প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশিষ্ট শিক্ষাবিদসকলৰ এটা গোটৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 21 JUN 2023 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশিষ্ট শিক্ষাবিদসকলৰ এটা গোটক সাক্ষাৎ কৰে। শিক্ষাবিদসকল কৃষি, বিপণন, অভিযান্ত্ৰিক, স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তিৰ দৰে বিভিন্ন ক্ষেত্ৰৰে জড়িত।

তেওঁলোকে ভাৰতৰ নতুন শিক্ষা নীতিৰ অধীনত গৱেষণা সহযোগিতা আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত বিদ্যায়তনিক বিনিময়ৰ পৰিসৰ বৃদ্ধিৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰে।

শিক্ষাবিদসকলে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ নিজ নিজ বিশেষজ্ঞক্ষেত্ৰৰ দৃষ্টিভংগী তথা অভিজ্ঞতাসমূহ উপস্থাপন কৰিছিল।

বাৰ্তালাপত অংশগ্ৰহণ কৰা শিক্ষাবিদসকলৰ বিৱৰণ নিম্নলিখিত ধৰণৰ:


•শ্ৰীমতী চন্দ্ৰিকা টেণ্ডন, ‘বোৰ্ড অধ্যক্ষ’, ‘এনওৱাইইউ টেণ্ডন স্কুল অব ইঞ্জিনিয়াৰিং’

• ‘পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটী’ৰ ‘অধ্যক্ষ’ ড০ নীলি বেণ্ডাপুড়ি

• ড. প্ৰদীপ খোচলা, ছান ডিয়েগোৰ ‘কেলিফৰ্নিয়া বিশ্ববিদ্যালয়’ৰ ‘চেঞ্চেলৰ’

• ‘বাফেলো বিশ্ববিদ্যালয়’ৰ ‘অধ্যক্ষ’ ড০ সতীশ ত্ৰিপাঠী

• অধ্যাপক জগমোহন ৰাজু, ‘পেনচিলভেনিয়া বিশ্ববিদ্যালয়’ৰ ‘ৱাৰ্টন স্কুল অব বিজনেছ’ৰ ‘মাৰ্কেটিং বিভাগ’ৰ অধ্যাপক

• ড. মাধৱ ভি. ৰাজন, ‘ডীন’, ‘বুথ স্কুল অব বিজনেছ’, ‘চিকাগো বিশ্ববিদ্যালয়’

• অধ্যাপক ৰতন লাল, ‘ভূমি বিজ্ঞান’ৰ বিশিষ্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক; ‘চিএফএইএছ ৰতন লাল চেণ্টাৰ ফৰ কাৰ্বন মেনেজমেণ্ট এণ্ড চেকুৱেষ্টেশ্যন’, ‘অহাইঅ’ ষ্টেট ইউনিভাৰ্চিটী’ৰ সঞ্চালক

•’ষ্টেনফৰ্ড বিশ্ববিদ্যালয়’ৰ ‘কাৰ্ডিঅভাস্কুলাৰ মেডিচিন’ৰ ‘সহযোগী অধ্যাপক’ আৰু ‘ষ্টেনফৰ্ড বিশ্ববিদ্যালয়’ৰ ‘উদ্ভাৱন আৰু গোলকীয় স্বাস্থ্য কেন্দ্ৰ’ত ‘প্ৰযুক্তি উদ্ভাৱন আৰু প্ৰভাৱ সম্পৰ্কীয় প্ৰকল্পৰ নেতৃত্ব প্ৰদানকাৰী ড. অনুৰাগ মৈৰাল

 

***


(रिलीज़ आईडी: 1933962) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam