প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৱাশ্বিংটন ডিচিত ‘ভাৰত-মাৰ্কিনঃ ভৱিষ্যতৰ বাবে দক্ষতা’ সন্দৰ্ভত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ

Posted On: 22 JUN 2023 11:32PM by PIB Guwahati

ফাৰ্ষ্ট লেডী, ড০ জিল বাইডেন,

ড০ পঞ্চনাথন,

শ্ৰীযুত মেহৰোত্ৰা,

ড০ উইলিয়ামছ.

ভদ্ৰ পুৰুষ-মহিলাসকল

মোৰ মৰমৰ তৰুণ বন্ধু-বান্ধৱীসকল,

 

আজি ৱাশ্বিংটনলৈ অহাৰ লগে লগে ইমানবোৰ যুৱ আৰু সৃষ্টিশীল মনৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাই মই আনন্দিত হৈছো। ভাৰতে ৰাষ্ট্ৰীয় বিজ্ঞান ন্যাসৰ সৈতে বিভিন্ন প্ৰকল্পত সহযোগিতা আগবঢ়াইছে, যাৰ ফলত এই স্থান আৰু অধিক বিশেষ হৈ পৰিছে।

ড০ বাইডেন,

আপোনাৰ জীৱন, আপোনাৰ প্ৰচেষ্টা, আপোনাৰ কৃতিত্ব সকলোৰে বাবে প্ৰেৰণাৰ উৎস। আমাৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ উন্নত ভৱিষ্যত নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব।

এই উজ্জ্বল ভৱিষ্যতৰ বাবে শিক্ষা, দক্ষতা আৰু উদ্ভাৱন অতি প্ৰয়োজনীয় আৰু এই দিশত আমি ভাৰতত কেইবাটাও প্ৰচেষ্টা হাতত লৈছো। আমি ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিক্ষা আৰু দক্ষতাক একত্ৰিত কৰিছো। আমি বিদ্যালয়সমূহত প্ৰায় ১০,০০০ অটল টিংকাৰিং লেব স্থাপন কৰিছো, য’ত শিশুসকলক বিভিন্ন ধৰণৰ উদ্ভাৱন অন্বেষণৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰা হয়। আমি যুৱ উদ্যোগীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ষ্টাৰ্ট আপ ইণ্ডিয়া মিছন আৰম্ভ কৰিছো। আমাৰ লক্ষ্য এই দশকটোক "প্ৰযুক্তি দশক" বা টেকেড হিচাপে গঢ়ি তোলা।

বন্ধুসকল,

ভাৰত আৰু আমেৰিকাৰ মাজত বিকাশৰ গতি বজাই ৰাখিবলৈ প্ৰতিভাৰ পাইপলাইনৰ প্ৰয়োজন। আমেৰিকাত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান আৰু উন্নত প্ৰযুক্তি আছে যদিও ভাৰতত বিশ্বৰ সৰ্ববৃহৎ যুৱ কাৰখানা আছে। গতিকে মই বিশ্বাস কৰোঁ যে ভাৰত আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্বই বহনক্ষম আৰু সৰ্বাংগীন বিশ্ব বৃদ্ধিৰ ইঞ্জিন হিচাপে প্ৰমাণিত হ’ব। আমেৰিকাৰ কমিউনিটি কলেজসমূহে গ্ৰহণ কৰা উল্লেখযোগ্য ভূমিকাৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো।

বন্ধুসকল,

ভাৰত আৰু আমেৰিকাৰ মাজত শিক্ষা আৰু গৱেষণাৰ পাৰস্পৰিক সহযোগিতাৰ ওপৰত কিছু চিন্তা আগবঢ়াব বিচাৰিছো। এই সহযোগিতামূলক প্ৰচেষ্টাত চৰকাৰ, উদ্যোগ, শিক্ষাবিদ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক জড়িত কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত ভাৰত-আমেৰিকা শিক্ষক বিনিময় কাৰ্যসূচী আৰম্ভ কৰাৰ কথা আমি বিবেচনা কৰিব পাৰো।

সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা বিজ্ঞানী আৰু উদ্যোগীসকলৰ সৈতে সম্পৰ্ক বৃদ্ধিৰ উদ্দেশ্যে আমি ২০১৫ চনত গ্ল’বেল ইনিচিয়েটিভ অৱ একাডেমিক নেটৱৰ্কছ (জিআইএএন) আৰম্ভ কৰিছিলো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আমি এই কাৰ্যসূচীৰ অধীনত আমেৰিকাৰ পৰা ৭৫০জন ফেকাল্টি মেম্বাৰক ভাৰতলৈ সফলতাৰে আদৰণি জনাইছো। আমেৰিকাত শিক্ষা আৰু গৱেষণাৰ সৈতে জড়িত সেৱা আগবঢ়োৱা আৰু অৱসৰপ্ৰাপ্ত ব্যক্তিসকলক অনুৰোধ কৰিব বিচাৰিছো যে তেওঁলোকে নিজৰ ছুটী বিশেষকৈ শীতকালীন বিৰতি ভাৰতত কটাবলৈ বিবেচনা কৰক। এনে কৰি তেওঁলোকে কেৱল ভাৰত অন্বেষণ কৰাই নহয়, ভাৰতৰ নতুন প্ৰজন্মৰ লগত তেওঁলোকৰ জ্ঞান বিনিময় কৰিব পাৰে।

আপোনালোকে এইটোও জানে যে যুৱক-যুৱতীসকলৰ মাজত সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ মনোভাৱ অবিশ্বাস্য। মই বিশ্বাস কৰোঁ যে দুয়োখন দেশ একত্ৰিত হৈ বিভিন্ন বিষয়ত হেকাথন অনুষ্ঠিত কৰা উচিত। ইয়াৰ দ্বাৰা বৰ্তমানৰ বহু সমস্যাৰ সমাধান পোৱাই নহয় ভৱিষ্যতৰ বাবে নতুন ধাৰণাও সৃষ্টি হ’ব পাৰে। আমি বৃত্তিমূলক দক্ষতা অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতিৰ বিষয়েও আলোচনা কৰাৰ কথা চিন্তা কৰিব পাৰো।

বন্ধুসকল,

মই বিচাৰিম যে আমেৰিকাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ বিনিময় কাৰ্যসূচীৰ অধীনত ভাৰতলৈ আহিব, য’ত তেওঁলোকে ভাৰতৰ অভিজ্ঞতা আৰু অন্বেষণ কৰিব পাৰে। মোৰ আশা আৰু বিশ্বাস আছে যে সেই দিনটো বহু দূৰত নহয় যেতিয়া "নভাজো ৰাষ্ট্ৰ"ৰ যুৱক-যুৱতীসকলে ভাৰতৰ নাগালেণ্ডত বহি বন্ধু-বান্ধৱীৰ সৈতে সহযোগিতা কৰি এটা ধাৰণা আৰু এটা প্ৰকল্পৰ সহযোগিতা আগবঢ়াব। মোক ইমানবোৰ ধাৰণা প্ৰদান কৰাৰ বাবে এই দুজন যুৱ ব্যক্তিৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা জনাইছো।

ফাৰ্ষ্ট লেডী ড০ জিল বাইডেনৰ প্ৰতি পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে নেচনেল ছায়েন্স ফাউণ্ডেশ্যন আৰু আপোনালোক সকলোকে ইয়াত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছো।

ধন্যবাদ৷

 

***



(Release ID: 1945803) Visitor Counter : 93