প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্যসভাত নাৰী শক্তি বন্দন অধিনিয়ম সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 21 SEP 2023 10:14PM by PIB Guwahati

মাননীয় অধ্যক্ষ মহোদয়,

 

অতি গুৰুত্বপূৰ্ণ এই বিধেয়কখন বিগত দুদিন ধৰি বিতংভাৱে আলোচনা কৰা হৈছে। উভয় সদনৰ প্ৰায় ১৩২ গৰাকী মাননীয় সদস্যই এই বিধেয়ক সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত ব্যৱহৃত প্ৰতিটো শব্দই আমাৰ ভৱিষ্যতৰ বাবে সহায়ক হ’ব। সেইবাবেই, এই বিষয়টোৰ গুৰুত্ব অধিক হৈছে। সদস্যসকলে ভাষণৰ আৰম্ভণিতে বিধেয়কখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। ইয়াৰ বাবে মই প্ৰতিজন সন্মানীয় সদস্যক মোৰ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ দেশৰ জনসাধাৰণৰ মাজত লাভ কৰা আস্থা ইয়াৰ জৰিয়তে প্ৰকাশ পাইছে। এই ক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলৰ সদস্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বিধেয়কখন গৃহীত হ’লে মহিলাসকলৰ সবলীকৰণ সুনিশ্চিত হ’ব। এই বিধেয়কখনক লৈ দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ ইতিবাচক মানসিকতাই আমাৰ দেশৰ নাৰী শক্তিক অধিক শক্তিশালী কৰি তুলিব। নতুন আত্মবিশ্বাসেৰে দেশ গঢ়াৰ কামৰ নেতৃত্ব দিব। ইয়াৰ জৰিয়তে আমাৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত হ’ব।

মাননীয় অধ্যক্ষ মহোদয়,

 

সদনৰ বেছি সময় নষ্ট নকৰো। আপুনি প্ৰকাশ কৰা মনোভাৱৰ শলাগ লৈছো। আৰু ভোটদানৰ সন্দৰ্ভত মই উচ্চ সদনলৈ বিনম্ৰভাৱে আবেদন জনাইছো যে এই পদক্ষেপ এটা ভাল সিদ্ধান্তৰ বাবে লোৱা হৈছে। গতিকে এই বিধেয়কখনক সৰ্বসন্মতিক্ৰমে ভোটদান কৰিলে দেশখনে নতুন আস্থা লাভ কৰিব। এই আশাৰে মই পুনৰবাৰ আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছো।

***

DS/LP/AK/DB



(Release ID: 1959923) Visitor Counter : 96