প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌসাত ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ক ‘গোদ ভৰাই’ সমাৰোহ হিচাপে পালন কৰাৰ নতুন পদক্ষেপৰ শলাগ লয়
प्रविष्टि तिथि:
12 JUN 2023 6:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ দৌসাত 'প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা'ক 'গোদ ভৰাই' সমাৰোহ হিচাপে পালন কৰাৰ নতুন পদক্ষেপৰ শলাগ লয়।
দৌসা, ৰাজস্থানৰ পৰা সংসদ সদস্যা শ্ৰীমতী জসকৌৰ মীণাই এটা টুইট থ্ৰেডত কয় যে ৰাজস্থানৰ দৌসাত জনসাধাৰণে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাক 'গোদ ভৰাই' সমাৰোহ হিচাপে পালন কৰে, য'ত সকলো গৰ্ভৱতী মহিলা একত্ৰিত হয় আৰু তেওঁলোকক নিজৰ সন্তানৰ স্বাস্থ্যৰ বাবে 'পোষণ কিট' দিয়া হয়।
তেওঁ লগতে কয় যে কেৱল ৰাজস্থানতে ২০২২-২৩ৰ সময়ছোৱাত এই যোজনাৰে প্ৰায় ৩.৫ লাখ মহিলা উপকৃত হয়।
দৌসাৰ পৰা সংসদ সদস্যাৰ টুইট থ্ৰেডৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"দৌসাৰ এই ব্যতিক্ৰমী পদক্ষেপে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাক নতুন শক্তি দিব। ইয়াৰ ফলত মাতৃসকলৰ লগতে শিশুসকলৰ স্বাস্থ্য সুৰক্ষাও সুনিশ্চিত হৈ আছে।"
**********
(रिलीज़ आईडी: 1931994)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Odia
,
Kannada
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam