ভাৰতীয় নিৰ্বাচন আয়োগ
ছত্তিশগড়, মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানা বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০২৩
Posted On:
09 OCT 2023 3:23PM by PIB Guwahati
আয়োগে জলবায়ুৰ পৰিস্থিতি, শৈক্ষিক দিনপঞ্জী, ব'ৰ্ডসমূহৰ পৰীক্ষা, প্ৰধান উৎসৱসমূহ, ৰাজ্যসমূহৰ প্ৰচলিত আইন-শৃংখলা পৰিস্থিতি, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপলব্ধতা, যাতায়াতৰ বাবে প্ৰয়োজনীয় সময়, পৰিবহন আৰু সময়মতে বাহিনী মোতায়েন কৰা আৰু অন্যান্য প্ৰাসঙ্গিক দিশসমূহৰ গভীৰ মূল্যায়নৰ অন্তত ছত্তীশগড়, মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানা বিধান সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়সূচী যুগুতাই উলিয়াইছে।
আয়োগে সকলো প্ৰাসংগিক দিশ বিবেচনা কৰাৰ পিছত ছত্তীশগড়, মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানা ৰাজ্যৰ মাননীয় ৰাজ্যপালসকলক ‘জনপ্ৰতিনিধিত্ব আইন, ১৯৫১’-ৰ প্ৰাসঙ্গিক বিধানৰ অধীনত সাধাৰণ নিৰ্বাচনৰ বাবে জাননী জাৰী কৰিবলৈ পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে।
Click here for details, please 1
Click here for details, please 2
******
RP/KB
(Release ID: 1966014)
Visitor Counter : 95