তী উপলক্ষে দিল্লীত খাদীৰ অভিলেখ পৰিমাণৰ বিক্ৰী হোৱা পৰিলক্ষিত হৈছিল। দিল্লীৰ কন’ট প্লেচৰ একমাত্ৰ খাদী ষ্ট’ৰত জনতাই এদিনতে ডেৰ কোটিতকৈও অধিক টকা মূল্যৰ সামগ্ৰী ক্ৰয় কৰিছিল। চলিত মাহত চলি থকা খাদী মহোৎসৱে পুনৰবাৰ সকলো পুৰণি বিক্ৰীৰ অভিলেখ ভংগ কৰিলে। আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছো, য’ত দহ বছৰৰ আগতে দেশত খাদী সামগ্ৰীৰ বিক্ৰী প্ৰায় ৩০হাজাৰ কোটি টকাতকৈ কম আছিল, এতিয়া এয়া প্ৰায় ১.২৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। খাদীৰ বিক্ৰী বৃদ্ধিৰ অৰ্থ হ’ল ইয়াৰ সুফল সমাজৰ বিভিন্ন শ্ৰেণীলৈ, চহৰৰ পৰা গাঁৱলৈ ধাবিত হৈছে। আমাৰ শিপিনী, হস্তশিল্প শিপিনী, আমাৰ কৃষক, কুটিৰ উদ্যোগসমূহে আয়ুৰ্বেদিক গছ ৰোপণ কৰা, এই বিক্ৰীৰ সুবিধা সকলোৱে লাভ কৰিছে আৰু, এয়াই হৈছে 'ভোকেল ফৰ লোকেল' অভিযানৰ শক্তি আৰু ইয়াৰ প্ৰতি ক্ৰমান্বয়ে আপোনালোক সকলো দেশবাসীৰ সমৰ্থন বৃদ্ধি পাই আহিছে৷

বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত আৰু এটা অনুৰোধ দোঁহাৰিব বিচাৰিছো৷ যেতিয়াই আপোনালোক পৰ্যটন বা তীৰ্থযাত্ৰালৈ যায় তেতিয়াই তাত স্থানীয় শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰীসমূহ ক্ৰয় কৰিব। আপোনালোকৰ ভ্ৰমণৰ সামগ্ৰিক বাজেটত আপোনালোকে স্থানীয় সামগ্ৰী ক্ৰয় কৰিব লাগিব। ১০ শতাংশ হওক, ২০ শতাংশ হওক, আপোনালোকৰ বাজেটে যিয়েই নহওক কিয়, আপোনালোকে সেইটো স্থানীয় কামত খৰচ কৰিব।

বন্ধুসকল, প্ৰতিবাৰৰ দৰে এইবাৰো আমাৰ উৎসৱত আমাৰ অগ্ৰাধিকাৰ ‘ভোকেল ফৰ লোকেল’ হোৱা উচিত আৰু আহক আমি সকলোৱে মিলি সেই সপোন পূৰণ কৰোঁ, আমাৰ সপোন হৈছে এখন ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়ি তোলা। এইবাৰ ঘৰখন কেৱল এনেকুৱা এটা সামগ্ৰীৰে পোহৰাই লওঁক, য’ত মোৰ এজন দেশবাসীৰ ঘামৰ গোন্ধ আছে, মোৰ দেশৰ এজন যুৱকৰ প্ৰতিভা, যাৰ উৎপাদনে মোৰ দেশবাসীক কৰ্মসংস্থাপন প্ৰদান কৰিছে, যিয়েই নহওক কিয়-আমি স্থানীয় সামগ্ৰীহে ক্ৰয় কৰিম। কিন্তু, আৰু এটা কথা বিবেচনা কৰিব লাগিব। 'ভোকেল ফৰ লোকেল'ৰ এই মনোভাৱ কেৱল উৎসৱৰ বজাৰ কৰাত সীমাবদ্ধ নহয় আৰু মই দেখা ক'ৰবাত মানুহে দীপাৱলী দিয়া কিনি তাৰ পিছত ছ'চিয়েল মিডিয়াত 'ভোকেল ফৰ লোকেল' পোষ্ট কৰে-নহয় নে৷ সেয়া মাত্ৰ আৰম্ভণিহে। আমি বহুত আগুৱাই যাব লাগিব, জীৱনৰ প্ৰতিটো প্ৰয়োজনীয়তা–আমাৰ দেশত, এতিয়া, সকলো উপলব্ধ। এই দৃষ্টিভংগী কেৱল সৰু সৰু দোকানী আৰু ৰাজপথৰ বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰাত সীমাবদ্ধ নহয়। আজি ভাৰত বিশ্বৰ সৰ্ববৃহৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। বহুতো ডাঙৰ ব্ৰেণ্ডে ইয়াত নিজৰ সামগ্ৰী নিৰ্মাণ কৰি আছে। যদি আমি সেই সামগ্ৰীসমূহ গ্ৰহণ কৰো, তেন্তে মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ হয় আৰু লগতে আমি 'ভোকেল ফৰ লোকেল' হ'ব লাগিব৷ এই কথা মন ৰাখিব, এনে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আমি ইউপিআই ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে ধনাদায় কৰিম, যাতে আমাৰ দেশক লৈ গৌৰৱ কৰিব পাৰো, জীৱনত ইয়াক অভ্যাস কৰি তোলা আৰু সেই প্ৰডাক্টৰ সৈতে বা সেই শিল্পীজনৰ সৈতে, মোৰ সৈতে NamoAppত এখন ছেলফি শ্বেয়াৰ কৰা আৰু সেইটোও এটা মেড ইন ইণ্ডিয়া স্মাৰ্ট ফোনত। সেই পোষ্টবোৰৰ কিছুমান মই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিম যাতে আন মানুহেও ‘ভোকেল ফৰ লোকেল’ৰ প্ৰতি অনুপ্ৰাণিত হ’ব পাৰে।

