মহাকাশ দপ্তৰ

অতি কম সময়ৰ ভিতৰতে ১৪০ তকৈও অধিক মহাকাশ ষ্টাৰ্টআপৰ সৈতে, ভাৰতে এক শক্তিশালী স্থিতিত উপনীত হৈছে আৰু সমগ্ৰ বিশ্বই ইয়াক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে: ড০ জীতেন্দ্ৰ সিং

বাহিৰৰ মহাকাশৰ অন্বেষণৰ বাবে বিশ্বব্যাপী সহযোগিতা আৰু মিত্ৰতা গুৰুত্বপূৰ্ণ – জীতেন্দ্ৰ সিং

Posted On: 06 JUL 2023 12:58PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ'), পাৰমাণৱিক শক্তি বিভাগ আৰু মহাকাশ বিভাগ আৰু কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন ৰাজ্যিক মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে আজি কয় যে অতি কম সময়ৰ ভিতৰতে ১৪০ টাতকৈও অধিক মহাকাশ ষ্টাৰ্টআপ বজাৰলৈ আহিছে। সময়ৰ লগে লগে ভাৰতে এক শক্তিশালী স্থিতি অৰ্জন কৰিছে আৰু এতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ সামৰ্থ্য আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনা স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে।

আজি বাংগালুৰুত অনুষ্ঠিত স্পেচ ইক’নমিক লীডাৰ্ছ মীটিং (এছইএলএম) জি-২০ চতুৰ্থ সংস্কৰণৰ উদ্বোধনী অধিৱেশনত ভাষণ দি ড০ জিতেন্দ্ৰ সিঙে কয় যে ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া হৈছে যিয়ে ভাৰতৰ মহাকাশ খণ্ডব্যক্তিগত খেলুৱৈসকলৰ বাবে মুকলি কৰি দিছে, যাৰ ফলত যোৱা কেইবছৰমানত মহাকাশ খণ্ডত বৃহৎ বৃদ্ধি হৈছে। তেওঁ কয় যে আন কিছুমান দেশতকৈ বহু বছৰ পিছত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিলেও, তথাপিও ভাৰতেই বিশ্বৰ আগশাৰীৰ মহাকাশ সংস্থাসমূহৰ সুবিধাৰ বাবে গুৰুত্বপূৰ্ণ সংকেত আৰু ইনপুট প্ৰদান কৰি আছে।

 

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত মহাকাশ চুক্তি সমূহ কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি জানিবলৈ দিয়ে আৰু এই সত্যটোৱে ইংগিত দিয়ে যে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নেতা বুলি দাবী কৰা দেশসমূহেও তেওঁলোকৰ মহাকাশ সম্পৰ্কীয় কাৰ্যকলাপত মূল্য সংযোজনৰ বাবে আজি ভাৰতৰ ফালে চাই আছে।

ব্যক্তিগত খণ্ডক প্ৰশংসা কৰি ড০ জীতেন্দ্ৰ সিঙে মহাকাশ অৰ্থনীতিত তেওঁলোকৰ উদীয়মান ভূমিকাক “গুৰুত্বপূৰ্ণ” বুলি অভিহিত কৰে।

ড০ জীতেন্দ্ৰ সিঙে কৈছিল যে বাহিৰৰ মহাকাশৰ অন্বেষণৰ বাবে মানুহৰ বৰ্ধিত উচ্চাকাংক্ষাৰ পৰিপ্ৰেক্ষিতত বিশ্বব্যাপী সহযোগিতা আৰু মিত্ৰতা গুৰুত্বপূৰ্ণ। তেওঁ আৰু কৈছিল যে বিশ্ব অৰ্থনীতিত মহাকাশ অৰ্থনীতিৰ অংশ বৃদ্ধিৰ বাবে মহাকাশ ভ্ৰমণ দেশসমূহৰ এক মিত্ৰতা থকাটো সময়ৰ প্ৰয়োজন।

ড০ জীতেন্দ্ৰ সিঙে কয় যে "মানৱতাৰ ভৱিষ্যতবিকাশ হৈছে আমাৰ সামূহিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে দায়িত্বশীলভাৱে সম্পদব্যৱহাৰ কৰা আৰু সম্পদ সংগ্ৰহ কৰাৰ লগতে বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) আহৰণ কৰিবলৈ আৰু সাধাৰণ মানুহৰ জীৱন উন্নত কৰাৰ বাবে মহাকাশ প্ৰযুক্তিব্যৱহাৰ কৰা। "

