প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 02 SEP 2023 2:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল-১ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ভাৰতে মহাকাশ যাত্ৰা অব্যাহত ৰাখিছে। ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল-১ৰ সফল উৎক্ষেপণৰ বাবে আমাৰ ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছো। সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ এক উন্নত বুজাবুজি বিকশিত কৰাৰ বাবে আমাৰ বৈজ্ঞানিক প্ৰচেষ্টা অব্যাহত থাকিব। "

 

******



(Release ID: 1954723) Visitor Counter : 79