ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

নতুন দিল্লীত অনুষ্ঠিতব্য ১৮ সংখ্যক জি-২০ সন্মিলনৰ মুখ্য আকৰ্ষণ হ’ব ডিজিটেল ইণ্ডিয়া এক্সপেৰিয়েন্স জ’ন

ভাৰতৰ অধ্যক্ষতাৰ অধীনত এক ঐতিহাসিক পদক্ষেপ স্বৰূপে জি-২০য়ে ভৱিষ্যতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI)ক ফলপ্ৰসূভাৱে গঢ় দিয়াত যুগান্তকাৰী ঐক্যমতত উপনীত হৈছে

প্ৰতিনিধিসকলে ইজ অৱ লিভিঙৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ মনোগ্ৰাহী ব্যৱহাৰৰ অভিজ্ঞতা লাভ কৰিব

আধাৰ, ইউনিফাইড পেমেন্ট ইন্টাৰফেছ, ডিজিলকাৰ, দীক্ষা, ভাষিণী, অ’এনডিচি, ইসঞ্জীৱনী ইত্যাদি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে সমগ্ৰ সমাজত পেলোৱা প্ৰভাৱ সম্পৰ্কে প্ৰদৰ্শন কৰা হ’ব

ডিজিটেল ৰূপান্তৰৰ সাফল্য থূপাই প্ৰদৰ্শনৰ অৰ্থে ডিজিটেল ইণ্ডিয়া জাৰ্নি

Posted On: 04 SEP 2023 3:49PM by PIB Guwahati

নতুন দিল্লীয়ে ১৮ সংখ্যক জি-২০ হেডছ অৱ ষ্টেট আৰু গভৰ্ণমেন্ট সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে। বছৰটোত মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু নাগৰিক সমাজৰ মাজত অনুষ্ঠিত সকলো জি-২০ প্ৰক্ৰিয়া আৰু বৈঠকৰ চূড়ান্ত হিচাপে এই সন্মিলন অনুষ্ঠিত হ’ব। এই নতুন দিল্লী সন্মিলনৰ সামৰণিত জি-২০ নেতাৰ ঘোষণাপত্ৰ প্ৰকাশ কৰা হ’ব। ইয়াত নিজ-নিজ মন্ত্ৰী আৰু কৰ্মগোটৰ বৈঠকত আলোচিত আৰু সহমতত উপনীত হোৱা অগ্ৰাধিকাৰৰ প্ৰতি নেতাসকলৰ দায়বদ্ধতা উল্লেখ থাকিব। ২০২৩ৰ ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত এই জি-২০ সন্মিলন অনুষ্ঠিত হ’ব।

লক্ষ্ণৌ, হায়দৰাবাদ, পুনে আৰু বেংগালুৰুত ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)য়ে জি-২০ ডিজিটেল ইকনমি ৱৰ্কিং গ্ৰুপ (DEWG)ৰ বৈঠকসমূহ সফলতাৰে পৰিচালনা কৰে। বেংগালুৰুত অনুষ্ঠিত জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীৰ বৈঠক আছিল ইয়াৰ চূড়ান্ত ৰূপ। এই বৈঠকৰ মূল ফলাফল আৰু সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হৈছেঃ

• ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এলএমআইচিত ডিপিআইসমূহৰ বিত্তীয় সাহায্যৰ বাবে ওৱান ফিউছাৰ এলায়েন্স, গ্ল’বেল ডিপিআই ভঁৰাল, সহায়ক ব্যৱসায়ৰ বাবে উচ্চ-পৰ্য্যায়ৰ নীতি, ডিজিটেল দক্ষতাৰ দেশৰ মাজত তুলনাৰ সুবিধা প্ৰদানৰ বাবে ৰোডমেপ, ডিজিটেল আপ-স্কিলিং আৰু ৰি-স্কিলিং প্ৰগ্ৰেমৰ ডিজাইন আৰু প্ৰৱৰ্তনৰ বাবে টুলকিট আৰু ডিজিটেলভাৱে-দক্ষ প্ৰতিভাক লালন-পালন কৰা এটা ভাৰ্চুৱেল চেন্টাৰ অৱ এক্সেলেন্স, ইত্যাদি অত্যাৱশ্যকীয় দিশসমূহ সামৰি ভাৰতীয় অধ্যক্ষতাৰদ্বাৰা উপস্থাপন কৰা ডেলিভাৰেবলসমূহত জি-২০য়ে ঐক্যমত পোষণ কৰে। 

