প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ দাতিয়াত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ভুক্তভোগীসকলৰ বাবে ‘পিএমএনআৰএফ’ৰ পৰা অনুদান ঘোষণা

प्रविष्टि तिथि: 28 JUN 2023 8:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ দাতিয়া জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে পীড়িতসকলৰ বাবে ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’ (পিএমএনআৰএফ)ৰ পৰা অনুদান ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ‘টুইট’ কৰিছে;

"দাতিয়াত সংঘটিত পথ দুৰ্ঘটনাটো হৃদয়বিদাৰক। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসন সম্পূৰ্ণৰূপে সাহায্য আৰু উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে।: প্ৰধানমন্ত্ৰী মোদী”

"দাতিয়াত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"

*******


(रिलीज़ आईडी: 1936803) आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam