প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত মহিলা টেবুল টেনিছ ডাবলছ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 02 OCT 2023 9:28PM by PIB Guwahati

‘এছিয়ান গে’মছ’ত মহিলা ‘টেবুল টেনিছৰ দ্বৈত প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এছিয়ান গে’মছ’ত মহিলাৰ দ্বৈত প্ৰতিযোগিতাত এইটো হৈছে ভাৰতৰ প্ৰথম পদক।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’ত কয়:

"ঐহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীক ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। এয়া এক বিশেষ জয় কিয়নো ‘এছিয়ান গে’মছ’ত মহিলাৰ দ্বৈত প্ৰতিযোগিতাত এইটো হৈছে ভাৰতৰ প্ৰথম পদক।

তেওঁলোকৰ নিষ্ঠা, দক্ষতা আৰু দলবদ্ধ প্ৰয়াস অনুকৰণীয়।"

 

***


(रिलीज़ आईडी: 1963888) आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam