প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৩০ জুনত দিল্লী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

ফেকাল্টি অফ টেকন’লজি, কম্পিউটাৰ ছায়েন্স আৰু বিশ্ববিদ্যালয়ৰ একাডেমিক ব্লকৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 JUN 2023 6:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুন, ২০২৩ত দিল্লী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া প্ৰকল্পৰ বহুমুখী ভৱনত পুৱা ১১ বজাত শতবৰ্ষ অনুষ্ঠানৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব৷ 
অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টি চেণ্টাৰ আৰু ফেকাল্টি অফ টেকন’লজিৰ ভৱন আৰু বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদত এটা একাডেমিক ব্লকৰ আধাৰশিলা স্থাপন কৰিব৷
১৯২২ চনত ১ মে’ত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল৷ বিগত ১০০ বছৰে বিশ্ববিদ্যালয়খন ব্যাপক উন্নয়ন আৰু সম্প্ৰসাৰণ কৰা হয় আৰু বৰ্তমান ইয়াৰ ৮৬টা বিভাগ, ৯০খন মহাবিদ্যালয় আৰু ৬লাখতকৈ অধিক শিক্ষাৰ্থী আৰু ই ৰাষ্ট্ৰ নিৰ্মাণত অপৰিসীম অৱদান আগবঢ়াইছে৷


***

 



(Release ID: 1936315) Visitor Counter : 73