খনি মন্ত্ৰালয়

খনি মন্ত্ৰালয়ে ‘বিশেষ অভিযান ৩.০’-ৰ অধীনত ৩৪১ টা পৰিচ্ছন্নতা কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে

Posted On: 06 OCT 2023 10:17AM by PIB Guwahati

খনি মন্ত্ৰালয়ে ইয়াৰ ‘চিপিএছই’সমূহৰ লগতে ইয়াৰ ক্ষেত্ৰসমূহত থকা পৰিকাঠামোসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি আৰু চৰকাৰী কাৰ্যালয়ত কৰ্মস্থানৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে ‘বিশেষ অভিযান ৩.০’ ৰূপায়ণৰ ব্যৱস্থা কৰিছে। খনি মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে ৩০ ছেপ্টেম্বৰত সকলো ক্ষেত্ৰ কাৰ্যালয়ৰ সৈতে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হোৱা বৈঠকত ‘বিশেষ অভিযান ৩.০’-ৰ ৰূপায়ণ সম্পৰ্কীয় পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। বিভিন্ন শ্ৰেণীৰ অধীনত লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা হৈছে আৰু পৰিষ্কাৰকৰণৰ দিহা কৰিবলগীয়া স্থানসমূহ চিনাক্ত কৰা হৈছে। অভিযানৰ সময়ছোৱাত কাৰ্যালয়সমূহত তথ্য ব্যৱস্থাপনা আৰু কৰ্মস্থানৰ পৰিসৰ বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। খনি মন্ত্ৰালয় আৰু অন্যান্য গোটবোৰে ‘বিশেষ অভিযান ৩.০’-ৰ অধীনত ৩৪১টা পৰিচ্ছন্নতা অভিযান/কাৰ্যকলাপ চিনাক্ত কৰিছে।

 

ইয়াৰ অধীনত মন্ত্ৰালয় আৰু সংগঠনসমূহে অভিযানৰৰ আঠটা শিতানৰ উপৰিও আৰু কেতবোৰ কাৰ্যকলাপক ‘সৰ্বশ্ৰেষ্ঠ অনুশীলন’ হিচাপে হাতত লৈছে। ‘পৰিৱেশক ঘূৰাই দিয়া’-প্ৰসংগক বিষয়বস্তু হিচাপে গ্ৰহণ কৰি মন্ত্ৰালয়টোৱে এই অভিযানৰ অধীনত কেতবোৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

‘বিশেষ অভিযান ৩.০’-ৰ সময়ছোৱাত, খনি মন্ত্ৰালয়ে ‘শাস্ত্ৰী ভৱন’ৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু ক’ৰিডৰকে ধৰি কাৰ্যালয় চৌহদসমূহ পুনৰ সজ্জিত কৰাৰ কামো হাতত লৈছে। শক্তি ৰাহি কৰাৰ ব্যৱস্থা হিচাপে খনি মন্ত্ৰালয়ৰ সকলো কাৰ্যালয়ৰ পৰা পুৰণি ‘হট কেচ’বোৰ আঁতৰোৱাৰ দিহা কৰা হৈছে। বিভিন্ন প্ৰচাৰ সংক্ৰান্তীয় পোষ্টাৰসমূহ প্ৰদৰ্শন কৰিবলৈ ব্যৱহৃত ‘ষ্টেণ্ড আৰু ফ্লেক্স’বোৰ আঁতৰাই ইয়াৰ ঠাইত ‘ডিজিটেল স্ক্ৰীণ’ৰ ব্যৱস্থা কৰা হৈছে।

‘ভাৰতীয় ভূতাত্ত্বিক জৰীপ’ (জিএছআই)য়ে দেশজুৰি ১৫ খন ‘ভূ-ঐতিহ্য’ ক্ষেত্ৰসমূহত বিভিন্ন কাৰ্যসূচী ৰাপায়নৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই ‘ভূ-ঐতিহ্যক্ষেত্ৰ’সমূহ উত্তৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু ত্ৰিপুৰাত চিনাক্ত কৰা হৈছে। ‘জিএছআই’-য়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভূতাত্ত্বিক ক্ষেত্ৰ অনুসন্ধানৰ সময়ত সংগ্ৰহ কৰা পুৰণি শিলৰ নমুনা ব্যৱহাৰ কৰি ইয়াৰ ‘চিএইচকিউ চৌহদ’ত শিলৰ মূৰ্তি প্ৰস্তুত কৰিব।

বিভিন্ন কাৰ্যালয়ত কেইবাটাও নতুন আৰু অভিনৱ কাৰ্যকলাপ চলি আছে। ‘নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেড’ (নালকো)ত এটা ‘ভাৰ্মি-কম্পোষ্ট প্ৰকল্প’ পুনৰ নিৰ্মাণ কৰাৰ লগতে ভুৱনেশ্বৰৰ ‘নালকো নগৰ টাউনশ্বিপ’ত এখন ‘বনৌষধি উদ্যান’ গঢ়ি তোলা হৈছে। ‘নালকো’-ৱে ইয়াৰ দমনজোড়ী আৰু আঙ্গুল গোটত একে ধৰণৰ ঔষধি উদ্ভিদৰ বাগিচা বিকশিত কৰি আছে।

‘হিন্দুস্তান কপাৰ লিমিটেড’ (এইচচিএল)য়েও কেইবাটাও অভিনৱ কাৰ্যসূচী ৰূপায়মৰ ব্যৱস্থা কৰিছে। বৰষুণৰ পানী সংগ্ৰহ, জলাশয় পৰিষ্কাৰণৰ পৰা চৰাইৰ খাদ্য ৰখালৈকে ‘এইচচিএল’-য়ে ‘বিশেষ অভিযান ৩.০’-ৰ অধীনত কিছুমান বহনক্ষম কাৰ্যসূচী গ্ৰহণ কৰিছে।

‘মিনাৰেল এক্সপ্লোৰেশ্যন কনসালটেন্সি লিমিটেড’ (এমইচিএল)য়ে ‘নীলা’ আৰু ‘সেউজীয়া’ ৰঙৰ বাল্টি স্থাপনৰ দিহা কৰি 'উৎসৰ পৰা কঠিন আৱৰ্জনা পৃথকীকৰণ'ৰ অভিযান আৰম্ভ কৰিছে। প্ৰতিষ্ঠানটোৱে জৈৱিক সাৰৰ ব্যৱহাৰক উদগণি যোগোৱাৰ উদ্দেশ্যে পচন সাৰৰ গাঁতো নিৰ্মাণ কৰি আছে।

‘ইণ্ডিয়ান ব্যুৰো অব মাইনছ’ (আইবিএম)য়ে পচন সাৰৰ গাঁত খন্দা আৰু আনকি ‘ভেষজ উদ্ভিদৰ বাগিচা’ নিৰ্মাণৰ লগতে বহুতো বৃক্ষৰোপণ কাৰ্যসূচীৰ সৈতে ‘বিশেষ অভিযান ৩.০’ ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিছে। 

‘এনআইআৰএম’ আৰু ‘জেএনএআৰডিচি’-ৰ দৰে অন্যান্য গোটসমূহেও এই অভিযানৰ সময়ছোৱাত কেইবাটাও বহনক্ষম পৰিচ্ছন্নতা অভিযান চলাই আছে।

*****

BY/KB/BM



(Release ID: 1964974) Visitor Counter : 67