গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি তেওঁৰ লোকসভা সমষ্টি গান্ধীনগৰৰ অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক গেমিং জ’নলৈ লৈ যায়

এজন সাংসদ হিচাপে মোৰ লোকসভা সমষ্টিৰ অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে ধনী পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পোৱা সকলো সা-সুবিধা আৰু সুখ লাভ কৰে, সেয়া মোৰ প্ৰয়াস

ইয়াৰ বাবে তেওঁলোকৰ মাজত খেলৰ সামগ্ৰী বিতৰণৰ লগতে তেওঁলোকক ভাল শিক্ষা, পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে গেমিং জ’নলৈ লৈ গৈ মনোৰঞ্জন দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে

শিশুসকলৰ সুখ, আনন্দ আৰু উৎসাহ দেখি মই অত্যন্ত আপ্লুত হৈ পৰিছো

Posted On: 14 OCT 2023 5:18PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি তেওঁৰ লোকসভা সমষ্টি গান্ধীনগৰৰ অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক গেমিং জ’নলৈ লৈ যায়। ‘এক্স’ত দিয়া এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় “আজি মোৰ লোকসভা সমষ্টিৰ অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক গেমিং জ’নলৈ লৈ যোৱা হয়। ল’ৰা-ছোৱালীবোৰে নিজৰ প্ৰিয় খেল খেলি খুৱ আনন্দ অনুভৱ কৰিছে।”

মন্ত্ৰীগৰাকীয়ে কয়, এজন সাংসদ হিচাপে মোৰ লোকসভা সমষ্টিৰ অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলে যাতে ধনী পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে পোৱা সকলো সা-সুবিধা আৰু সুখ লাভ কৰে, সেয়া মোৰ প্ৰয়াস। ইয়াৰ বাবে তেওঁলোকৰ মাজত খেলৰ সামগ্ৰী বিতৰণৰ লগতে তেওঁলোকক ভাল শিক্ষা, পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লগতে গেমিং জ’নলৈ লৈ গৈ মনোৰঞ্জন দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। শিশুসকলৰ এই সুখ আৰু উৎসাহ দেখি মই অত্যন্ত আপ্লুত হৈ পৰিছো।

*****



(Release ID: 1967950) Visitor Counter : 78