প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি৬৪ ইভেণ্টত প্ৰবীণ কুমাৰৰ স্বৰ্ণজয়, প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 23 OCT 2023 6:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি ৬৪ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰবীণ কুমাৰক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -

‘এছিয়ান পেৰা গেমছত পুৰুষৰ হাই জাম্প টি৬৪ ইভেণ্টত প্ৰবীণ কুমাৰৰ অসাধাৰণ প্ৰদৰ্শনত আপ্লুত হৈছো। তেওঁ এই প্ৰদৰ্শনেৰে স্বৰ্ণপদক জয় কৰাত অতি আনন্দিত। এই সফলতা তেওঁৰ অদম্য দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। তেওঁ আৰু অধিক সাফল্যৰে গৰিমামণ্ডিত হওক আৰু তেওঁৰ কৃতিত্বৰে আন বহুতকে অনুপ্ৰাণিত কৰক!”

******

DS/ST


(ৰিলিজ আই ডি : 1971409) অতিথি কক্ষ : 127