প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সুখ প্ৰকাশ

জে এণ্ড কেৰ বাৰামুল্লা জিলাত বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সুখ প্ৰকাশ

Posted On: 01 JUN 2023 10:27AM by PIB Guwahati

জম্মু-কাশ্মীৰৰ বাৰামুল্লাত কৃষকৰ বাবে ৭টা কাষ্টম হাইৰিং চেণ্টাৰ, আত্মসহায়ক গোটৰ বাবে ৯টা পলি গ্ৰীণ হাউচকে ধৰি বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালৰ কাৰ্যালয়ৰ এটা টুইট থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

'উদ্বোধন কৰা এলানি উল্লেখযোগ্য উন্নয়নমূলক কামে জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বিশেষকৈ আকাংক্ষিত জিলাসমূহৰ বাসিন্দাসকলৰ জীৱনৰ মান উন্নত কৰাৰ দিশত আমাৰ দায়বদ্ধতাৰ সাক্ষ্য।'

***



(Release ID: 1932799) Visitor Counter : 82