প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংগালুৰুৰ ‘ইছৰো’ কেন্দ্ৰৰ পৰা উভতি অহাৰ পিছত দিল্লীত এক সমাৱেশ সম্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
प्रविष्टि तिथि:
26 AUG 2023 3:30PM by PIB Guwahati
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
আজি পুৱা মই বেংগালুৰুত আছিলো, পুৱা খুব সোনকালে উপস্থিত হৈছিলোঁগৈ। আচলতে ভাৰতত উপস্থিত হৈ দেশক ইমান ডাঙৰ সাফল্য প্ৰদান কৰা বিজ্ঞানীসকলক চাবলৈ সিদ্ধান্ত লৈছিলো আৰু সেয়েহে মই পুৱাই তালৈ গৈছিলো। কিন্তু পুৱাৰে পৰা, সূৰ্য্যোদয়ৰ আগতেই হাতে হাতে ত্ৰিৰংগ পতাকা লৈ মানুহে যি দৰে ‘চন্দ্ৰযান’ৰ সফলতা উদযাপন কৰিছিল, সেয়া অতি অনুপ্ৰেৰণাদায়ক আছিল আৰু এই মুহূৰ্তত প্ৰখৰ দপপৰীয়া ৰ'দে দেহা দেই-পুৰি নিছে। এই মাহৰ ৰ'দটোৱেই এনেকুৱা, ছালখন যেন ছিঙিহে পেলায়। পিচে, ইমান ৰ'দতো ইয়ালৈ আহি ‘চন্দ্ৰযান’ৰ সফলতা উদযাপন কৰাটোও মোৰ সৌভাগ্য আৰু মই উদযাপনৰ অংশ হোৱাৰ সুযোগ পাই ধন্য হৈছোঁ। আৰু তাৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো।
আজি যেতিয়া মই পুৱা ‘ইছৰো’ত উপস্থিত হৈছিলোঁ, মই চন্দ্ৰযানে প্ৰথমবাৰৰ বাবে তোলা ছবিবোৰ মুকলি কৰাৰো সৌভাগ্য লাভ কৰিছিলো। হয়তো আপোনালোকে এতিয়া ‘টিভি’ত সেই ছবিসমূহ দেখিবলৈ পাইছে। সেই ধুনীয়া আলোকচিত্ৰসমূহে নিজেই এক মহান বৈজ্ঞানিক সফলতাৰ এক জীৱন্ত ছবিকে উপস্থাপন কৰিছে। সাধাৰণতে, পৃথিৱীত এটা পৰম্পৰা আছে যে ইমান সফল অভিযানৰ পিচত, কিছুমান বিন্দুক নামাংকিত কৰি পুৰস্কৃত কৰিব লাগে, সেয়ে, বহু চিন্তাৰ পিছত, মই ভাবিলো যে ‘চন্দ্ৰযান-৩’ অৱতৰণ কৰা বিন্দুটোক এটা নাম দিয়া হৈছে আৰু নাম দিয়া হৈছে 'শিৱশক্তি' বুলি। আৰু যেতিয়া শিৱৰ কথা আহে, আমি হিমালয়ৰ কথা মনত পেলাওঁ আৰু যেতিয়া আমি শক্তিৰ কথা কওঁ, আমি কন্যাকুমাৰীক মনত পেলাওঁ, হিমালয়ৰ পৰা কন্যাকুমাৰীলৈকে এই অনুভূতি প্ৰতিফলিত কৰিবলৈকে ইয়াক 'শিৱশক্তি' নাম দিয়া হৈছে। ইয়াৰ লগতে ২০১৯ চনত, ‘চন্দ্ৰযান-২’ৰ সময়তো এইটো নাম দিয়াৰ আলোচনা মোৰ সন্মুখলৈ আহিছিল, কিন্তু তেতিয়া মন সাজু হোৱা নাছিল, মনতে ভাবিছিলো যে সেই ‘বিন্দু ২’-য়েও এটা নাম পাব যেতিয়া আমি প্ৰকৃত অৰ্থত আমাৰ যাত্ৰাত সফল হ'ম। আৰু যিহেতু ‘চন্দ্ৰযান-৩’ সফল হৈছে, সেয়ে আজি ‘চন্দ্ৰযান-২’ৰ বিন্দুটোৰ নামো দিয়া হৈছে আৰু সেই বিন্দুটোৰ নাম 'তিৰঙ্গা' ৰখা হৈছে। 'তিৰঙ্গা'ই প্ৰতিটো সংকটৰ সৈতে যুঁজিবলৈ সামৰ্থ্য প্ৰদান কৰে, 'তিৰঙ্গা'ই প্ৰতিটো সপোন বাস্তৱায়িত কৰাৰ অনুপ্ৰেৰণা দিয়ে আৰু সেয়েহে ‘চন্দ্ৰযান ২’-ত বিফল হ’লেও ‘চন্দ্ৰযান ৩’ ত সফলতা আহিল, সেয়ে অনুপ্ৰেৰণা হৈ উঠিল 'তিৰঙ্গা'। আৰু সেয়েহে ‘চন্দ্ৰযান-২’ৰ সেই নিৰ্দ্ষ্ট বিন্দুটো এতিয়া ‘তিৰঙ্গা’ নামেৰে জনাজাত হ'ব। মই আজি পুৱা আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছো, ২৩ আগষ্ট ভাৰতৰ বৈজ্ঞানিক উন্নয়ন যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু সেয়েহে প্ৰতি বছৰে ভাৰতে ২৩ আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে উদযাপন কৰা হ’ব।
বন্ধুসকল,
মই যোৱা কেইদিনমান ‘ব্ৰিকছ সন্মিলন’ৰ বাবে দক্ষিণ আফ্ৰিকাত আছিলো, এইবাৰ দক্ষিণ আফ্ৰিকাৰ ‘ব্ৰিকছ সন্মিলন’লৈ সমগ্ৰ আফ্ৰিকাকো আমন্ত্ৰণ জনোৱা হৈছিল। আৰু ‘ব্ৰিকছ সন্মিলন’ত মই দেখিছিলো যে বিশ্বত এনে কোনো ব্যক্তি নাই যিয়ে ‘চন্দ্ৰযান’ৰ বিষয়ে কথা পতা নাই, অভিনন্দন জনোৱা নাই আৰু মই তাত অভিনন্দন লাভ কৰাৰ লগে লগে মই ইয়াক সকলো বিজ্ঞানীৰ হাতত গতাই দিছো, সমগ্ৰ বিশ্বই প্ৰেৰণ কৰা অভিনন্দন মই আপোনালোকক গতাই দিছো।
বন্ধুসকল,
সকলোৱে ‘চন্দ্ৰযান’ৰ এই যাত্ৰাৰ বিষয়ে জানিবলৈ বিচাছিল, এই কালজয়ী সাফল্য আৰু নতুন ভাৰত, নতুন সপোন, নতুন সংকল্প আৰু নতুন সাফল্ সন্দৰ্ভত, এটাৰ পিছত এটাকৈ বিশ্বৰ ভিতৰত এক নতুন প্ৰভাৱ, ইয়াৰ সফলতাৰ আধাৰত আমাৰ ভাৰতীয় ত্ৰিৰংগ পতাকাৰ শক্তি, সফলতাৰ আধাৰত আজি পৃথিৱীয়ে অনুভৱ কৰিছে, স্বীকাৰো কৰিছে আৰু সন্মানো কৰিছে।
বন্ধুসকল,
‘ব্ৰিকছ সন্মিলন’ৰ পিছত মই গ্ৰীচলৈ গৈছিলো। ৪০ বছৰ পাৰ হৈ গ'ল, ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে গ্ৰীচ ভ্ৰমণ কৰা নাছিল। মই সৌভাগ্যৱান যে মই বহুতো কাম কৰিবলৈ পাইছো, যিবোৰক হয়তো কৰা হোৱা নাছিল, যিবোৰ কাম হয়তো ময়েই কৰিবলগীয়া আছিল। গ্ৰীচত যিধৰেণে ভাৰতৰ সন্মান, ভাৰতৰ সামৰ্থ্য আৰু গ্ৰীচে অনুভৱ কৰে যে গ্ৰীচ আৰু ভাৰতৰ বন্ধুত্ব, গ্ৰীচ এক প্ৰকাৰে ইউৰোপৰ প্ৰৱেশদ্বাৰ হৈ উঠিব আৰু ভাৰত আৰু গ্ৰীচৰ বন্ধুত্ব, ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক মহান মাধ্যম হৈ উঠিব।
বন্ধুসকল,
আগন্তুক দিনত আমাৰো কিছুমান দায়িত্ব আছে। বিজ্ঞানীসকলে আমাৰ কাম কৰিছে। উপগ্ৰহেই হওঁক, চন্দ্ৰযানৰ যাত্ৰাই হওঁক, সাধাৰণ মানুহৰ জীৱনত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব আৰু সেয়েহে এইবাৰ মোৰ দেশৰ যুৱ শক্তিৰ বিজ্ঞানৰ প্ৰতি যাততে আগ্ৰহ বৃদ্ধি পায়, প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায়, আমি ইয়াক আগুৱাই নিব লাগিব। আমি কেৱল উত্সৱ, উত্সাহ, আনন্দ, নতুন উদ্দীপণাতে ৰৈ যোৱা মানুহ নহয়। আমি যেতিয়া এটা সফলতা অৰ্জন কৰোঁ, আমি তাত শক্তিশালী পদক্ষেপ লওঁ আৰু এক নতুন উথ্থানৰ বাবে সাজু হওঁ। আৰু সেয়েহে, সুশাসনৰ বাবে, অন্তিম মাইল পৰ্যন্ত বিতৰণৰ বাবে, এই মহাকাশ বিজ্ঞান সাধাৰণ মানুহৰ জীৱন উন্নত কৰাৰ বাবে কেনেকৈ উপযোগী হ'ব পাৰে, এই উপগ্ৰহবোৰ কেনেদৰে উপযোগী হ'ব পাৰে, আমাৰ যাত্ৰা কেনেদৰে উপযোগী হ'ব পাৰে, আমি ইয়াক আগুৱাই নিব লাগিব। আৰু সেয়েহে মই চৰকাৰৰ সকলো বিভাগক অৱগত কৰিছো যে তেওঁলোকৰ নিজ নিজ বিভাগৰ সাধাৰণ মানুহৰ সৈতে সম্পৰ্কিত কামকাজসমূহত, মহাকাশ বিজ্ঞান কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, বিতৰণত মহাকাশ প্ৰযুক্তিৰ শক্তি কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, দ্ৰুত সঁহাৰিৰ ক্ষেত্ৰত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, ইয়াক স্বচ্ছতাত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, ইয়াক কেনেদৰে নিখুঁতভাৱে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে তেওঁলোকে চিন্তা-চৰ্চা কৰি পথ উলিয়াওক। আৰু দেশৰ যুৱ প্ৰজন্মৰ বাবে মই অনাগত দিনত ‘হেকাথন’ৰ আয়োজন কৰিব বিচাৰো। শেহতীয়া ‘হেকাথন’ত দেশৰ লাখ লাখ শিক্ষাৰ্থীয়ে ৩০-৩০, ৪০-৪০ ঘণ্টা অবিৰাম কাম কৰি সুন্দৰ সুন্দৰ ধাৰণা প্ৰদান কৰিছিল আৰু ইয়াৰ পৰা এক পৰিৱেশ সৃষ্টি হৈছে। মই অনাগত দিনবোৰত এনে ধৰণৰ ‘হেকাথন’ৰ এটা ডাঙৰ শৃংখলা চলাব বিচাৰো যাতে দেশৰ যুৱ মন, যুৱ প্ৰতিভা আৰু সাধাৰণ মানুহৰ সমস্যাই ইয়াৰ সমাধানৰ বাবে মহাকাশ বিজ্ঞান, উপগ্ৰহ, প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে, আমি সেই দিশত কাম কৰি যাম।
ইয়াৰ লগতে আমি নতুন প্ৰজন্মক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। একবিংশ শতিকা হৈছে এক প্ৰযুক্তি সঞ্চালিত শতিকা আৰু সেইখন দেশেহে বিশ্বত আগবাঢ়িব পাৰিব যাৰ বিজ্ঞান আৰু প্ৰযুক্তিত নিপুণতা থাকিব। আৰু সেয়েহে, সময়ৰ প্ৰয়োজন হৈছে যে ২০৪৭ চনত আমাৰ দেশক উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ পথত অধিক শক্তিশালীভাৱে আগবাঢ়িব লাগিব। আমাৰ নতুন প্ৰজন্মই সৰুৰে পৰা বৈজ্ঞানিক মনস্কতাৰে আগবাঢ়িবলৈ সাজু থাকিব লাগিব। আৰু সেয়েহে, সম্ভৱ কৰা বৃহৎ সফলতা, এই উৎসাহ আৰু উদ্দীপণাক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা মাইগভত এক কুইজ প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব, যাতে যদি আমাৰ যুৱক-যুৱতীসকলে সৰু সৰু প্ৰশ্ন আৰু উত্তৰ দানৰ জৰিয়তে ক্ৰমাগতভাবে বিজ্ঞানৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। আৰু নতুন শিক্ষা নীতিয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে যথেষ্ট ব্যৱস্থা কৰিছে। আমাৰ নতুন শিক্ষা নীতি হৈছে এক শিক্ষা নীতি যি ইয়াক যথেষ্ট গুৰুত্ব দিয়ে আৰু ইয়ালৈ যোৱাৰ এটা উপায় হব আমাৰ ‘কুইজ প্ৰতিযোগিতা’। আজি মই দেশৰ যুৱপ্ৰজন্ম, মোৰ দেশৰ শিক্ষাৰ্থীসকলক আৰু প্ৰতিখন বিদ্যালয়ক ক'ব বিচাৰো যে বিদ্যালয়সমূহত ‘চন্দ্ৰযান’ৰ সৈতে সম্পৰ্কিত এই ‘কুইজ প্ৰতিযোগিতা’খনত বিদ্যাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। দেশৰ কোটি কোটি যুৱক-যুৱতী ইয়াৰ অংশ হ'ব লাগে আৰু যদি আমি ইয়াক আগুৱাই নিওঁ, মই ভাবো ই এক ডাঙৰ সাফল্য প্ৰদান কৰিব।
আজি আপোনালোক সকলো মোৰ সন্মুখত উপস্থিত হৈছেহি, সেয়েহে মই আৰু এটা বস্তুৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰো। ভাৰতৰ প্ৰতি বিশ্বৰ কৌতূহল বৃদ্ধি পাইছে, আকৰ্ষণ বৃদ্ধি পাইছে, বিশ্বাস বৃদ্ধি পাইছে, কিন্তু এই সকলোবোৰৰ স্বত্বেও, এনে কিছুমান ঘটনা আছে যেতিয়া ই এই বোৰ উপলব্ধি কৰা উচিত। অচিৰেই আমাৰ সকলোৰে সন্মুখলৈ, আৰু বিশেষকৈ দিল্লীৰ জনসাধাৰণৰ বাবে এটা সুযোগ আহিছে আৰু সেয়া হৈছে ‘জি-২০ সন্মিলন’। এক প্ৰকাৰে, বিশ্বৰ আটাইতকৈ ডাঙৰ নিৰ্ণায়ক নেতৃত্ব, এয়া আমাৰ দিল্লীৰ ভূমিত হ'ব, ই ভাৰতত হ'ব। সমগ্ৰ ভাৰতেই আয়োজক যদিও অতিথিসকল কিন্তু দিল্লীলৈহে আহিব।
সমগ্ৰ দেশে ‘জি-২০’ আয়োজন কৰিছে, কিন্তু সৰ্বাধিক দায়িত্ব অৰ্পিত হৈছে দিল্লীৰ মোৰ ভাই-ভনী, দিল্লীৰ নাগৰিকসকলৰ ওপৰত। আৰু সেয়েহে, দেশৰ বিশ্বাসযোগ্যতাত যাতে সামান্য পৰিমাণেও দাগ নালাগে সেয়া দিল্লীয়ে কৰি দেখুৱাব লাগিব। দিল্লীৰ মোৰ ভাই-ভনীসকলে দেশৰ গৌৰৱৰ পতাকা উত্তোলিত কৰাৰ সৌভাগ্য লাভ কৰিছে। যদি কেতিয়াবা ৫-৭ জন অতিথি আপোনালোকৰ ঘৰলৈ আহে, তেনেহ'লে ঘৰৰ লোকসকলে মূল চোফাত নবহি কাষৰ সৰু চকীখনত গৈহে বহেগৈ, কিয়নো তেওঁলোকে অতিথিক ঠাই এৰি দিয়ে। আমাৰ ওচৰত অতিথি দেৱো ভৱৰ প্ৰমূল্যবোধ আছে, আমি আমাৰ ফালৰ পৰা বিশ্বক যিমান মান, সন্মান, স্বাগত জনাম, সেয়াই আমাৰ সন্মান বৃদ্ধি কৰিব, আমাৰ গৌৰৱ বৃদ্ধি কৰিব, আমাৰ খ্যাতি বৃদ্ধি কৰিব আৰু সেয়েহে ইয়াত ৫ ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বহুতো কাৰ্যক্ৰম অনুষ্ঠিত হ'ব। আগন্তুক দিনকেইটাত হবলগীয়া অসুবিধাৰ বাবে মই আজিয়েই দিল্লীৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিছো। আৰু মই তেওঁলোকক অনুৰোধ জনাইছো যে এই অতিথিসকল আমাৰ সকলোৰে, আমাৰ অলপ সমস্যা নিশ্চয় হ'ব, কিছু অসুবিধা নিশ্চয় হ'ব, সকলো যান-বাহনৰ ব্যৱস্থা সলনি হ'ব, আমাক বহু ঠাইলৈ যোৱাত বাধা দিয়া হ'ব, কিন্তু কিছুমান বস্তু প্ৰয়োজনীয় আৰু আমি জানো যে পৰিয়ালত বিয়া এখন হলেও, ঘৰৰ সকলোৱে কয়, নখ কাটি থাকোঁতে অলপ তেজ ওলালেও, তেতিয়া মানুহে ইয়াৰ যত্ন লয়, ঘৰত এটা সুযোগ আছে, কোনো ধৰণৰ অঘটন ঘটিব নালাগে, একো বেয়াকোনো ধৰণৰ অভব্য কাণ্ড ঘটিব নালাগে। এইটো এক ডাঙৰ উপলক্ষ, এটা পৰিয়াল হিচাপে, এই সকল অতিথি আমাৰ, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ সকলোৰে প্ৰচেষ্টাত, আমাৰ জি-২০ সন্মিলন দৰ্শনীয়, ৰঙীন হ'ব লাগে, আমাৰ সমগ্ৰ দিল্লী ৰঙেৰে পৰিপূৰ্ণ হৈ উঠিব লাগে, দিল্লীৰ মোৰ নাগৰিকসকলে এই কাম নিশ্চয় সুকলমে কৰিব।
মোৰ মৰমৰ ভাই-ভনীসকল, মোৰ পৰিয়ালৰ সদস্যসকল,
কেইদিনমানৰ পিছতে ৰক্ষা বন্ধন উৎসৱ আহি আছে। ভগ্নীসকলে ভ্ৰাতৃহঁতক ৰাখী বান্ধিব। আৰু আমিতো কৈ আহিছো, ‘চন্দামামা’। ‘চন্দামামা’ সৰুৰে পৰা শিকোৱা হয়, আমাক সৰুৰে পৰা শিকোৱা হয় যে ‘পৃথিৱী মাতৃ’, পৃথিৱী হৈছে মাতৃ, ‘চন্দামামা’ মানে আমাৰ পৃথিৱী মাতৃ চন্দামামাৰ ভগ্নী আৰু এই ৰাখী উৎসৱে ধৰিত্ৰী মায়ে লুনাৰক ৰাখীৰ ৰূপত পঠিয়াই চন্দামামাৰ সৈতে ৰাখী উৎসৱ উদযাপন কৰিবলৈ গৈ আছে। আৰু সেয়েহে আমি ৰাখীৰ এনে এক গৌৰৱময় উৎসৱ উদযাপন কৰা উচিত, এনে ভাতৃত্ববোধৰ, এনে বন্ধুত্বৰ, এনে প্ৰেমৰ পৰিৱেশ সৃষ্টি কৰা উচিত যে ‘জি-২০ সন্মিলন’তো চাৰিওফালে এই ভাতৃত্ববোধ, এই প্ৰেম, এই আমাৰ সংস্কৃতি আৰু আমাৰ পৰম্পৰাক বিশ্বৰ আগত পৰিচয় কৰাব লাগে। মই নিশ্চিত যে আগন্তুক উৎসৱসমূহ দৰ্শনীয় হ'ব আৰু মই নিশ্চিত যে ছেপ্টেম্বৰ মাহটোৱে ‘চন্দ্ৰযান’ৰ সফলতাৰ সৈতে বিজ্ঞানীসকলে বিশ্বত আকৌ এবাৰ উত্তোলিত কৰা পতাকাখনক এক নতুন শক্তি প্ৰদান কৰিব। ইমান ৰ’দতো ইয়ালৈ অহাৰ বাবে আৰু আমাৰ বিজ্ঞানীসকলৰ মহোৎসৱ সামূহিকভাৱে উদযাপন কৰিবলৈ, ত্ৰিৰংগ পতাকাৰ লহৰ তোলাৰ বাবে মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। মোৰ সৈতে উচ্চাৰণ কৰক –
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
ভাৰত মাতা কী জয়।
বহুত ধন্যবাদ।
***
(रिलीज़ आईडी: 1953462)
आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam