প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাৰী শক্তিক অভিবাদন প্ৰধানমন্ত্ৰীৰ
তেওঁ কয়, নাৰী শক্তি বন্দন অধিনিয়মৰ দ্বাৰা সঞ্চাৰিত শক্তিয়ে অমৃতকালৰ সংকল্পক অধিক শক্তিশালী কৰিব
प्रविष्टि तिथि:
24 SEP 2023 11:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তিক প্ৰণাম জনাই কয় যে বাবা বিশ্বনাথৰ নগৰ কাশীত তেওঁ য’লৈকে গৈছিল, তাতেই মাতৃ, ভগ্নী আৰু কন্যাসকলে দেখুওৱা উদ্যমে তেওঁক আপ্লুত কৰিছিল। শ্ৰী মোদীয়ে আৰু কয় যে নাৰী শক্তি বন্দন অধিনিয়মে তেওঁলোকৰ মাজত যি শক্তি ৰোপন কৰিছে সিয়েই অনাগত সময়ত অমৃতকালৰ সংকল্পসমূহক আৰু অধিক শক্তিশালী কৰিব।
এটা X পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,
“নাৰী শক্তিক প্ৰণাম
বাবা বিশ্বনাথৰ নগৰত আজি য’লৈকে গৈছিলো, মাক, ভগ্নী, কন্যাই দেখুওৱা উদ্যমে মোক আপ্লুত কৰি তুলিছিল। আমাৰ এই পৰিয়ালৰ সদস্যসকলৰ ভিতৰত নাৰী শক্তি বন্দন আইনখনে যি শক্তি ৰোপণ কৰিছে, সিয়েই অমৃতকালৰ সংকল্পক অনাগত সময়ত আৰু অধিক শক্তিশালী কৰিব।
********
(रिलीज़ आईडी: 1960072)
आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam