প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইথিওপিয়া ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 24 AUG 2023 11:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ আগষ্টত জোহান্সবাৰ্গত ১৫ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে ইথিওপিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম ড০ আবি আহমেদ আলীক সাক্ষাৎ কৰে।

দুয়োজন নেতাই উন্নয়ন, অংশীদাৰিত্ব আৰু সামৰ্থ্য বিকাশ, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা সহযোগিতা, আইচিটি, কৃষি, যুৱক-যুৱতীসকলৰ দক্ষতা, আৰু জনসাধাৰণৰ মাজত সংযোগকে ধৰি মূল ক্ষেত্ৰসমূহৰ ওপৰত জড়িত বিষয়বোৰৰ ওপৰত আলোচনাত মিলিত হয়। আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে দুয়োগৰাকী নেতাই।

প্ৰধানমন্ত্ৰীয়ে মহামহিম ড০ আবি আহমেদক ইথিওপিয়াৰ ব্ৰিকছৰ সদস্যপদৰ বাবে অভিনন্দন জনায়। লগতে ভইচ অৱ গ্ল’বেল চাউথ ছামিটত অংশগ্ৰহণ কৰা বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ শলাগো লয়।

প্ৰধানমন্ত্ৰী আবি আহমেদে ইথিওপিয়াক ব্ৰিকছ পৰিয়ালত যোগদান কৰাৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় আৰু চন্দ্ৰযান অভিযানৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে, ইথিওপিয়া আৰু গ্ল’বেল চাউথৰ বাবে ইয়াক গৌৰৱ আৰু প্ৰেৰণাৰ মুহূৰ্ত বুলি অভিহিত কৰে।

 

***




(Release ID: 1954710) Visitor Counter : 88