 

 

তেওঁ কয়, "এই সময়ৰ প্ৰয়োজনহ'ল বিশ্ব অৰ্থনীতিত মহাকাশ অৰ্থনীতিৰ অংশ বৃদ্ধিৰ বাবে দায়বদ্ধ মহাকাশ ভ্ৰমণকাৰী দেশসমূহৰ এক মিত্ৰতা থকা আৰু যিহেতু এই কাৰ্যসূচীৰ বিষয়বস্তু সঠিকভাৱে প্ৰতিফলিত হৈছে।" "আৰু আমি সংস্কৃতত 'বসুধৈৱ কুটুম্বকম' বুলি কওঁ – "ই ভাৰতৰ জি-২০ বিষয়বস্তুক সঠিকভাৱে প্ৰতিফলিত কৰে, য’ত কোৱা হয় – "এক পৃথিৱী, এক মহাকাশ আৰু এক ভৱিষ্যত"। "

মন্ত্ৰীগৰাকীয়ে কয় যে, "যিহেতু মহাকাশ প্ৰযুক্তিয়ে অৰ্থনীতিৰ বিভিন্ন স্তম্ভক এটা ছাতিৰ তলত একত্ৰিত কৰে, গতিকে ইয়াত কৰা বিনিয়োগে দেশ আৰু অৰ্থনীতিৰ সামগ্ৰিক উন্নয়নত বহুগুণক প্ৰভাৱ পেলাব। অধ্যয়নত আগন্তুক দশকত মহাকাশ অৰ্থনীতি পৰৱৰ্তী ট্ৰিলিয়ন ডলাৰৰ খণ্ড হ'ব বুলি পূৰ্বানুমান কৰা হৈছে। অৰ্থনীতিত মহাকাশৰ গুৰুত্ব বিবেচনা কৰি ভাৰতে আমাৰ মহাকাশৰ অৰ্থনীতি মুকলি, একত্ৰিত আৰু অন্যান্য দেশৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে।" ক’লে।

সমগ্ৰ বিশ্বৰ ব্যক্তিগত অংশীদাৰ আৰু থিংক টেংকক আদৰণি জনাই ভাৰতৰ এছ এণ্ড টি মন্ত্ৰীয়ে আশা কৰে যে জি-২০ দেশসমূহৰ মহাকাশ অৰ্থনীতিৰ নেতা বৈঠকে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত একত্ৰীকৰণৰ সূচনা কৰি গ্ৰহটোত বাস্তৱিক আৰু ইতিবাচক প্ৰভাৱ পেলাব।

তেওঁ কয়, ‘এই কথাটো বিবেচনা কৰিলে যে অংশীদাৰ দেশসমূহৰ লগতে জি-২০ দেশসমূহে বিশ্বৰ জিডিপিৰ প্ৰায় ৮৫%, বিশ্ব বাণিজ্যৰ ৭৫%, আৰু বিশ্বৰ জনসংখ্যাৰ ২/৩ অংশ প্ৰতিনিধিত্ব কৰে, আমি ইয়াত লোৱা সিদ্ধান্তসমূহে মহাকাশ অৰ্থনীতিৰ ভৱিষ্যতত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।’

ড০ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ ৬ দশকৰ ভিতৰত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগৰ সম্ভাৱনা ভাৰতে প্ৰদৰ্শন কৰিছে।

তেওঁ কয়, “আজি মহাকাশে মানৱ জীৱনৰ সকলো স্তৰকে স্পৰ্শ কৰিছে, য’ত বিজ্ঞান আৰু প্ৰযুক্তি, দূৰসংযোগ, কৃষি, শিক্ষা, স্বাস্থ্য, গ্ৰাম্য উন্নয়ন, দুৰ্যোগ সতৰ্কবাণী আৰু প্ৰশমন, জলবায়ু পৰিৱৰ্তনৰ অধ্যয়ন, নৌ পৰিবহণ, প্ৰতিৰক্ষা আৰু শাসন ব্যৱস্থা আদি কেইটামানৰ নাম উল্লেখ কৰিব পাৰি।”

ৰাষ্ট্ৰীয় মহাকাশ সংস্থাৰ মুৰব্বী, জি-২০ৰ মহাকাশ উদ্যোগৰ নেতা, জি-২০ ৰাষ্ট্ৰ আৰু আমন্ত্ৰিত দেশৰ জ্যেষ্ঠ কূটনীতিবিদ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে দুদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিছে।



(Release ID: 1944661) Visitor Counter : 93