বন্ধুসকল, যেতিয়া আপোনালোকে ভাৰতত নিৰ্মিত, ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰে আপোনালোকৰ দীপাৱলী পোহৰাই তুলিব আৰু স্থানীয়ভাৱে আপোনালোকৰ পৰিয়ালৰ প্ৰতিটো সৰু সৰু প্ৰয়োজন পূৰণ কৰিব, তেতিয়া দীপাৱলীৰ উজ্বলতা বাঢ়িব, কিন্তু সেই শিপিনীসকলৰ জীৱনত এক নতুন দীপাৱলী আহিব, জীৱনৰ এক নতুন প্ৰভাত আহিব, তেওঁলোকৰ জীৱন আচৰিত হৈ পৰিব। ভাৰতক স্বাৱলম্বী কৰক, ‘মেক ইন ইণ্ডিয়া’ বাছি লওক, যাতে আপোনালোকৰ লগতে কোটি কোটি দেশবাসীৰ দীপাৱলী বিস্ময়কৰ, প্ৰাণৱন্ত, উজ্জ্বল আৰু আকৰ্ষণীয় হৈ পৰে।

মোৰ মৰমৰ দেশবাসী, ৩১ অক্টোবৰ আমাৰ সকলোৰে বাবে এক অতি বিশেষ দিন। এই দিনটোতে আমি আমাৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উদযাপন কৰোঁ। আমি ভাৰতীয়সকলে বহু কাৰণত তেওঁক স্মৰণ কৰি শ্ৰদ্ধা জনাইছো। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল দেশৰ ৫৮০খনতকৈও অধিক ৰাজকীয় ৰাজ্যক সংযোগ কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতুলনীয়। আমি জানো যে প্ৰতি বছৰে ৩১ অক্টোবৰত ঐক্য দিৱসৰ সৈতে জড়িত মূল অনুষ্ঠানটো গুজৰাটৰ ষ্টেছ্যু অফ ইউনিটীত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও দিল্লীত কৰ্তব্যৰ পথত এক অতি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আপোনালোকৰ হয়তো মনত আছে যে শেহতীয়াকৈ মই দেশৰ প্ৰতিখন গাঁৱৰ পৰা আৰু প্ৰতিটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। প্ৰতিটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰাৰ পিছত এটা কলহত ৰখা হৈছিল আৰু তাৰ পিছত অমৃত কলহ যাত্ৰা বাহিৰ কৰা হৈছিল। দেশৰ চুক-কোণৰ ​​পৰা সংগ্ৰহ কৰা এই মাটি, এই হাজাৰ হাজাৰ অমৃত কলহ যাত্ৰা এতিয়া দিল্লীত উপস্থিত হৈছে। ইয়াত দিল্লীত সেই মাটি এটা বিশাল ভাৰত কলহত ৰখা হ’ব আৰু এই পবিত্ৰ মাটিৰে দিল্লীত ‘অমৃত বাটিকা’ নিৰ্মাণ কৰা হ’ব। ই দেশৰ ৰাজধানীৰ মাজমজিয়াত অমৃত মহোৎসৱৰ এক ভব্য উত্তৰাধিকাৰ হিচাপে সাক্ষী হৈ ৰ’ব। দেশজুৰি  বিগত ডেৰ-দুবছৰ ধৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ ৩১ অক্টোবৰত সামৰণি পৰিব। আপোনালোক সকলোৱে মিলি ইয়াক বিশ্বৰ অন্যতম দীৰ্ঘদিনীয়া উৎসৱ হিচাপে গঢ়ি তুলিছে। সেই যোদ্ধাসকলৰ প্ৰতি সন্মানেই হওক বা ঘৰে ঘৰে ত্ৰিৰংগাই হওক, স্বাধীনতাৰ অমৃত মহোৎসৱত মানুহে নিজৰ স্থানীয় ইতিহাসক এক নতুন পৰিচয় দিছে। এই সময়ছোৱাত সমাজ সেৱাৰ আচৰিত উদাহৰণো পৰিলক্ষিত হৈছে।

বন্ধুসকল, আজি মই আপোনালোকক, বিশেষকৈ মোৰ সৰু পুত্ৰ-কন্যাক আৰু এটা ভাল খবৰ জনাব বিচাৰিছো, যিসকলৰ দেশৰ বাবে কিবা এটা কৰাৰ আবেগ, সপোন আৰু দৃঢ়তা আছে। এই ভাল খবৰ কেৱল দেশবাসীৰ বাবেই নহয়, আপোনালোকৰ বাবেও বিশেষ, মোৰ ডেকা বন্ধুসকল। মাত্ৰ দুদিন পিছত ৩১ অক্টোবৰত এটা বিশাল দেশজোৰা সংগঠনৰ ভেটি স্থাপন কৰা হৈছে আৰু সেয়াও চৰ্দাৰ চাহাবৰ জয়ন্তীত। এই সংগঠনৰ নাম – My Young India, অৰ্থাৎ MYBharat। MYBharat সংগঠনে ভাৰতৰ যুৱক-যুৱতীসকলক বিভিন্ন জাতি গঠন অনুষ্ঠানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব। এখন উন্নত ভাৰত গঢ়াত ভাৰতৰ যুৱ শক্তিক একত্ৰিত কৰাৰ এক অনন্য প্ৰচেষ্টা। মোৰ যুৱ ভাৰতৰ ৱেবছাইট MYBharatও মুকলি হ’বলৈ ওলাইছে। মই যুৱক-যুৱতীসকলক আহ্বান জনাইছো, বাৰে বাৰে আহ্বান জনাইছো যে মোৰ দেশৰ আপোনালোক সকলো যুৱক-যুৱতী, মোৰ দেশৰ সকলো পুত্ৰ-কন্যাই MYBharat.Gov.in ত পঞ্জীয়ন কৰি বিভিন্ন কাৰ্যসূচীত নামভৰ্তি কৰক। ৩১ অক্টোবৰতো প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী। লগতে তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি।

মোৰ পৰিয়ালৰ সদস্যসকল, এক ভাৰত– শ্ৰেষ্ঠ ভাৰতৰ অনুভূতি গভীৰ কৰাৰ অন্যতম শ্ৰেষ্ঠ মাধ্যম হৈছে আমাৰ সাহিত্য। তামিলনাডুৰ গৌৰৱময় ঐতিহ্যৰ সৈতে জড়িত দুটা অতি প্ৰেৰণাদায়ক প্ৰচেষ্টা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। বিখ্যাত তামিল সাহিত্যিক ভগ্নী শিৱশংকৰী জীৰ বিষয়ে জানিবলৈ সুযোগ পালো৷ তেওঁ এটা প্ৰজেক্ট কৰিছে – নিট ইণ্ডিয়া, থ্ৰু লিটাৰেচাৰ।ইয়াৰ অৰ্থ হৈছে সাহিত্যৰ জৰিয়তে দেশক এডাল সুতাৰে সংযোগ কৰা। তেওঁ বিগত ১৬ বছৰ ধৰি এই প্ৰকল্পত কাম কৰি আহিছে৷ এই প্ৰকল্পৰ জৰিয়তে তেওঁ ১৮টা ভাৰতীয় ভাষাত লিখা সাহিত্য অনুবাদ কৰিছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰু ইম্ফলৰ পৰা জয়ছালমেৰলৈকে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি বিভিন্ন ৰাজ্যৰ সাহিত্যিক আৰু কবিসকলৰ সাক্ষাৎকাৰ লৈছিল। শিৱশংকৰী জীয়ে বিভিন্ন ঠাই ভ্ৰমণ কৰি ট্ৰেভেল গাইডৰ লগতে সেইবোৰ প্ৰকাশ কৰিছে। ই তামিল আৰু ইংৰাজী দুয়োটা ভাষাতে আছে। এই প্ৰকল্পত চাৰিটা ডাঙৰ খণ্ড আছে আৰু প্ৰতিটো খণ্ড ভাৰতৰ বেলেগ এটা অংশৰ বাবে উৎসৰ্গিত। তেওঁৰ দৃঢ় শক্তিক লৈ গৌৰৱ অনুভৱ কৰিছো।

