প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৩ অক্টোবৰত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 OCT 2023 11:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৩ অক্টোবৰৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ যশোভূমিত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত ভাৰতৰ সংসদে এই সন্মিলনৰ আয়োজন কৰিছে।

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিষয়বস্তুৰে সংগতি ৰাখি ৯ম পি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে “এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ।” ইয়াত জি-২০ৰ সদস্য আৰু আমন্ত্ৰিত দেশসমূহৰ সংসদৰ অধ্যক্ষসকলে অংশগ্ৰহণ কৰিব। ২০২৩ৰ ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত নতুন দিল্লী জি-২০ নেতা সন্মিলনত আফ্ৰিকান ইউনিয়ন জি-২০ৰ সদস্য হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব আফ্ৰিকাৰ সকলো সংসদ তথা ইয়াৰ অধ্যক্ষসকলে।

এই পি-২০ সন্মিলনত অনুষ্ঠিতব্য বিষয়ভিত্তিক অধিবেশনসমূহত চাৰিটা বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব, যথাঃ ৰাজহুৱা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণৰ জীৱন-যাত্ৰাৰ পৰিৱৰ্তন সাধন; মহিলা-নেতৃত্বাধীন উন্নয়ন; এছডিজিসমূহক ত্বৰান্বিতকৰণ আৰু বহনক্ষম শক্তি পৰিৱৰ্তন।

প্ৰকৃতিৰে সামঞ্জস্যপূৰ্ণভাৱে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সন্দৰ্ভত আলোচনা কৰিবলৈ, এই সন্মিলনৰ পূৰ্বে ২০২৩ৰ ১২ অক্টোবৰত লাইফ (LiFE-Lifestyle for Environment) বিষয়ক এখনি সংসদীয় ফৰামো অনুষ্ঠিত হ’ব।

 

***

SB/BM



(Release ID: 1966945) Visitor Counter : 90