গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এইটো আধ্যাত্মিক দিশৰ পৰাই গুৰুত্বপূৰ্ণ বিষয় যে ১৯৪৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই বছৰ কাশ্মীৰৰ ঐতিহাসিক শাৰদা মন্দিৰত নৱৰাত্ৰি পূজা অনুষ্ঠিত হৈছে

এই বছৰ, ইয়াত চৈত্ৰ নৱৰাত্ৰি উপলক্ষেও উপাসনা কৰা হৈছে আৰু এতিয়া শাৰদীয় নৱৰাত্ৰি উপলক্ষে মন্দিৰত উপাসনা মন্ত্ৰ প্ৰতিধ্বনিত হৈছে

গৃহমন্ত্ৰীয়ে কয় যে পুনৰুজ্জীৱিত হোৱাৰ পিছত, ২৩ মাৰ্চ, ২০২৩ তাৰিখে, তেওঁ এই মন্দিৰটো পুনৰ মুকলি কৰা সৌভাগ্য লাভ কৰিছিল

ই কেৱল অঞ্চলটোলৈ শান্তি ঘূৰাই অনাই নহয়, বৰং, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰদীপ পুনৰ প্ৰদৰ্শন কৰাটোও চিহ্নিত কৰে

Posted On: 16 OCT 2023 4:00PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এইটো আধ্যাত্মিক দিশৰ পৰাই গুৰুত্বপূৰ্ণ বিষয় যে ১৯৪৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই বছৰ কাশ্মীৰৰ ঐতিহাসিক শাৰদা মন্দিৰত নৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। X ত তেওঁ এটা পোষ্টযোগে লিখিছে যে এই বছৰ চৈত্ৰ নৱৰাত্ৰি উপলক্ষে ইয়াত পূজাও কৰা হৈছিল আৰু এতিয়া এই মন্দিৰত শাৰদীয় নৱৰাত্ৰি উপলক্ষেও উপাসনা মন্ত্ৰ শুনিবলৈ পোৱা গৈছেশ্ৰী অমিত শ্বাহে লগতে লিখিছে যে পুনৰুজ্জীৱিত হোৱাৰ পিছত ২০২৩ চনৰ ২৩ মাৰ্চত এই মন্দিৰটো পুনৰ মুকলি কৰাৰ সৌভাগ্য তেওঁ লাভ কৰিছিল। ই কেৱল অঞ্চলটোলৈ শান্তি ঘূৰাই অনাই নহয়, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰদীপ পুনৰ প্ৰদৰ্শন কৰাটোও চিহ্নিত কৰে বুলিও তেওঁ লিখিছে

*****



(Release ID: 1968311) Visitor Counter : 98