প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ৬২ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্ল যুঁজ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সোনম মালিকক অভিনন্দন জনায়

পোষ্ট কৰা হৈছে: 06 OCT 2023 6:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এছিয়ান গে’মছ’ত অনুষ্ঠিত মহিলাৰ ‘৬২ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্ল যুঁজ প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সোনম মালিকক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;

"মহিলাৰ ‘৬২ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্ল যুঁজ প্ৰতিযোগিতা’ত তেওঁৰ অসামান্য প্ৰদৰ্শনেৰে ব্ৰঞ্জ পদক অৰ্জন কৰাৰ বাবে @OLYSonam-ক অভিনন্দন জনাইছোঁ! তেওঁৰ অতুলনীয় উৎসাহ, আবেগ আৰু সংকল্পৰ দ্বাৰা চিহ্নিত এয়া এক উল্লেখনীয় জয়। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে মই শুভেচ্ছা জনাইছোঁ।"

 

***

KB/BM


(ৰিলিজ আই ডি : 1965651) অতিথি কক্ষ : 148