সাংস্কৃতিক মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'আজাদী কা অমৃত মহোৎসৱ'ৰ "মেৰী মাটি মেৰা দেশ"ৰ সামৰণি অনুষ্ঠানত বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব

৩১ অক্টোবৰত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮,০০০ তকৈও অধিক অমৃত কলহৰ সৈতে ২০,০০০ তকৈও অধিক প্ৰতিনিধি নতুন দিল্লীত উপস্থিত হ'ব

Posted On: 27 OCT 2023 5:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত বিজয় চক/ কৰ্তব্য পথত 'মেৰী মাটি মেৰা দেশ' অভিযানৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠান 'মেৰী মাটি মেৰা দেশ' অভিযানৰ অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানৰূপে আয়োজন কৰা হ'ব য'ত ৭৬৬খন জিলাৰ ৭০০০ খণ্ডৰ পৰা অহা অমৃত কলহ যাত্ৰীসকল উপস্থিত থাকিব।এই অনুষ্ঠানটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০২১ চনৰ ১২ মাৰ্চত আৰম্ভ কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ দুবছৰীয়া অভিযানৰ সমাপ্তি ৰূপেও পৰিগণিত হ'ব। উল্লেখ্য যে, 'আজাদী কা অমৃত মহোৎসৱ'ৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে জনসাধাৰণৰ অংশগ্ৰহণেৰে দুই লাখতকৈও অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

 

অনুষ্ঠানত স্বতন্ত্ৰ সংস্থা মেৰা যুৱ ভাৰত (মাই ভাৰত)ৰ শুভাৰম্ভ কৰা হ'ব যিয়ে যুৱ নেতৃত্বৰ উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্ব আৰোপ কৰাত সহায় কৰিব আৰু নৱপ্ৰজন্মক উন্নয়নৰ "সক্ৰিয় কৰ্মী" কৰি তুলিব। এই  সংস্থাৰ উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক সামূহিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ নিৰ্মাতা হ’বলৈ অনুপ্ৰাণিত কৰা যাতে তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব পাৰে।

৩০ আৰু ৩১ অক্টোবৰত কৰ্তব্য পথ/বিজয় চকত অনুষ্ঠিত 'মেৰী মাটি মেৰা দেশ'ৰ দুদিনীয়া সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০,০০০ তকৈও অধিক অমৃত কলহ যাত্ৰীয়ে বিশেষভাৱে সমৰ্পিত ৰে'ল, বাছ আৰু স্থানীয় পৰিবহণৰ জৰিয়তে ৰাজধানী নতুন দিল্লীত উপস্থিত হ'ব।  গুৰগাঁৱৰ ধনশিৰি শিবিৰ আৰু দিল্লীৰ ৰাধা স্বামী সৎসঙ্গ ব্যাস শিবিৰত অমৃত কলহ যাত্ৰীসকল থকাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। 

 

৩০ অক্টোবৰত, সকলো ৰাজ্যই তেওঁলোকৰ নিজ নিজ খণ্ড আৰু নগৰৰ স্থানীয় সংস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মনোভাৱেৰে নিজ নিজ কলহৰ মাটি এক বিশাল অমৃত কলহত সংগ্ৰহ কৰিব।  অমৃত কলহত মাটি সংগ্ৰহ কৰা অনুষ্ঠানৰ সময়ত প্ৰতিখন ৰাজ্যৰ জনপ্ৰিয় কলা প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠান পুৱা ১০.৩০ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়ালৈকে চলিব।

 

৩১ অক্টোবৰত, দুপৰীয়া ১২ বজাৰ পৰা দুপৰীয়া ২ বজালৈ সাংস্কৃতিক প্ৰদৰ্শনৰ সৈতে এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব। আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰি অমৃত কলহ যাত্ৰী আৰু দেশবাসীক সম্বোধন কৰিব।

 

মেৰী মাটি, মোৰ দেশ অভিযান

 

দুবছৰ ধৰি চলা আজাদী কা অমৃত মহোৎসৱৰ সমাপ্তি হিচাপে আয়োজন কৰা, "মেৰী মাটি, মেৰা দেশ -মাটি কো নমন, বীৰো কা বন্দন"; - ভাৰতৰ মাটি আৰু বীৰত্বৰ এক সংহত উদযাপন। এই কাৰ্যসূচীত দেশৰ ৭৬৬ খন জিলাৰ ৭০০০ তকৈও অধিক খণ্ডত জনসাধাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণ দেখা গৈছে। সামৰণি অনুষ্ঠানৰ বাবে ২৯ অক্টোবৰত ৮৫০০ তকৈও অধিক কলহ দিল্লীত উপস্থিত হ'ব। মেৰী মাটি মেৰা দেশ অভিযান দুটা পৰ্যায়ত উদযাপন কৰা হৈছিল। প্ৰথম পৰ্যায়ত, স্বাধীনতা সংগ্ৰামী আৰু সুৰক্ষা বাহিনীৰ বাবে স্মাৰক তৈয়াৰ কৰা হৈছিল। তদুপৰি, 'পঞ্চপণ প্ৰতিজ্ঞা, বসুধা বন্দন আৰু বীৰো কা বন্দন'ৰ কাৰ্যসূচীৰ জৰিয়তে বীৰসকলৰ ত্যাগক সন্মান জনোৱা হৈছিল।

ইয়াৰ প্ৰথম পৰ্যায়ত, এই অভিযানে এক বৃহৎ সফলতা লাভ কৰে, য'ত ৩৬ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলত  ২.৩৩ লাখতকৈও অধিক স্মাৰক নিৰ্মাণ , প্ৰায় ৪ কোটি পঞ্চপণ প্ৰতিজ্ঞা চেলফি আপলোড কৰা হয় আৰু সমগ্ৰ দেশত ২ লাখৰো অধিক বীৰ বন্দনা কাৰ্যসূচী আয়োজন কৰা হয়। ইয়াৰ উপৰিও, বসুধা বন্দনা বিষয়বস্তুৰ অধীনত ২.৩৬ কোটিতকৈও অধিক থলুৱা গছপুলি ৰোপণ কৰাৰ লগতে আৰু ২.৬৩ লাখ অমৃত বাটিকা স্থাপন কৰা হয়।

 

'মেৰী মাটি মেৰা দেশ'ৰ দ্বিতীয় পৰ্যায়ত, অমৃত কলহ যাত্ৰাক দেশৰ প্ৰতিটো পৰিয়ালৰ কাষলৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। সমগ্ৰ ভাৰতৰ গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ ৱাৰ্ডৰ ৬ লাখতকৈও অধিক গাঁৱৰ পৰা মাটি আৰু চাউল সংগ্ৰহ কৰা হৈছিল। প্ৰতিখন গাঁৱৰ পৰা সংগ্ৰহ কৰা মাটি খণ্ড পৰ্যায়ত মিহলি কৰা হৈছিল আৰু তাৰ পিছত ৰাজ্যৰ ৰাজধানীলৈ অনা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াক হাজাৰ হাজাৰ অমৃত কলহ যাত্ৰীৰ সৈতে আনুষ্ঠানিকভাৱে দেশৰ ৰাজধানীলৈ পঠিওৱা হয়।

 

 

 

BY/SKT



(Release ID: 1972234) Visitor Counter : 80