• ইউএনডিপিৰে অংশীদাৰিত্বৰে জি-২০ ভাৰতীয় অধ্যক্ষতাৰদ্বাৰা ‘ডিপিআইৰ জৰিয়তে এছডিজিসমূহক ত্বৰান্বিতকৰণ’ আৰু ‘দ্য ডিপিআই প্লে’বুক’ নামেৰে দুটা জ্ঞান আহৰণৰ সমল মুকলি আৰু দেশসমূহক তেওঁলোকৰ ডিজিটেল ৰূপান্তৰ যাত্ৰাত সহায়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

• গৰিষ্ঠসংখ্যক লোকৰ মাজত ৰূপায়ণ কৰা সফল ডিজিটেল চলুচনৰ পৰ্ট’ফলিঅ’ ইণ্ডিয়া ষ্টেক (INDIA STACK) শ্বেয়াৰ কৰা আৰু সহযোগিতাৰ ক্ষেত্ৰত ছখন দেশৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হয়।

নতুন দিল্লীত অনুষ্ঠিতব্য ১৮ সংখ্যক জি-২০ সন্মিলনত ডিজিটেল ইণ্ডিয়া এক্সপেৰিয়েন্স জ’ন হ’ব এটি মুখ্য আকৰ্ষণ আৰু ইয়াৰ লক্ষ্য হৈছে জি-২০ প্ৰতিনিধিসকলক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ভাৰতত গৰিষ্ঠ সংখ্যক লোকৰ মাজত ৰূপায়িত ডিজিটেল ৰূপান্তৰৰ সফলতা সন্দৰ্ভত এক চাক্ষুষ অভিজ্ঞতা প্ৰদান কৰা।

ডিজিটেল ইণ্ডিয়া এক্সপেৰিয়েন্স জ’ন আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়া কেন্দ্ৰ

দেশখনত ডিপিআই ৰূপায়ণৰ অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ শ্বেয়াৰত সহায়, বিশ্বৰ অংশীদাৰসকলক এনে প্ৰকল্প সম্পৰ্কে সচেতন কৰা আৰু দৰ্শনাৰ্থীসকলক প্ৰযুক্তিৰ শক্তিক প্ৰত্যক্ষভাৱে অনুভৱৰ এক অনন্য সুযোগ প্ৰদান কৰিবলৈ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰগতি ময়দানৰ হল ৪ আৰু হল ১৪ত দুটা অত্যাধুনিক ডিজিটেল ইণ্ডিয়া এক্সপিৰিয়েন্স জ’ন স্থাপন কৰিছে।

এই এক্সপ’ৰ আঁৰৰ দুটা উদ্দেশ্য হৈছে নিম্ন-উল্লেখিতসমূহ সুচল কৰি তোলা বিশ্ব-মানৰ পদক্ষেপৰাজি থূপাই প্ৰদৰ্শন কৰাঃ

● ইজ অৱ লিভিং

● ইজ অৱ ডুয়িং বিজনেছ

● ইজ অৱ গভাৰ্নেন্স

ডিজিটেল ইণ্ডিয়া এক্সপেৰিয়েন্স জ’ন হ’ব ডিজিটেল ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ জ্ঞান আৰু অন্তৰ্দৃষ্টিৰে ভৰপূৰ অত্যাধুনিক প্ৰযুক্তিৰ এক ভঁৰাল। ডিপিআই ৰূপায়ণৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ প্ৰদৰ্শনৰ বাবে সাতটা মূল পদক্ষেপক বাছনি কৰা হৈছে যথাঃ আধাৰ, ডিজিলকাৰ, ইউপিআই, ইসঞ্জীৱনী, দীক্ষা, ভাষিণী (Bhashini) আৰু অ’এনডিচি। এই প্ৰদৰ্শনীয়ে এক সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে দৰ্শকে ভাৰতৰ ডিপিআই ভঁৰালসমূহ অন্বেষণ কৰিব পাৰিব আৰু বিশ্ব সমাজৰ উন্নতিৰ বাবে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব।

আধাৰ ফেচ প্ৰমাণীকৰণ চফটৱেৰৰ লাইভ প্ৰদৰ্শনৰ জৰিয়তে উপস্থিতসকলে চাক্ষুষ অভিজ্ঞতা লাভৰ লগতে অত্যাধুনিক প্ৰযুক্তি সম্পৰ্কে বুজ লোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ, ইউপিআই প্ৰদৰ্শনীয়ে দৰ্শকসকলক বিশ্বজুৰি ইউপিআইৰ ভিন্ন প্ৰয়োগ সম্পৰ্কে অন্বেষণ আৰু আৱিষ্কাৰ কৰিবলৈ সক্ষম কৰি তুলিব। ইয়াৰোপৰি, দৰ্শকে কিউআৰ ক’ডসমূহ স্কেনেৰে বয়-বস্তু ক্ৰয় কৰিব পাৰিব আৰু নামমাত্ৰ পেমেন্টেৰে নিৰৱচ্ছিন্নভাৱে লেনদেন আৰম্ভ কৰিব পাৰিব।

অতিথিসকলে ভাৰতৰ ডিজিলকাৰৰ ব্যৱহাৰিক উপযোগিতাৰ বিষয়েও জানিব পাৰিব, যিয়ে প্ৰক্ৰিয়াসমূহ সুশৃংখলিতকৰণ তথা শিক্ষা, বিত্ত আৰু বেংকিং, ভ্ৰমণ, পৰিবহণ, ৰিয়েল এষ্টেট, আইনী আৰু ন্যায়পালিকাৰ দৰে খণ্ডসমূহত দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা প্ৰদৰ্শন কৰিছে।

ই-সঞ্জীৱনী প্ৰদৰ্শনীৰ আকৰ্ষণীয় দিশটো হ’ল যে ভিন্ন ডমেইনৰ চিকিৎসক – কাৰ্ডিঅ’লজি, মানসিক স্বাস্থ্য, চকুৰ চিকিৎসকসকল উপস্থিত থাকি অনলাইন পৰামৰ্শ আগবঢ়াব আৰু দৰ্শনাৰ্থীসকলক ই-প্ৰেছক্ৰিপচনৰ লগতে স্বাস্থ্য বিশ্লেষণ আৰু পৰামৰ্শ আগবঢ়াব।

দীক্ষা প্ৰদৰ্শনীয়ে এক বিৰল অভিজ্ঞতা প্ৰদান কৰিব। ইয়াত দৰ্শকসকে দীক্ষাত উপলব্ধ শৈক্ষিক সমলৰ সমৃদ্ধি অন্বেষণ কৰিব পাৰিব। ভাষিণী প্ৰদৰ্শনীত দৰ্শকে সকলো ভাৰতীয় ভাষাৰ লগতে ৰাষ্ট্ৰসংঘৰ অনুমোদিত ছটা ভাষাত কথোপকথনৰ অনুবাদৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। অধিক মত-বিনিময়ৰ সুবিধা প্ৰদানেৰে ‘যুগলবন্দী’ টেলিগ্ৰাম বটে দৰ্শকসকলক তেওঁলোকৰ পছন্দৰ যিকোনো ভাষাত প্ৰশ্ন সোধা আৰু মত-বিনিময়ৰ সুবিধা প্ৰদান কৰিব।

ডিজিটেল ইণ্ডিয়াৰ ঐতিহাসিক যাত্ৰাৰ এক বৃহৎ প্ৰদৰ্শনৰ মাধ্যমেৰে ২০১৪ ৰপৰা ডিজিটেল ইণ্ডিয়াৰ প্ৰধান মাইলৰ খুঁটিসমূহ দৰ্শকৰ আগত উপস্থাপন কৰা হ’ব। দৰ্শকসকলে ডিপিআইৰ মূল নীতি আৰু বিৱৰ্তন সম্পৰ্কে জানিব পাৰিব ডিজিটেল ট্ৰি প্ৰদৰ্শনীৰ জৰিয়তে।

ইউজাৰসকলে ডিজিটেল কমাৰ্চৰ বাবে মুক্ত নেটৱৰ্ক (ONDC)য়ে বিক্ৰেতা, উপভোক্তা আৰু নেটৱৰ্ক প্ৰদানকাৰীৰ সৈতে কেনেকৈ বৃহৎ পৰিসৰত সহযোগিতা কৰে, সেয়াও চাব পাৰিব। লগেতে, জি.আই.টি.এ. এপ্লিকেচনে এনে এক মঞ্চ প্ৰদান কৰিব য'ত দৰ্শকে পবিত্ৰ গ্ৰন্থ শ্ৰীমদ ভগৱদ গীতাৰ সৈতে সংগতি ৰাখি জীৱন সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ বিচাৰিব পাৰিব।

ডিজিটেল ইণ্ডিয়া এক্সপেৰিয়েন্স জ’নত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াত ইন্টাৰেক্টিভ ডিছপ্লে’, ভাৰ্চুৱেল ৰিয়েলিটিৰ প্ৰয়োগ ঘটোৱা হৈছে। প্ৰতিটো ইনষ্টলেচনক ইয়াৰ টাৰ্গেট অডিয়েন্সৰ মনোগ্ৰাহী হোৱাকৈ স্থাপন তথা অৰ্থপূৰ্ণ নিয়োজন আৰু বয়স অনুসৰি বিষয়বস্তু নিশ্চিত কৰা হৈছে।

********



(Release ID: 1954693) Visitor Counter : 143