প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী ভৈৰন সিং শ্বেখাৱটক তেওঁৰ জন্ম শতবৰ্ষ উপলক্ষে শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 23 OCT 2023 1:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী ভৈৰণ সিং শ্বেখাৱতৰ জন্ম শতবৰ্ষ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভৈৰণ সিং জীয়ে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু সংসদীয় বিতৰ্ক আৰু আলোচনাৰ মানদণ্ডক আগুৱাই নিয়াৰ বাবে তেওঁৰ কাৰ্যকাল স্মৰণীয় হৈ ৰ’ব। প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ ভাৱ বিনিময়ৰ কিছু আভাস শ্বেয়াৰ কৰে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আজি এটা অতি বিশেষ দিন-আজি সন্মানীয় ৰাষ্ট্ৰনেতা শ্ৰী ভৈৰণ সিং শ্বেখাৱট জীৰ ১০০সংখ্যক জন্ম বাৰ্ষিকী। আমাৰ দেশৰ প্ৰগতিৰ দিশত তেওঁৰ আদৰ্শ নেতৃত্ব আৰু প্ৰচেষ্টাৰ বাবে ভাৰত তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব। তেওঁ বৰ্ণিল ৰাজনৈতিক ক্ষেত্ৰত সকলো স্থানত আৰু সকলো শ্ৰেণীৰ লোকে ভাল পোৱা এজন ব্যক্তি আছিল৷

মই লগতে তেওঁৰ সৈতে কৰা বাৰ্তালাপৰ কিয়দাংশ শ্বেয়াৰ কৰিলো৷

ভৈৰণ সিং জী এগৰাকী দূৰদৰ্শী নেতা আৰু দক্ষ প্ৰশাসক আছিল। তেওঁ এগৰাকী পাৰদৰ্শী মুখ্যমন্ত্ৰী হিচাপে নিজকে বিশিষ্ট কৰি ৰাখিলে, ৰাজস্থানক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ গ’ল। যিটো কথা বিশেষভাৱে চৰ্চিত হৈছিল, সেয়া আছিল ৰাজস্থানৰ দৰিদ্ৰ, কৃষক, যুৱক-যুৱতী আৰু মহিলাসকলৰ জীৱনৰ উন্নত মানদণ্ড নিশ্চিত কৰাৰ ওপৰত তেওঁ দিয়া গুৰুত্ব। তেওঁ গ্ৰামোন্নয়নৰ বাবে অসংখ্য ব্যৱস্থাৰ সূচনা কৰিছিল।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে ভৈৰণ সিং জীয়ে আমাৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংসদীয় বিতৰ্ক আৰু আলোচনাৰ মানদণ্ডক আগুৱাই নিয়াৰ বাবে তেওঁৰ কাৰ্যকাল স্মৰণীয় হৈ ৰ’ব। তেওঁৰ বুদ্ধিমত্তা আৰু হাস্যৰসকো অতি আনন্দৰে স্মৰণ কৰিলোঁ।

ভৈৰণ সিং জীৰ লগত মত বিনিময় কৰাৰ অগণন স্মৃতি মোৰ আছে। ১৯৯০ চনৰ আৰম্ভণিতে একতা যাত্ৰাৰ সময়ত যেতিয়া মই দলৰ সাংগঠনিক দিশৰ বাবে কাম কৰি আছিলো, তেতিয়া তেওঁক লগ পাইছিলো। যেতিয়াই তেওঁক লগ পাইছিলোঁ, জল সংৰক্ষণ, দৰিদ্ৰতা নিৰ্মূল আৰু বহুতো দিশৰ বিষয়ে জানিছিলোঁ।

২০০১ চনত মই গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু এবছৰৰ পিছত ভৈৰণ সিং জী ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হয়। সেই বছৰবোৰত তেওঁৰ অহৰহ সহায় লাভ কৰাৰ সৌভাগ্য হৈছিল। ২০০৫ চনৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত তেওঁ উপস্থিত আছিল আৰু সেই সময়ত তেওঁ গুজৰাটত আমি কৰি থকা কামৰ প্ৰশংসা কৰিছিল।

আনকি তেওঁ মোৰ ৰচিত ‘আঁখ আ ধন্য ছে’ শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰিছিল। সেই অনুষ্ঠানৰ এখন ছবি আগবঢ়ালোঁ।

আজি আমি আমাৰ দেশৰ বাবে ভৈৰণ সিং জীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ লগতে প্ৰতিজন ভাৰতীয়ই যাতে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ লগতে ভাৰতৰ বিকাশ উজ্জ্বল আৰু সমৃদ্ধ কৰাৰ অসংখ্য সুযোগ লাভ কৰে তাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰিলো৷”

***

DS/TS



(Release ID: 1970355) Visitor Counter : 66