প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজিপ্তৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ইজিপ্তৰ কেবিনেটৰ ‘ইণ্ডিয়া ইউনিট’ৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 25 JUN 2023 5:13AM by PIB Guwahati

আনুষ্ঠানিক ভ্ৰমণৰ অংশ হিচাপে কাইৰোত উপস্থিত হোৱাৰ কিছু সময় পিছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ জুনত ইজিপ্তৰ মন্ত্ৰীসভাত "ইণ্ডিয়া ইউনিট"ৰ সৈতে এখন বৈঠকত মিলিত হয়। ২০২৩ চনৰ গণৰাজ্য দিৱসত ভাৰতত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে কৰা আনুষ্ঠানিক ভ্ৰমণৰ পিছতে চলিত বৰ্ষৰ আৰম্ভণিতে এই ইণ্ডিয়া ইউনিট গঠন কৰা হৈছিল। উল্লেখ্য যে ইণ্ডিয়া ইউনিটৰ নেতৃত্বত আছে ইজিপ্তৰ মাননীয় প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰী মেডবৌলী আৰু তেওঁৰ কেবিনেট সহযোগীসকলে ইণ্ডিয়া ইউনিটে গ্ৰহণ কৰি অহা কাৰ্য্যকলাপৰ ৰূপৰেখা দাঙি ধৰে, আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁলোকে ভাৰতীয় সমকক্ষসকলৰ ইতিবাচক সঁহাৰিৰ শলাগ লয়, আৰু অসংখ্য খণ্ডত ভাৰত-মিচৰৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ বাবে আগ্ৰহী।

প্ৰধানমন্ত্ৰীয়ে ভাৰত ইউনিট গঠনৰ শলাগ লয় আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ বাবে এই ‘সমগ্ৰ চৰকাৰী পন্থা’ক আদৰণি জনায়, আৰু পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন ক্ষেত্ৰত ইজিপ্তৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ ভাগ লয়।

বাণিজ্য আৰু বিনিয়োগ, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, আই টি, ডিজিটেল পেমেণ্ট প্লেটফৰ্ম, ফাৰ্মা আৰু মানুহৰ সৈতে মানুহৰ সম্পৰ্কৰ দৰে ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰী মেডবৌলিৰ বাহিৰেও ইজিপ্তৰ সাতগৰাকী কেবিনেট মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়া উপস্থিত আছিল, য’ত আছিল-

বিদ্যুৎ আৰু পুনৰ্নবীকৰণ শক্তি মন্ত্ৰী মহামহিম ড. মহম্মদ শ্বাকেৰ এল-মাৰ্কাবি
বৈদেশিক মন্ত্ৰালয় মন্ত্ৰী মহামহিম ছামেহ শ্বৌক্ৰে
পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰী মহামহিম ড° হালা আল-ছাইড
আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী মহামহিম ড০ ৰানিয়া আল-মাছাত
বিত্ত মন্ত্ৰী মহামহিম ড০ মহম্মদ মাইট

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী মহামহিম ড০ আমৰ তালাত
উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মহামহিম ইঞ্জিনিয়াৰ আহমেদ সমীৰ

 

***



(Release ID: 1940337) Visitor Counter : 67