বন্ধুসকল, কন্যাকুমাৰীৰ থিৰু এ কে পেৰুমাল জীৰ কামো যথেষ্ট প্ৰেৰণাদায়ক। তামিলনাডুৰ গল্প কোৱা পৰম্পৰা ৰক্ষা কৰি তেওঁ প্ৰশংসনীয় কাম কৰিছে। যোৱা ৪০ বছৰ ধৰি তেওঁ এই অভিযানত নিয়োজিত হৈ আছে। ইয়াৰ বাবে তেওঁ তামিলনাডুৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি লোকশিল্প ৰূপে আৱিষ্কাৰ কৰে আৰু সেইবোৰক তেওঁৰ গ্ৰন্থৰ অংশ হিচাপে প্ৰকাশ কৰে৷ তোলে। আপোনালোকে  আচৰিত হ’ব যে এতিয়ালৈকে তেওঁ প্ৰায় ১০০ খন এনে কিতাপ লিখিছে। ইয়াৰ উপৰিও পেৰুমাল জীৰ আন এক আবেগো আছে। তেওঁ তামিলনাডুৰ মন্দিৰ সংস্কৃতিৰ বিষয়ে গৱেষণা কৰি ভাল পায়। চামৰাৰ পুতলাৰ ওপৰতো তেওঁ বহু গৱেষণা কৰিছে, যাৰ ফলত তাত স্থানীয় লোকশিল্পীসকল উপকৃত হৈছে। শিৱশংকৰী জী আৰু এ. কে. পেৰুমাল জীৰ এই প্ৰচেষ্টা সকলোৰে বাবে এক আদৰ্শ। ভাৰতে নিজৰ সংস্কৃতিক ৰক্ষা কৰা এনে প্ৰতিটো প্ৰচেষ্টাক লৈ গৌৰৱ অনুভৱ কৰে, যিয়ে আমাৰ জাতীয় ঐক্যক শক্তিশালী কৰাই নহয় দেশৰ নাম, দেশৰ সন্মান, সকলো বৃদ্ধি কৰে।

মোৰ পৰিয়ালৰ সদস্যসকল, সমগ্ৰ দেশে ১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱস পালন কৰিব। এই বিশেষ দিনটো ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীৰ লগত জড়িত। ভগৱান বীৰছা মুণ্ডা আমাৰ সকলোৰে অন্তৰত আছে৷ প্ৰকৃত সাহস কি আৰু নিজৰ সংকল্পত অটল থকাৰ অৰ্থ কি সেই বিষয়ে আমি তেওঁৰ জীৱনৰ পৰা শিকিব পাৰোঁ। তেওঁ কেতিয়াও বিদেশী শাসন মানি লোৱা নাছিল। তেওঁ এনে এখন সমাজৰ কল্পনা কৰিছিল য’ত অন্যায়ৰ কোনো স্থান নাই। তেওঁ বিচাৰিছিল প্ৰতিজন ব্যক্তিয়ে সন্মান আৰু সমতাৰ জীৱন যাপন কৰক। ভগৱান বীৰছা মুণ্ডাই সদায় প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে জীয়াই থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আজিও আমি দেখিবলৈ পাওঁ যে আমাৰ জনজাতীয় ভাই-ভনীসকল প্ৰকৃতিৰ যত্ন আৰু সংৰক্ষণৰ প্ৰতি সকলো প্ৰকাৰে উৎসৰ্গিত। আমাৰ সকলোৰে বাবে আমাৰ জনজাতীয় ভাই-ভনীসকলৰ এই কাম এক বৃহৎ প্ৰেৰণা।

বন্ধুসকল, কাইলৈ ​​অৰ্থাৎ ৩০ অক্টোবৰত গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। গুজৰাট আৰু ৰাজস্থানৰ আমাৰ জনজাতীয় আৰু বঞ্চিত জনগোষ্ঠীৰ জীৱনত গোবিন্দ গুৰুজীৰ এক অতি বিশেষ তাৎপৰ্য আছে। মই গোবিন্দ গুৰুজীলৈ মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। নৱেম্বৰ মাহত আমি মংগধ হত্যাকাণ্ডৰ বৰ্ষপূৰ্তিও পালন কৰো। সেই হত্যাকাণ্ডত শ্বহীদ হোৱা মা ভাৰতীৰ সকলো সন্তানক প্ৰণাম জনাইছো।

বন্ধুসকল, ভাৰতবৰ্ষত জনজাতীয় যোদ্ধাৰ চহকী ইতিহাস আছে। ভাৰতৰ এই ভূমিতেই মহান তিলকা মাঞ্জীয়ে অন্যায়ৰ বিৰুদ্ধে ৰণশিঙা বজাইছিল। এই ভূমিৰ পৰাই সিধো-কানহুৱে সমতাৰ বাবে মাত মাতিছিল৷ আমি গৌৰৱান্বিত যে যোদ্ধা তন্ত্য ভীলৰ জন্ম আমাৰ এই ভূমিতে হৈছিল৷ জটিল পৰিস্থিতিত নিজৰ মানুহৰ কাষত থিয় দিয়া শ্বহীদ বীৰ নাৰায়ণ সিঙক আমি সম্পূৰ্ণ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। 

বীৰ ৰামজী গণ্ডই হওক, বীৰ গুণ্ডাধুৰেই হওক বা ভীমা নায়কেই হওক, তেওঁলোকৰ সাহসে এতিয়াও আমাক অনুপ্ৰাণিত কৰে। আল্লুৰী সীতাৰাম ৰাজুৱে জনজাতীয় ভাই-ভনীৰ মনত যি মনোভাৱ জগাই তুলিছিল, সেই মনোভাৱ দেশত আজিও মনত আছে। উত্তৰ-পূৰ্বাঞ্চলৰ কিয়াং নোবাং আৰু ৰাণী গাইডিনলিউৰ দৰে স্বাধীনতা সংগ্ৰামীৰ পৰাও আমি বহুত প্ৰেৰণা পাওঁ। জনজাতি সমাজৰ পৰাই দেশে ৰাজমোহিনী দেৱী আৰু ৰাণী কমলাপতিৰ দৰে বীৰাংগনা লাভ কৰিছিল। জনজাতীয় সমাজখনক অনুপ্ৰাণিত কৰা ৰাণী দুৰ্গাৱতী জীৰ ৫০০সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে। আশা কৰোঁ দেশৰ অধিক সংখ্যক যুৱকে নিজৰ অঞ্চলৰ জনজাতীয় ব্যক্তিত্বৰ বিষয়ে জানিব আৰু তেওঁলোকৰ পৰা প্ৰেৰণা ল’ব। দেশৰ আত্মসন্মান আৰু উত্থানক সদায় সৰ্বোচ্চ কৰি ৰখা জনজাতীয় সমাজৰ প্ৰতি দেশবাসী কৃতজ্ঞ।

মোৰ মৰমৰ দেশবাসী, এই উৎসৱৰ বতৰত দেশৰ খেলুৱৈসকলে ক্ৰীড়াৰ পতাকাও উৰুৱাইছে। শেহতীয়াকৈ এছিয়ান গেমছৰ পাছত ভাৰতীয় খেলুৱৈসকলেও পেৰা এছিয়ান গেমছত ব্যাপক সফলতা অৰ্জন কৰিছে। এই খেলসমূহত ১১১টা পদক লাভ কৰি ভাৰতে এক নতুন ইতিহাসৰ সৃষ্টি কৰিছে। পেৰা এছিয়ান গেমছত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জনাইছো।

বন্ধুসকল, বিশেষ অলিম্পিক বিশ্ব গ্ৰীষ্মকালীন ক্ৰীড়াৰ প্ৰতিও আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। এই প্ৰতিযোগিতা বাৰ্লিনত আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাই বৌদ্ধিক অক্ষমতা থকা আমাৰ খেলুৱৈসকলৰ আচৰিত সম্ভাৱনাক উলিয়াই আনে। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে ৭৫টা স্বৰ্ণ পদককে ধৰি ২০০টা পদক লাভ কৰে। ৰোলাৰ স্কেটিঙেই হওক, বীচ্চ ভলীবলেই হওক, ফুটবলেই হওক বা টেনিছেই হওক, সকলোতে ভাৰতীয় খেলুৱৈয়ে পদক লাভ কৰিছিল। এই পদক বিজয়ীসকলৰ জীৱন যাত্ৰা যথেষ্ট প্ৰেৰণাদায়ক হৈ পৰিছে। গলফত স্বৰ্ণ পদক লাভ কৰিছে হাৰিয়ানাৰ ৰণবীৰ ছাইনীয়ে। সৰুৰে পৰা অ’টিজিম ৰোগত আক্ৰান্ত ৰণবীৰৰ বাবে কোনো প্ৰত্যাহ্বানেই গ’ল্ফৰ প্ৰতি থকা আকৰ্ষণ হ্ৰাস কৰিব নোৱাৰিলে। আনকি মাকে কয় যে পৰিয়ালটোৰ সকলোৱে আজি গলফাৰ হৈ পৰিছে। পুডুচেৰীৰ ১৬ বছৰীয়া টি-বিশালে চাৰিটা পদক লাভ কৰে। ভাৰোত্তোলনত ২টা স্বৰ্ণ পদকসহ চাৰিটা পদক লাভ কৰে গোৱাৰ ছিয়া সৰোদে। ৯ বছৰ বয়সত মাকক হেৰুৱাইও তেওঁ নিজকে নিৰুৎসাহিত হ’বলৈ নিদিলে। ছত্তীশগড়ৰ দুৰ্গ নিবাসী অনুৰাগ প্ৰসাদে ভাৰোত্তোলনত তিনিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেনে এক প্ৰেৰণাদায়ক কাহিনী হৈছে ঝাৰখণ্ডৰ ইন্দু প্ৰকাশৰ কাহিনী, যিয়ে চাইক্লিঙত দুটাকৈ পদক লাভ কৰিছে। অতি সহজ-সৰল পৰিয়ালৰ পৰা অহাৰ পিছতো ইন্দুৱে কেতিয়াও দৰিদ্ৰতাক নিজৰ সফলতাৰ সন্মুখত হেঙাৰ হ’বলৈ নিদিলে। এই ক্ৰীড়াসমূহত ভাৰতীয় খেলুৱৈসকলৰ সফলতাই বৌদ্ধিক অক্ষমতাৰ সন্মুখীন হোৱা আন শিশু আৰু পৰিয়ালসমূহকো অনুপ্ৰাণিত কৰিব বুলি মোৰ বিশ্বাস। লগতে আপোনালোক সকলোকে অনুৰোধ জনাও যে আপোনালোকৰ গাঁৱৰ, আপোনালোকৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ এনে শিশু, যিসকলে এই খেলত অংশ লৈছে বা বিজয়ী হৈ আত্মপ্ৰকাশ কৰিছে, তেওঁলোকৰ ওচৰলৈ পৰিয়ালৰ সৈতে যাওক। তেওঁলোকক অভিনন্দন জনাওক। আৰু সেই ল’ৰা-ছোৱালীবোৰৰ লগত কিছু মুহূৰ্ত কটাওক। আপোনালোকে নতুন অভিজ্ঞতা লাভ কৰিব। ঈশ্বৰে তেওঁক ইমান শক্তিৰে ভৰাই দিছে যে আপোনালোকেও তেওঁক চোৱাৰ সুযোগ পাব। নিশ্চয় যাব।

মোৰ পৰিয়ালৰ সদস্যসকল, গুজৰাটৰ তীৰ্থস্থান অম্বাজী মন্দিৰৰ কথা আপোনালোক সকলোৱে নিশ্চয় শুনিছে। এইটো এটা গুৰুত্বপূৰ্ণ শক্তিপীঠ, য'ত ভাৰত আৰু বিদেশৰ পৰা বৃহৎ সংখ্যক ভক্তই মা অম্বাৰ দৰ্শন কৰিবলৈ আহে। ইয়াত গব্বৰ পৰ্বতলৈ যোৱাৰ পথত আপোনালোকে বিভিন্ন ধৰণৰ যোগাসনৰ ভংগীমা আৰু আসনৰ মূৰ্তি দেখিব। এই প্ৰতিমূৰ্তিবোৰৰ বিশেষত্ব কি জানেনে? আচলতে এইবোৰ স্ক্ৰেপৰ পৰা নিৰ্মিত ভাস্কৰ্য্য, এক প্ৰকাৰে জাংকৰ পৰা নিৰ্মিত আৰু যিবোৰ অতি আচৰিত। অৰ্থাৎ এই মূৰ্তিবোৰ পুৰণি বস্তুৰ পৰা তৈয়াৰ কৰা হৈছে যিবোৰ ব্যৱহাৰ কৰি জাংকত পেলাই দিয়া হৈছিল। অম্বাজী শক্তি পীঠত মাতৃ দেৱীৰ দৰ্শনৰ সমান্তৰালকৈ এই প্ৰতিমূৰ্তিসমূহো ভক্তসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই প্ৰচেষ্টাৰ সফলতা দেখি এটা পৰামৰ্শও মোৰ মনলৈ আহিছে। আমাৰ দেশত আৱৰ্জনাৰে এনে শিল্পকৰ্ম তৈয়াৰ কৰিব পৰা বহু লোক আছে। গতিকে গুজৰাট চৰকাৰক অনুৰোধ জনাইছো যে এখন প্ৰতিযোগিতা আৰম্ভ কৰি এনে লোকক নিমন্ত্ৰণ জনাওক। এই প্ৰচেষ্টাই গব্বৰ পৰ্বতৰ আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে সমগ্ৰ দেশতে ‘আৱৰ্জনা সম্পদলৈ ৰূপান্তৰ’ অভিযানৰ বাবেও জনসাধাৰণক অনুপ্ৰাণিত কৰিব।

বন্ধুসকল, যেতিয়াই স্বচ্ছ ভাৰত আৰু ‘আৱৰ্জনাৰ পৰা সম্পদলৈ ৰূপান্তৰ’ৰ কথা আহে, তেতিয়াই আমি দেশৰ চুকে-কোণৰ ​​পৰা অগণন উদাহৰণ দেখিবলৈ পাওঁ। অসমৰ কামৰূপ মহানগৰ জিলাৰ অক্ষৰ ফ’ৰাম নামৰ এখন বিদ্যালয়ে শিশুৰ মাজত সংস্কাৰ আৰু শিশুৰ বহনক্ষম উন্নয়নৰ মূল্যবোধৰ বীজ সিঁচাৰ কাম নিৰন্তৰ কৰি আছে। ইয়াত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি সপ্তাহত প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰে, যিটো ইটা আৰু চাবিৰ শিকলিৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰীসকলক পুনৰ ব্যৱহাৰ আৰু প্লাষ্টিকৰ আৱৰ্জনাৰে সামগ্ৰী নিৰ্মাণ কৰিবলৈও শিকোৱা হয়। কম বয়সতে পৰিৱেশৰ প্ৰতি এই সজাগতাই এই শিশুসকলক দেশৰ কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে গঢ়ি তোলাত বহুখিনি সহায় কৰিব।

মোৰ পৰিয়ালৰ সদস্যসকল, আজি জীৱনৰ এনে কোনো ক্ষেত্ৰ নাই য’ত আমি নাৰী শক্তিৰ শক্তিক দেখা নাই। এই যুগত যেতিয়া তেওঁৰ এই কৃতিত্বৰ শলাগ লৈছে সকলোতে, ভক্তি শক্তি প্ৰদৰ্শন কৰা এগৰাকী সন্ত নাৰীক আমি স্মৰণ কৰিব লাগিব, যাৰ নাম ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। এইবাৰ দেশত মহান সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে। বহু কাৰণত সমগ্ৰ দেশৰ মানুহৰ বাবে প্ৰেৰণাদায়ক শক্তি হিচাপে পৰিগণিত হৈছে৷ যদি কোনোবাই সংগীতৰ প্ৰতি আগ্ৰহী, তেন্তে সংগীতৰ প্ৰতি সমৰ্পণৰ এক মহান নিদৰ্শন দি গৈছে, যদি কোনোবা কবিতাপ্ৰেমী, তেন্তে ভক্তিত নিমগ্ন মীৰাবাইৰ ভজনবোৰে তেওঁক এক বেলেগ আনন্দ দিয়ে, যদি কোনোবাই ঐশ্বৰিক শক্তিত বিশ্বাস কৰে, তেন্তে মিৰাবাইৰ শ্ৰীকৃষ্ণত মগ্ন হোৱাটো তেওঁৰ বাবে এক বৃহৎ প্ৰেৰণা হ’ব পাৰে। মীৰাবাইয়ে সন্ত ৰবিদাসক নিজৰ গুৰু বুলি গণ্য কৰিছিল। তেওঁ কৈছিল-

গুৰু মিলিয়া ৰাইদাস, দিনহি জ্ঞান কি গুটকি।

মীৰাবাই আজিও দেশৰ মাতৃ, ভগ্নী, কন্যা সন্তানৰ বাবে প্ৰেৰণাৰ উৎস। সেই সময়ছোৱাতো তেওঁ হৃদয়ৰ কণ্ঠ শুনি ৰক্ষণশীল বিশ্বাসৰ বিৰুদ্ধে থিয় দিছিল। সন্ত হিচাপেও তেওঁ আমাৰ সকলোকে অনুপ্ৰাণিত কৰে। দেশত বহু ধৰণৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতীয় সমাজ আৰু সংস্কৃতিক শক্তিশালী কৰাৰ বাবে আগবাঢ়ি আহিছিল। সৰলতাত কিমান শক্তি আছে আমি মীৰাবাইৰ জীৱনকালৰ পৰাই জানিব পাৰোঁ৷ মই সন্ত মীৰাবাইক প্ৰণাম জনাইছো৷

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, এইবাৰ 'মন কী বাত' ইমানেই? আপোনালোকৰ লগত হোৱা প্ৰতিটো যোগাযোগে মোক নতুন শক্তিৰে ভৰাই তোলে। আশা আৰু ইতিবাচকতাৰ সৈতে জড়িত শ শ কাহিনীয়ে আপোনালোকৰ বাৰ্তা মোৰ ওচৰলৈ আহি থাকে। আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ওপৰত গুৰুত্ব দিবলৈ পুনৰ আহ্বান জনালোঁ। স্থানীয় লোকেৰ উৎপাদিত সামগ্ৰী কিনিব, ভোকেল ফৰ লোকেলক গুৰুত্ব দিয়ক। আপোনালোকে যেনেকৈ ঘৰবোৰ পৰিষ্কাৰ কৰি ৰাখে, আপোনালোকৰ স্থানীয় আৰু চহৰখন পৰিষ্কাৰ কৰি ৰাখক আৰু আপোনালোকে জানে, ৩১ অক্টোবৰত চৰ্দাৰ চাহাবৰ জন্ম বাৰ্ষিকীত দেশে ইয়াক একতা দিৱস হিচাপে পালন কৰে, দেশৰ বহু ঠাইত একতাৰ বাবে দৌৰৰ আয়োজন কৰা হয়, আপোনালোকেও ৩১ অক্টোবৰত একতাৰ বাবে দৌৰ কাৰ্যসূচী আয়োজন কৰিব। আপোনালোকেও ব্যাপক হাৰত যোগদান কৰি ঐক্যৰ সংকল্প শক্তিশালী কৰে। পুনৰবাৰ আগন্তুক উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে পৰিয়ালৰ সৈতে এই উৎসৱ উদযাপন কৰক, সুস্থ আৰু সুখী হৈ থাকক এয়ে মোৰ কামনা। এইটো ঠিক দীপাৱলীৰ সময়ত এনে ভুল কৰিব নালাগে যাতে জুইৰ পৰা যিকোনো ঘটনা সংঘটিত হ’ব পাৰে। যদি কাৰোবাৰ জীৱন বিপদত পৰে, তেন্তে আপোনালোকে নিজৰ যত্ন ল’ব লাগিব আৰু লগতে সমগ্ৰ অঞ্চলটোৰ যত্ন ল’ব লাগিব। সকলোকে বহুত শুভচ্ছা জনালো। 

আপোনালোক সকলোকে অশেষ ধন্যবাদ৷

*********

DS/VK/DB/BM



(Release ID: 1972812) Visitor Counter : 112