প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিক্ষক দিৱসত শিক্ষকসকলক অভিবাদন প্ৰধানমন্ত্ৰীৰ
জন্ম বাৰ্ষিকীত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণকো জনালে শ্ৰদ্ধাঞ্জলি
Posted On:
05 SEP 2023 9:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত শিক্ষকসকলক আমাৰ ভৱিষ্যত আৰু প্ৰেৰণাদায়ক সপোন গঢ়ি তোলাত তেওঁলোকৰ অটল নিষ্ঠা আৰু মহান প্ৰভাৱৰ বাবে অভিবাদন জনায়৷
শ্ৰী মোদীয়ে লগতে জন্ম বাৰ্ষিকীত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
প্ৰধানমন্ত্ৰী লগতে কালি একাংশ শিক্ষকৰ সৈতে কৰা মত বিনিময়ৰ কেইটামান বিশেষ মুহূৰ্তও শ্বেয়াৰ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“শিক্ষকসকলে আমাৰ ভৱিষ্যত আৰু প্ৰেৰণাদায়ক সপোন গঢ়ি তোলাত এক মুখ্য ভূমিকা পালন কৰে৷ #TeachersDay উপলক্ষে আমি তেওঁলোকক তেওঁলোকৰ অটল নিষ্ঠা আৰু মহান প্ৰভাৱৰ বাবে অভিবাদন জনাইছো৷ জন্ম বাৰ্ষিকী উপলক্ষে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷
কালি একাংশ শিক্ষকৰ সৈতে কৰা মত বিনিময়ৰ কেইটামান বিশেষ মুহূৰ্ত ইয়াত আগবঢ়ালো…”
***
(Release ID: 1954836)
Visitor Counter : 140
Read this release in:
Manipuri
,
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam