প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘জল জীৱন মিছন’ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
09 JUN 2023 9:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘’জল জীৱন মিছন’ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত বিশুদ্ধ পানীৰ সুবিধাই গ্ৰহণ কৰা ভূমিকাত গুৰুত্ব আৰোপ কৰে।
এলানি ‘টুইট’ত জল শক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে জানিবলৈ দিয়ে যে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ প্ৰতিবেদন অনুসৰি ‘ইউনিভাৰ্ছেল টেপ ৱাটাৰ কভাৰেজ’ৰ সুবাদত ‘ডায়েৰিয়া ৰোগ’ৰ ফলত হ’ব পৰা মৃত্যুৰ পৰা ৪ লাখ লোকৰ প্ৰাণ ৰক্ষা কৰা হ'ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰকীৰ ‘টুইট’ লানিৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"জল জীৱন মিছন’ৰ কল্পনা কৰা হৈছিল যাতে প্ৰতিগৰাকী ভাৰতীয়ই পৰিষ্কাৰ আৰু সুৰক্ষিত পানীৰ সুবিধা লাভ কৰে, যি জনস্বাস্থ্যৰ বাবে এক গুৰুত্বপূৰ্ণ আধাৰ। আমি এই অভিযান শক্তিশালী কৰা আৰু আমাৰ স্বাস্থ্য সেৱা প্ৰণালী বৃদ্ধিৰ প্ৰয়াস অব্যাহত ৰাখিম।"
***
(रिलीज़ आईडी: 1931308)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam