জল শক্তি মন্ত্ৰালয়

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত জনস্বাস্থ্য আৰু অৰ্থনৈতিক সঞ্চয়ৰ ক্ষেত্ৰত ‘হৰ ঘৰ জল’ কাৰ্যসূচীৰ উল্লেখযোগ্য প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে

জীৱন ৰক্ষা কৰা, মহিলা আৰু ছোৱালীক সবলীকৰণ কৰা আৰু জীৱন ধাৰণৰ সহজতাত অৰিহণা যোগোৱাত সুৰক্ষিত খোৱা পানীৰ ভূমিকা আমি প্ৰত্যক্ষ কৰি আছোঁঃ ডঃ ভি কে পল, নীতি আয়োগ

জল জীৱন মিছনৰ অধীনত ২০২৩ বৰ্ষত প্ৰতি ছেকেণ্ডত এটা টেপ সংযোগ প্ৰদান কৰা হৈছেঃ শ্ৰীমতী বিনী মহাজন

গ্ৰামীণ টেপ পানীৰ সংযোগ ২০১৯ চনত ১৬.৬৪% ৰ পৰা ৪১ মাহৰ ভিতৰত ৬২.৮৪% লৈ বৃদ্ধি হৈছেঃ শ্ৰীমতী মহাজন

এই অধ্যয়নত প্ৰাপ্ত তথ্য মতে, জল জীৱন মিছনত ভাৰত চৰকাৰৰ বিনিয়োগে স্বাস্থ্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ গুণক প্ৰভাৱ পেলায়ঃ ডাঃ ৰাজীৱ বহেল

Posted On: 09 JUN 2023 3:39PM by PIB Guwahati

"জীৱন ৰক্ষা কৰা, মহিলা আৰু ছোৱালীক সবলীকৰণ কৰা আৰু জীৱন ধাৰণৰ সহজতাত অৰিহণা যোগোৱাত সুৰক্ষিত খোৱা পানীৰ ভূমিকা আমি প্ৰত্যক্ষ কৰি আছোঁ"। আজি ভাৰতত 'হৰ ঘৰ জল' কাৰ্যসূচীৰ যথেষ্ট লাভালাভৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন মুকলি কৰাৰ সময়ত নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডঃ ভি কে পলে এই কথা সদৰী কৰে। তেওঁ আৰু কয় যে, "ব্যক্তি আৰু পৰিয়ালৰ জীৱন শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে উন্নত কৰাৰ ক্ষেত্ৰত কোনো কাৰ্যসূচীয়ে  এনে ধৰণৰ প্ৰত্যক্ষ প্ৰভাৱ পেলাব নোৱাৰে"। ডঃ পলে এই কাৰ্যসূচীৰ প্ৰশংসা কৰি কয়, "প্ৰতি ছেকেণ্ডত এটা নতুন সংযোগ যোগ কৰা হৈছে আৰু আজি ভাৰতত জনস্বাস্থ্যৰ পৰিৱৰ্তন ঘটিছে।"

                                                                                

প্ৰতিবেদনখনত অনুমান কৰা হৈছে যে দেশৰ সকলো পৰিয়ালৰ বাবে সুৰক্ষিতভাৱে পৰিচালিত খোৱা পানীৰ যোগান সুনিশ্চিত কৰিলে ডায়েৰিয়াজনিত ৰোগৰ ফলত হোৱা প্ৰায় ৪০০,০০০ মৃত্যু প্ৰতিহত কৰিব পাৰি আৰু এই ৰোগবোৰৰ সৈতে সম্পৰ্কিত প্ৰায় ১৪ নিযুত ডিএএলৱাই(ডিজেবিলিটি এডজাষ্টেড লাইফ ইয়াৰ্ছ) বচাব পাৰি। ইয়াৰ ফলত আনুমানিক ব্যয় ১০১ বিলিয়ন ডলাৰলৈকে সঞ্চয় হ'ব। 

                                                                        

জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনী মহাজন আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ডঃ ৰাজীৱ বহেল, স্বাস্থ্য গৱেষণা বিভাগৰ সচিব ডঃ ৰোডেৰিকো এইচ অফ্ৰিন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি সকলো উপস্থিত আছিল।

অনুষ্ঠানত ভাষণ দি খোৱা পানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনী মহাজনে এই অভিযানৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি কয়, "গ্ৰামীণ টেপৰ পানীৰ সংযোগ ২০১৯ চনত ১৬.৬৪%ৰ পৰা ৪১ মাহৰ ভিতৰত ৬২.৮৪% লৈ বৃদ্ধি পাইছে।" এই অভিযানৰ গতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী মহাজনে দৃঢ়তাৰে কয় যে ২০২৩ চনত এতিয়ালৈকে প্ৰতি ছেকেণ্ডত গড়ে এটাকৈ টেপ সংযোগ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে "পানী আৰু অনাময় ব্যৱস্থাত বিনিয়োগ কৰাৰ ফলত অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক, জীৱনৰ মানদণ্ড আৰু স্বাস্থ্যকে ধৰি বহুতো লাভালাভ হয়। সুৰক্ষিত পানীয়ে সংক্ৰামক আৰু অসংক্ৰামক দুয়োটা ৰোগৰ সমাধান কৰে। আৰ্চেনিক, ফ্লৰাইড, গধুৰ ধাতু আদিৰ দৰে জিঅ’জেনিক দূষিত পদাৰ্থই ব্যক্তিৰ উৎপাদনশীলতা হ্ৰাস কৰাত প্ৰভাৱ পেলায়। এই অধ্যয়নত প্ৰাপ্ত তথ্য মতে, জল জীৱন মিছনত ভাৰত চৰকাৰৰ বিনিয়োগে স্বাস্থ্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ গুণক প্ৰভাৱ পেলায়"।

আইচিএমআৰৰ সঞ্চালক প্ৰধান ডঃ বহেলে জনসাধাৰণক বিশুদ্ধ খোৱা পানীৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত হৰ ঘৰ জলৰ সাফল্যক প্ৰশংসা কৰে। তেওঁ কয়, ‘এই অধ্যয়নত প্ৰাপ্ত তথ্য মতে, জল জীৱন মিছনত ভাৰত চৰকাৰৰ বিনিয়োগে স্বাস্থ্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ গুণক প্ৰভাৱ পেলায়’।

                                                                            

'হৰ ঘৰ জল' প্ৰতিবেদনত ডায়েৰিয়াজনিত ৰোগৰ ওপৰত গুৰুত্ব দিয়া হৈছে, কিয়নো ই পানী, অনাময়, আৰু পৰিচ্ছন্নতা(ৱাছ) সমস্যাৰ সৈতে সম্পৰ্কিত সামগ্ৰিক ৰোগৰ বোজাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। এই বিশ্লেষণটোৱে এই ৰোগবোৰ সমাধান কৰাৰ জৰুৰী প্ৰয়োজনীয়তা আৰু ৰাজহুৱা স্বাস্থ্য আৰু অৰ্থনৈতিক কল্যাণত যথেষ্ট লাভৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২০১৯ চনৰ পূৰ্বে, গ্ৰামীণ অঞ্চলত পানী যোগানৰ পৰিস্থিতি প্ৰত্যাহ্বানজনক আছিল। প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, ২০১৮ চনত, ৪৪% গ্ৰামীণ জনসংখ্যাকে ধৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ৩৬শতাংশৰ চৌহদত উন্নত খোৱা পানীৰ উৎসৰ সুবিধাৰ অভাৱ আছিল। অসুৰক্ষিত খোৱা পানীৰ পোনপটীয়া ব্যৱহাৰৰ ফলত গুৰুতৰ স্বাস্থ্য আৰু সামাজিক ফল ভুগিবলগীয়া হৈছিল। এই বিশ্লেষণে সূচায় যে, অসুৰক্ষিত খোৱা পানী, অপৰ্যাপ্ত অনাময় আৰু পৰিচ্ছন্নতাই ২০১৯চনত বিশ্বব্যাপী ১.৪ নিযুতৰ মৃত্যু আৰু ৭৪নিযুত ডিএএলৱাইত অৰিহণা যোগাইছিল।

বিশ্ব স্বাস্থ্য সংস্থাই বিভিন্ন বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) সূচক নিৰীক্ষণ কৰে, যাৰ ভিতৰত আছে সুৰক্ষিতভাৱে পৰিচালিত খোৱা পানী সেৱা (সূচক ৬.১.১) ব্যৱহাৰ কৰা জনসংখ্যাৰ অনুপাত আৰু অসুৰক্ষিত পানী, অনাময়, আৰু পৰিচ্ছন্নতাৰ সৈতে সম্পৰ্কিত মৃত্যুৰ হাৰ (সূচক ৩.৯.২)।

প্ৰতিবেদনখনে টেপৰ পানীৰ ব্যৱস্থাৰ জৰিয়তে মহিলা আৰু ছোৱালীৰ বাবে ৰাহি হোৱা সময় আৰু প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ২০১৮ চনত, ভাৰতৰ মহিলাসকলে ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দৈনিক গড়ে ৪৫.৫ মিনিট পানী সংগ্ৰহ কৰিছিল। সামগ্ৰিকভাৱে, চৌহদৰ পানী নোহোৱা পৰিয়ালবোৰে প্ৰতিদিনে ৬৬.৬ নিযুত ঘণ্টা পানী সংগ্ৰহ কৰাত অতিবাহিত কৰিছিল, গ্ৰাম্য অঞ্চলত এই সময় আছইল ৫৫.৮ নিযুত ঘণ্টা।

প্ৰতিবেদন মুকলিৰ সময়ত, ডিডিডব্লিউএছৰ সচিব শ্ৰীমতী বিনী মহাজনে জল জীৱন মিছনৰ উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে গ্ৰামীণ টেপৰ পানীৰ সংযোগ ২০১৯ চনত ১৬.৬৪% ৰ পৰা ৪১ মাহৰ ভিতৰত ৬২.৮৪% লৈ বৃদ্ধি হৈছে, যি বাৰ্ষিক মাত্ৰ ০.২৩% ৰ তুলনাত গড় বাৰ্ষিক ১৩.৫% বৃদ্ধি প্ৰতিনিধিত্ব কৰে।

'হৰ ঘৰ জল' কাৰ্যসূচীৰ বিষয়েঃ

জল শক্তি মন্ত্ৰালয়ৰ অধীনত জল জীৱন মিছনে ৰূপায়ণ কৰা হৰ ঘৰ জল কাৰ্যসূচীৰ কথা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট, ২০১৯ত ঘোষণা কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে প্ৰতিটো গ্ৰামীণ পৰিয়ালক সুলভ মূল্যত আৰু নিয়মীয়াকৈ টেপৰ জৰিয়তে পৰ্যাপ্তভাৱে সুৰক্ষিত খোৱা পানী যোগান ধৰা।

 

*************************



(Release ID: 1931229) Visitor Counter : 135