প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভৰ বাবে শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 OCT 2023 7:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পি১ - পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে শ্বুটাৰ মনীষ নাৰৱালক অভিনন্দন জ্ঞাপন কৰে।

লগতে, নাৰৱালক তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে শলাগ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"পি১ - পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ ইভেন্টত ব্ৰঞ্জৰ পদক লাভৰ বাবে মনীষ নাৰৱালক আন্তৰিক অভিনন্দন জনালোঁ। এই উল্লেখযোগ্য কৃতিত্বই তেওঁৰ অবিশ্বাস্য দক্ষতা আৰু দৃঢ়তাক প্ৰদৰ্শন কৰিছে।"

***

DS/RT/SB
 


(रिलीज़ आईडी: 1971426) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam