প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’ জয় কৰাৰ বাবে ভাৰতীয় ফুটবল দলক অভিনন্দন জনাইছে

Posted On: 05 JUL 2023 1:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’-ত বিজয়ী হোৱা বাবে ভাৰতীয় ফুটবল দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"ভাৰতে আকৌ এবাৰ চেম্পিয়নৰ মুকুট পিন্ধিছে! ‘এছএএফএফ চেম্পিয়নশ্বিপ ২০২৩’-ত ‘ব্লু টাইগাৰ্ছ’ সৰ্বোচ্চ আসনত উপৱিষ্ট হৈছে! আমাৰ খেলুৱৈসকলক অভিনন্দন জনাইছোঁ। এইসকল খেলুৱৈৰ সংকল্পবদ্ধতা আৰু দৃঢ়তাৰে পৰিচালিত ভাৰতীয় দলৰ উল্লেখনীয় যাত্ৰাই উদীয়মান খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব।"



***



(Release ID: 1937868) Visitor Counter : 80