প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত স্বৰ্ণ জয় কৰাৰ বাবে পুৰুষ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 OCT 2023 10:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰাৰ বাবে পুৰুষ হকী দলটোক অভিনন্দন জ্ঞাপন কৰে।

 

তেওঁ দলটোৰ অটল অংগীকাৰ, আবেগ আৰু সমন্বয়ক প্ৰশংসা কৰে আৰু তেওঁলোকৰ ভৱিষ্যত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে এইদৰেঃ 

"এছিয়ান গেমছত আমাৰ পুৰুষ হকী দলটোৰ এক আনন্দদায়ক সোণৰ পদক জয়! এই চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে দলটোক অভিনন্দন। এই দলটোৰ অটল অংগীকাৰ, আবেগ আৰু সমন্বয়ে কেৱল খেলখনেই নহয়, অগণন ভাৰতীয়ৰ হৃদয়ো জিন‌িছে। এই বিজয় তেওঁলোকৰ উদ্দীপনাৰ প্ৰমাণ। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা।" 

*********** 

 

DS/RT/KG


(रिलीज़ आईडी: 1965625) आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam