প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে

Posted On: 27 JUN 2023 10:01PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।

প্রধানমন্ত্রীয়ে ৰাণী কমলাপতি-ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ প্রথম ডবাটো পৰিদর্শন কৰে। ট্রেইনত থকা শিশু আৰু ট্রেইনৰ কর্মীসকলৰ সৈতে কথা পাতে তেওঁ।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে,

আজি ভোপালত একেলগে পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰাৰ সৌভাগ্য হৈছে। দেশজুৰি পৰিকাঠামো আৰু যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নয়নত আমাৰ চৰকাৰ কিমান তৎপৰ, এয়া তাৰেই প্রতিফলন।

                                             

ইন্দোৰৰ সাংসদ শ্রী শঙ্কৰ লালওৱানি ভোপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ যাত্রী আছিল। তেওঁৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে মধ্যপ্রদেশৰ মানুহক অভিনন্দন জনাই কৈছে, এই ট্রেইনৰ ফলত তীর্থযাত্রীসকল উজ্জয়িনীলৈ যোৱাটো অধিক সুবিধাজনক হ'ব।

                                             

জব্বলপুৰৰ সাংসদ শ্রী ৰাকেশ সিঙে ভোপাল (ৰাণী কমলাপতি)-জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ আৰম্ভ হোৱাত সন্তোষপ্রকাশ কৰিছে। তেওঁৰ ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছে, এই ট্রেইনৰ সুবাদত মধ্যপ্রদেশৰ ৰাজধানী ভোপাল আৰু ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী জব্বলপুৰৰ মাজত যোগাযোগ অধিক মসৃণ হ'ব। ইয়াৰ ফলত পর্যটনৰ প্রসাৰ হ', তীর্থযাত্রীসকলেও ইয়াৰ সুফল পাব। 

                                             

ৰাঁচিৰ সাংসদ শ্রী সঞ্জয় শেঠৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছে, ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছে খনিজ সম্পদ সমৃদ্ধ ঝাড়খণ্ড আৰু বিহাৰৰ প্রগতি আৰু বিকাশক অধিক গতি দিব।

গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্রী ডঃ প্রমোদ সাৱান্তৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে ট্যুইট কৰি কৈছে, “বন্দে ভাৰত ট্রেইনে আৰু বেছি সংখ্যক পর্যটকক গোৱাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ ফলত কোঙ্কন উপকূলীয় অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰো উন্নতি হ'ব।

                                                 

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আৰু কর্ণাটকৰ ৰাজ্যপাল শ্রী থাওৱাৰ চন্দ গেহলট ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সাক্ষী আছিল। শ্রী যোশীয়ে কৰা এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে তেওঁৰ ট্যুইটত কৈছে, “ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছে কর্ণাটকজুৰি যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাব। ৰাজ্যৰ বাণিজ্য আৰু পর্যটনৰ বিকাশতো সহায়ক হ'ব এই ট্রেইন।

**********



(Release ID: 1936356) Visitor Counter : 91