প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ পেছাদাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
পোষ্ট কৰা হৈছে:
24 JUN 2023 7:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ২৩ জুনত ৱাশ্বিংটন ডি.চি.ৰ জন এফ. কেনেডি চেন্টাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেছাদাৰীসকলৰ এক সমাৱেশ সম্বোধন কৰে।
যুক্তৰাষ্ট্ৰ – ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফৰাম (USISPF)ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মহামহিম এন্টনি ব্লিংকেনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানত ভিন্ন ক্ষেত্ৰৰ প্ৰায় ১০০০ আগশাৰীৰ পেছাদাৰীয়ে অংশগ্ৰহণ কৰে।
****
(ৰিলিজ আই ডি : 1935664)
অতিথি কক্ষ : 144
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam