প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইউএইৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 JUL 2023 6:06PM by PIB Guwahati
২০২৩ চনৰ ১৫ জুলাইত আবুধাবিত প্ৰতিনিধি দল পৰ্যায়ত আৰু মুখামুখি আলোচনাত ইউ এ ইৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ প্ৰশাসক এইচ এইচ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন দিশ সামৰি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়, য’ত বাণিজ্য আৰু বিনিয়োগ, ফিনটেক, শক্তি, নবীকৰণযোগ্য শক্তি, জলবায়ু, উচ্চ শিক্ষা আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্ককে ধৰি বিভিন্ন দিশ সামৰি আলোচনা কৰে। আলোচনাত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহো সামৰি লোৱা হয়।
দুয়োগৰাকী নেতাই তিনিটা উল্লেখযোগ্য নথি-পত্ৰৰ আদান-প্ৰদানৰো সাক্ষী হৈছিল:
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ইউ.এ.ই. কেন্দ্ৰীয় বেংকৰ মাজত সীমা অতিক্ৰমি লেনদেনৰ বাবে স্থানীয় মুদ্ৰাৰ (ভাৰতীয় টকা-এইডি) ব্যৱহাৰৰ প্ৰচাৰৰ বাবে এক ফ্ৰেমৱৰ্ক স্থাপনৰ বাবে বুজাবুজি চুক্তি।
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ইউ.এ.ই. কেন্দ্ৰীয় বেংকৰ মাজত পৰিশোধ আৰু বাৰ্তা প্ৰণালীৰ আন্তঃসংযোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজি চুক্তি।
আইআইটি দিল্লী - আবু ধাবি, ইউ.এ.ই. স্থাপনৰ আঁচনিৰ বাবে ভাৰতৰ শিক্ষা মন্ত্ৰালয়, আবু ধাবি আৰু আই.আই.টি. দিল্লীৰ শিক্ষা আৰু জ্ঞান বিভাগৰ মাজত বুজাবুজি চুক্তি।
বৈঠকৰ অন্তত এক যৌথ বিবৃতি জাৰি কৰা হয়। লগতে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত এক সুকীয়া যুটীয়া বিবৃতিও জাৰি কৰা হয়।
.*****
(रिलीज़ आईडी: 1944668)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam