প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰকাৰী আঁচনিয়ে ১৩.৫ কোটি লোকক দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত কৰিছে আৰু তেওঁলোকক নতুন মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 15 AUG 2023 11:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ প্ৰদান কৰে। তেওঁ কয় যে বিশ্ব ৰেংকিঙত ভাৰতে ২০১৪ চনৰ দশম বৃহত্তম অৰ্থনীতিৰ পৰা আজি ৫ম সৰ্ববৃহৎ স্থানলৈ নিজৰ স্থান উন্নীত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া, চৰকাৰী লাভালাভ হস্তান্তৰত থকা বেমেজালি দূৰ কৰা আৰু এক শক্তিশালী অৰ্থনীতি সৃষ্টি কৰা আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে ৰাজহুৱা ধন খৰচ কৰাৰ ফলত এই উন্নতি সম্ভৱ হৈছে। "আজি মই দেশবাসীক ক'ব বিচাৰো যে যেতিয়া দেশখন অৰ্থনৈতিকভাৱে সমৃদ্ধ হয়, ই কেৱল ৰাজকোষেই পূৰণ নকৰে; ই নাগৰিক আৰু ৰাষ্ট্ৰৰ সামৰ্থ্য গঢ়ি তোলে। কোনো চৰকাৰে যদি দেশৰ নাগৰিকসকলৰ কল্যাণৰ বাবে সততাৰে অৰ্থ ব্যয় কৰাৰ প্ৰতিশ্ৰুতি লয়, তেন্তে এনে বিৰল প্ৰগতিশীল ফলাফল লাভ কৰিব পাৰি।"

 

ৰাজ্যসমূহলৈ কেন্দ্ৰই প্ৰদান কৰা পুঁজিৰ পৰিমাণ ৩০ লাখ কোটি টকাৰ পৰা ১০০ লাখ কোটি টকালৈ বৃদ্ধি হৈছে।

 

বিগত ১০ বছৰৰ অগ্ৰগতিৰ বিৱৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰিসংখ্যাই পৰিৱৰ্তনৰ এক আকৰ্ষণীয় চিত্ৰ দাঙি ধৰিছে। এই পৰিৱৰ্তন বৃহৎ আৰু ৰাষ্ট্ৰৰ অপৰিসীম সামৰ্থ্যৰ প্ৰমাণ বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১০ বছৰ পূৰ্বে ভাৰত চৰকাৰৰ পৰা ৰাজ্যসমূহলৈ ৩০ লাখ কোটি টকা প্ৰদান কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা ৯ বছৰত এই পৰিমাণ ১০০ লাখ কোটিত উপনীত হৈছে। "ইয়াৰ পূৰ্বে স্থানীয় প্ৰশাসনৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ কোষাগাৰৰ পৰা ৭০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল, আজি ই ৩ লাখ কোটি টকাতকৈও অধিক।"

 

দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ধন চাৰিগুণ বৃদ্ধি, কৃষকসকলৰ বাবে ১০ লাখ কোটি টকাৰ ইউৰিয়া ৰাজসাহায্য

 

প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কয় যে ইয়াৰ পূৰ্বে দৰিদ্ৰ লোকসকলৰ ঘৰ নিৰ্মাণৰ বাবে ৯০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছিল; আজি ই ৪ গুণ বৃদ্ধি পাইছে আৰু দৰিদ্ৰ লোকসকলৰ ঘৰ নিৰ্মাণৰ বাবে ৪ লাখ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত বিশ্বৰ বজাৰত এক বেগ ইউৰিয়াৰ দাম ৩,০০০ টকা, সেইসময়ত আমাৰ দেশৰ কৃষকসকলে সেয়া ৩০০ টকাত লাভ কৰি আহিছে। "আন্তৰ্জাতিক বজাৰত ৩,০০০ টকাত বিক্ৰী হোৱা এক বেগ ইউৰিয়াৰ আমি আমাৰ কৃষকসকলক ৩০০ টকাত প্ৰদান কৰিছোঁ, আৰু ইয়াৰ বাবে চৰকাৰে আমাৰ কৃষকসকলৰ বাবে ইউৰিয়াৰ ওপৰত ১০ লাখ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰি আছে।"

 

মুদ্ৰা যোজনাৰ জৰিয়তে প্ৰায় ১০ কোটি নাগৰিকক কৰ্মসংস্থান সৃষ্টিকৰ্তা হৈ উঠিছে

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰা যোজনাই কোটি কোটি নাগৰিকক উদ্যোগী হ'বলৈ সক্ষম কৰিছে আৰু এনেদৰে আনৰ বাবে চাকৰি সৃষ্টিও হৈ উঠিছে। "২০ লাখ কোটি টকাৰ বাজেটৰ মুদ্ৰা যোজনাই আমাৰ দেশৰ যুৱপ্ৰজন্মৰ বাবে স্ব-নিয়োজন, ব্যৱসায় আৰু উদ্যোগৰ সুযোগ প্ৰদান কৰিছে। প্ৰায় আঠ কোটি লোকে নতুন ব্যৱসায় আৰম্ভ কৰিছে, আৰু কেৱল আঠ কোটি লোকেই তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰা নাই; প্ৰতিজন উদ্যোগীয়ে এজন বা দুজন ব্যক্তিক নিযুক্তি প্ৰদান কৰিছে। আঠ কোটি নাগৰিকে লাভ কৰা মুদ্ৰা যোজনাৰ জৰিয়তে ৮-১০ কোটি নতুন ব্যক্তিক নিযুক্তি প্ৰদান কৰাৰ সামৰ্থ্য অৰ্জন কৰা হৈছে।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কোভিড-১৯ মহামাৰীৰ সময়ত ব্যৱসায়-বাণিজ্যক নানা ধৰণে সহায় কৰা হৈছিল, য'ত এমএছএমইসমূহক প্ৰায় ৩.৫ লাখ কোটি টকাৰ সাহায্য দিয়া হৈছিল। ইয়াৰ ফলত তেওঁলোক আৰ্থিক সংকটৰ পৰা ৰক্ষা পাইছিল আৰু তেওঁলোকক শক্তি প্ৰদান কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে "এক পদ এক পেন্সন" পদক্ষেপে কিদৰে ভাৰতৰ কোষাগাৰৰ পৰা আমাৰ সৈনিকসকললৈ ৭০,০০০ কোটি টকাৰ সুবিধা প্ৰদান কৰিছিল, যি প্ৰকৃততে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক নিদৰ্শন। আমাৰ অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ পৰিয়ালে এই ধন লাভ কৰিছে, তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবোৰ মাত্ৰ কেইটামান উদাহৰণ আৰু এনে বহুতো পদক্ষেপ আছে যিয়ে দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে, যাৰ ফলত দেশৰ বিভিন্ন কোণত কৰ্মসংস্থাপন সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আৰু কয় যে আগৰ বছৰবোৰৰ তুলনাত বিভিন্ন শ্ৰেণীত দেশৰ বাজেট বহুগুণে বৃদ্ধি কৰা হৈছে।

 

"১৩.৫ কোটি লোকে দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে"

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো প্ৰচেষ্টাৰ ফলস্বৰূপে চৰকাৰৰ পাঁচ বছৰৰ এটা কাৰ্যকালত ১৩.৫ কোটি দৰিদ্ৰ লোকে দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ নতুন মধ্যবিত্ত শ্ৰেণীত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱনত ইয়াতকৈ ডাঙৰ সন্তুষ্টি থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গৃহ নিৰ্মাণ আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ জৰিয়তে ৫০,০০০ কোটি টকা ব্যয় কৰা হৈছে। এনে বহুতো আঁচনিয়ে এই ১৩.৫ কোটি লোকক দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্ত হৈ আগুৱাই যোৱাত সহায় কৰিছে।

 

*************************



(Release ID: 1949279) Visitor Counter : 78