প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিংশতম আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 07 SEP 2023 10:19PM by PIB Guwahati

মাননীয় অধ্যক্ষ,

উপস্থিত মান্যবৰ বিশিষ্ট ব্যক্তিসকল,,

চন্দ্ৰযানৰ সফলতাৰ বাবে আপোনালোক সকলোৱে অভিনন্দন জনোৱাৰ বাবে মই অতিশয় কৃতজ্ঞতা জনাইছো। কিন্তু এয়া কেৱল ভাৰতৰ সফলতা আৰু সাফল্য নহয় বৰঞ্চ সমগ্ৰ মানৱ জাতিৰ সফলতা। ইয়াৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মই বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি অনুপ্ৰাণিত হ’ব। ইয়াৰ দ্বাৰা জনসাধাৰণৰ উপকাৰ হ’ব। এই ক্ষেত্ৰত আপোনালোকৰ বহুমূলীয়া চিন্তা আৰু পৰামৰ্শৰ বাবে ধন্যবাদ।

আমাৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধ কৰাৰ বাবে ছটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতাৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছো। প্ৰথমটো হ’ল– আমি ইতিমধ্যে ‘কানেক্টিভিটি ট্ৰাইলেটাৰেল হাইৱে’ আৰু ইয়াৰ ‘এক্সটেনচন’ৰ কাম কৰি আছো। সামুদ্ৰিক সহযোগিতাৰ ওপৰত আমাৰ যৌথ বিবৃতিক মই আদৰণি জনাইছো। মোৰ দৃষ্টিভংগী হৈছে দক্ষিণ-পূব এছিয়াক ভাৰত, পশ্চিম এছিয়া আৰু ইউৰোপৰ সৈতে সংযোগ কৰিব পৰাকৈ ‘মাল্টি-ম’ডাল সংযোগ’ আৰু অৰ্থনৈতিক কৰিডৰ গঢ়ি তোলা৷

ই লজিষ্টিক, যোগান শৃংখল, আন্তঃগাঁথনি উন্নয়ন, স্বচ্ছ শক্তি বা পৰিৱেশ অনুকূল শক্তি উৎপাদন আৰু সৌৰ গ্ৰীডৰ দৰে ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ দিব পাৰে। দ্বিতীয়টো ক্ষেত্ৰ হ’ল – ডিজিটেল ৰূপান্তৰ; কিন্তু ডিজিটেল অৰ্থনীতি আচলতে আমাৰ ভৱিষ্যতৰ বৃদ্ধিৰ প্ৰকৃত অনুঘটক। ভাৰতত আমি চাইবাৰ সুৰক্ষা আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিওঁ। ভাৰতত বিকশিত হোৱা সকলো "ডিজিটেল ইণ্ডিয়া ষ্টেক" আপোনালোকৰ লগত শ্বেয়াৰ কৰি আমি সুখী হ'ম। এই প্ৰসংগত মই "ডিজিটেল ভৱিষ্যতৰ বাবে আছিয়ান-ভাৰত পুঁজি" গঠনৰ কথা ঘোষণা কৰিছো।

তৃতীয়টো, প্ৰধান ক্ষেত্ৰ হ’ল বাণিজ্য আৰু অৰ্থনৈতিক সংহতি। যোৱা বছৰৰ "আছিয়ান-ভাৰত সামগ্ৰীৰ বাণিজ্য চুক্তি"ত হোৱা উল্লেখযোগ্য অগ্ৰগতিক মই আদৰণি জনাইছো। আমি ইয়াৰ পৰ্যালোচনা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ উপৰিও ‘আছিয়ান-ভাৰত ষ্টাৰ্টআপ মহোৎসৱ’ আৰু ‘উদ্ভাৱন সন্মিলন’ৰ দৰে পদক্ষেপকো আগুৱাই নিব লাগে। এই প্ৰেক্ষাপটত আমি "আছিয়ান আৰু পূব এছিয়াৰ অৰ্থনৈতিক আৰু গৱেষণা প্ৰতিষ্ঠান"ৰ প্ৰতি আমাৰ সমৰ্থন নবীকৰণ কৰাৰ সিদ্ধান্ত লৈছো।

মাননীয় অধ্যক্ষ,

উপস্থিত মান্যবৰ বিশিষ্ট ব্যক্তিসকল,,

চতুৰ্থটো ক্ষেত্ৰ হ’ল–সমসাময়িক আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰা। গ্ল’বেল ছাউথ আজি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যেনে-খাদ্য, সাৰ আৰু ইন্ধনৰ নাটনি আৰু জলবায়ু পৰিৱৰ্তন। বহুপক্ষীয় মঞ্চত আমি একেলগে গ্ল’বেল ছাউথৰ বাবে সাধাৰণ চিন্তাৰ বিষয়সমূহ উত্থাপন কৰিব লাগিব আৰু সমাধান বিচাৰিব লাগিব৷ ভাৰতত বিশ্ব স্বাস্থ্য সংস্থা(হু)ই "পৰম্পৰাগত ঔষধৰ বিশ্ব কেন্দ্ৰ" স্থাপন কৰিছে। আপোনালোক সকলোকে ইয়াত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। মিছন ‘লাইফ’ অৰ্থাৎ পৰিৱেশৰ বাবে জীৱনশৈলীৰ দৰে পদক্ষেপত আমি একেলগে কাম কৰা উচিত।

আমি ভাৰতৰ জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সুলভ মূল্যত বিশ্বমানৰ ঔষধ মানুহক যোগান ধৰিছো। আমাৰ অভিজ্ঞতা আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰি মই অতি সুখী অনুভৱ কৰিছোঁ।

পঞ্চম ক্ষেত্ৰটো হৈছে প্ৰতিখন দেশৰ জনসাধাৰণ আৰু আন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক আৰু সাংস্কৃতিক সংস্পৰ্শৰ প্ৰসাৰ। এনে প্ৰেক্ষাপটত আমি শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, গৱেষণা আৰু পৰ্যটনক গুৰুত্ব দিয়া উচিত আৰু এই ক্ষেত্ৰসমূহত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া উচিত। মহামহিম প্ৰধানমন্ত্ৰী ছানানা গুজমাও আজি আমাৰ লগত থকাৰ সময়ত তেওঁৰ সন্মুখত ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে ভাৰতে টিমৰ লেষ্টেত ইয়াৰ দূতাবাস মুকলি কৰাৰ সিদ্ধান্ত লৈছে।

ষষ্ঠটো ক্ষেত্ৰ হ’ল–আমাৰ কৌশলগত সংযোগ শক্তিশালী কৰা। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতি আমাৰ উমৈহতীয়া স্বাৰ্থ আছে আমি এই বছৰতে সামুদ্ৰিক অনুশীলন আৰম্ভ কৰিছো৷ দক্ষিণ চীন সাগৰকে ধৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথত শান্তি, সুস্থিৰতা, যাতায়তৰ স্বাধীনতা আৰু অভাৰফ্লাইট আৰু হস্তক্ষেপমুক্ত বৈধ বাণিজ্য নিশ্চিত কৰাৰ প্ৰয়োজন আছে। দক্ষিণ চীন সাগৰৰ বাবে যিকোনো আচৰণ বিধি ইউএনচিএলঅ’এছকে ধৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব। এই আলোচনাৰ সৈতে জড়িত নোহোৱা দেশসমূহৰ স্বাৰ্থ যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

মাননীয় অধ্যক্ষ,

উপস্থিত মান্যবৰ বিশিষ্ট ব্যক্তিসকল,

আমাৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ এক গুৰুতৰ সমস্যা। আমি একেলগে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য আৰু চাইবাৰ ভুল তথ্যৰ বিৰুদ্ধে নিৰ্ণায়ক প্ৰচেষ্টা চলাব লাগিব। সেইবাবেই মই ইয়াত প্ৰস্তাৱ দিছো যে আমি পৰম্পৰাগত আৰু অগতানুগতিক সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰোঁ। ‘সামুদ্ৰিক ডমেইন সজাগতা’ বা সামুদ্ৰিক বাণিজ্যিক সুৰক্ষা নিশ্চিত কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো আমি সহযোগ কৰা উচিত। দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সদ্যগঠিত ‘দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে জোঁট’(চিডিআৰএই)ত যোগদান কৰিবলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছো।

ধন্যবাদ

 

***


(Release ID: 1955781) Visitor Counter : 163