প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছাত্ৰপতি সম্ভাজিনগৰত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা

Posted On: 15 OCT 2023 9:31AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। লগতে এই দুৰ্ঘটনাত আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ৫০ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ঘোষণা কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি লিখিছে;

“ছত্ৰপতি সম্ভাজিনগৰ জিলাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণহানি হোৱাৰ বিষয়ে জানিব পাৰি মনোকষ্ট পাইছো। আপোনজনক হেৰুৱাই পেলোৱা সকললৈ মোৰ গভীৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ৫০ লাখ টকাৰ এককালীন সাহায্যও ঘোষণা কৰিছো। ইয়াৰ অধীনত ২ লাখ টকাকৈ প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হেজাৰ টকাকৈ দিয়া হ’ব। -  প্ৰধানমন্ত্ৰী @narendramodi”

*****

DS/SK



(Release ID: 1968269) Visitor Counter : 84