প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
25 AUG 2023 5:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকছ মিটচোটাকিছক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই একক ভাবে আলোচনাত মিলিত হোৱাৰ উপৰি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গ্ৰীচত সংঘটিত বনজুইৰ শোকাৱহ ঘটনাত হোৱা প্ৰাণনাশ আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ বাবে সমবেদনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰী মিটচোটাকিছে ‘চন্দ্ৰযান অভিযান’ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰি ‘ইয়াক মানৱতাৰ বাবেই সাফল্য’ বুলি অভিহিত কৰে।
আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, আন্তঃগাঁথনি, ডিজিটেল পৰিশোধ, জাহাজ, ফাৰ্মা, কৃষি, প্ৰব্ৰজন আৰু গতিশীলতা, পৰ্যটন, দক্ষতা বিকাশ, সংস্কৃতি, শিক্ষা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সহ দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন মাত্ৰা সামৰি লোৱা হয়। তেওঁলোকে ‘ইউৰোপীয় ইউনিয়ন’, ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্যসাগৰীয় অঞ্চল’কে ধৰি আঞ্চলিক আৰু বহুপাক্ষিক বিষয়সমূহো আলোচনা কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰো আহ্বান জনায়।
দুয়োপক্ষই তেওঁলোকৰ সম্পৰ্কক 'কৌশলগত অংশীদাৰিত্ব'লৈ উন্নীত কৰিবলৈ সন্মতি প্ৰকাশ কৰে।
***
(ৰিলিজ আই ডি : 1952787)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam