গৃহ মন্ত্ৰালয়

সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা’ বিষয়ক আঞ্চলিক সন্মিলনৰ সভাপতিত্ব কৰিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে

এই সন্মিলনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নেতৃত্বত এন চি বিয়ে সকলো ৰাজ্যৰ এ এন টি এফৰ সমন্বয়ত দেশৰ বিভিন্ন প্ৰান্তত ১ লাখ ৪৪ হাজাৰ কেজিতকৈ অধিক নিচাজাতীয় দ্ৰব্য ধ্বংস কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি ড্ৰাগছমুক্ত ভাৰত গঢ়ি তুলিছে

২০২২ চনৰ ১ জুনৰ পৰা ২০২৩ চনৰ ১৫ জুলাইলৈকে ৰাজ্যসমূহৰ এনচিবি আৰু এএনটিএফৰ সকলো আঞ্চলিক ইউনিটে মিলি প্ৰায় ৯,৫৮০ কোটি টকাৰ প্ৰায় ৮,৭৬,৫৫৪ কেজি জব্দ ড্ৰাগছ ধ্বংস কৰাত সফল হৈছে, যিটো লক্ষ্যতকৈ ১১ গুণ বেছি

১৭ জুলাই সোমবাৰে ধ্বংস হোৱাৰ লগে লগে এবছৰত ধ্বংস হোৱা নিচাজাতীয় সামগ্ৰীৰ পৰিমাণ প্ৰায় ১০ লাখ কিলোগ্ৰাম হ’ব, যাৰ মূল্য প্ৰায় ১২ হাজাৰ কোটি টকা

Posted On: 16 JUL 2023 2:39PM by PIB Guwahati

সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা’ বিষয়ক আঞ্চলিক সন্মিলনৰ সভাপতিত্ব কৰিব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে। সন্মিলনৰ সময়ত শ্ৰী অমিত শ্বাহৰ নেতৃত্বত নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৱে সকলো ৰাজ্যৰ এণ্টি নাৰ্কটিকছ টাস্ক ফ’ৰ্চ (এনটিএফ)ৰ সমন্বয়ত প্ৰায় ২,৪১৬ কোটি টকাৰ ১,৪৪,০০০ কিলোগ্ৰামতকৈ অধিক নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হ’ব। ধ্বংস হ’বলগীয়া নিচাজাতীয় দ্ৰব্যসমূহৰ ভিতৰত এনচিবিৰ হায়দৰাবাদ ইউনিটে ৬৫৯০ কেজি, এনচিবিৰ ইন্দোৰ ইউনিটে ৮২২ কেজি আৰু জম্মু ইউনিটে ৩৫৬ কেজি নিচাজাতীয় সামগ্ৰী ধ্বংস কৰিব। ইয়াৰ লগতে বিভিন্ন ৰাজ্যৰ বিভিন্ন আইন প্ৰৱৰ্তনকাৰী সংস্থাই মুঠ ১,৪৪,১২২ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ধ্বংস কৰিব। ইয়াৰ ভিতৰত আছে অসমত ১,৪৮৬ কিলোগ্ৰাম, চণ্ডীগড়ত ২২৯ কিলোগ্ৰাম, গোৱাত ২৫ কিলোগ্ৰাম, গুজৰাটত ৪,২৭৭ কিলোগ্ৰাম, হাৰিয়ানাত ২,৪৫৮ কিলোগ্ৰাম, জম্মু আৰু কাশ্মীৰত ৪,০৩,৮৮ কিলোগ্ৰাম, মধ্য প্ৰদেশত ১,০৩,৮৮ কিলোগ্ৰাম, ত্ৰিপুৰাত ১,৮০৩ কিলোগ্ৰাম আৰু উত্তৰ প্ৰদেশত ৪,০৪৯ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি ড্ৰাগছমুক্ত ভাৰত গঢ়ি তুলিছে। ২০২২ চনৰ ০১ জুনৰ পৰা ২০২৩ চনৰ ১৫ জুলাইলৈকে ৰাজ্যসমূহৰ এনচিবি আৰু এএনটিএফৰ সকলো আঞ্চলিক ইউনিটে মিলি প্ৰায় ৮,৭৬,৫৫৪ কিলোগ্ৰাম জব্দ ড্ৰাগছ ধ্বংস কৰাত সফল হৈছে, যিটো লক্ষ্যৰ ১১ গুণতকৈও অধিক। এই ধ্বংসপ্ৰাপ্ত নিচাজাতীয় দ্ৰব্যসমূহৰ মূল্য প্ৰায় ৯৫৮০ কোটি টকা।

১৭ জুলাই সোমবাৰে এই ধ্বংসকাৰ্য সংঘটিত হোৱাৰ লগে লগে এবছৰত ধ্বংস হোৱা নিচাজাতীয় দ্ৰব্যৰ পৰিমাণ প্ৰায় ১০ লাখ কিলোগ্ৰাম হ’ব, যাৰ মূল্য প্ৰায় ১২ হাজাৰ কোটি টকা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ড্ৰাগছমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ একে উৎসাহ আৰু প্ৰস্তুতিৰে এই বিশেষ নিঃশেষ অভিযান সক্ৰিয়ভাৱে চলি থাকিব।

*****



(Release ID: 1940022) Visitor Counter : 142