ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা এক অনন্য ধাৰণা ‘ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা’ই চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিছে

মন্ত্ৰীগৰাকীয়ে ‘কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়’ৰ ৯ বছৰীয়া সাফল্য সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰে; কয়, যোৱা ৯টা বছৰত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াক দ্ৰুত, স্বচ্ছ আৰু পক্ষপাতহীন কৰি তোলাত প্ৰাথমিকতা প্ৰদান কৰিছে

"নিয়ম-আধাৰিত" দৃষ্টিভংগীৰ পৰা "ভূমিকা-আধাৰিত" শিকণৰে সামৰ্থ্য বৰ্দ্ধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ কল্পনা তথা সূচনা কৰা "মিছন কৰ্মযোগী" এক পট-পৰিৱৰ্তনকাৰী সংস্কাৰ হিচাপে প্ৰতিপন্ন হ'ব : ড০ জীতেন্দ্ৰ সিং

Posted On: 09 JUN 2023 4:27PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত); প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি তথা মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা এক অনন্য ধাৰণা ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাই চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক প্ৰতিষ্ঠানিক ৰূপ প্ৰদান কৰিছে।

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ৰ ৯ বছৰীয়া সাফল্য সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰি ড০ সিঙে কয়, বেছিভাগ প্ৰশাসনিক আৰু শাসন সংস্কাৰৰ বিশেষত্বই হৈছে যুৱ-কেন্দ্ৰিক আৰু ৰোজগাৰ মেলাই যুৱসমাজক চৰকাৰী চাকৰি প্ৰদানৰ এক গুৰুত্বপূৰ্ণ আৰু সাহসী পদক্ষেপ হিচাপে পৃথক পৰিচিতি লাভ কৰাৰ লগতে বিভিন্ন আঁচনিৰ জৰিয়তে লাখ লাখ চাকৰিৰ সুযোগ সৃষ্টি কৰিছে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ‘ৰোজগাৰ মেলা’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু সহযোগিতাকাৰী ৰাজ্য চৰকাৰসমূহে মিছন মোডত ১০ লাখ নিযুক্তি পত্ৰ বিতৰণ কৰিব।

ড০ সিঙে ২০২৩ চনৰ মে' মাহত অনুষ্ঠিত ৰোজগাৰ মেলাখনত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা বক্তব্যৰ উদ্ধৃতি দি কয়, "যোৱা ৯টা বছৰত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াক দ্ৰুত, স্বচ্ছ আৰু পক্ষপাতহীন কৰাত প্ৰথমিকতা প্ৰদান কৰিছে"। নিযুক্তি প্ৰক্ৰিয়াত সন্মুখীন হোৱা অসুবিধাসমূহৰ কথা স্মৰণ কৰি তেওঁ কয়, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘কৰ্মচাৰী বাছনি পৰিষদে’ নতুন নিযুক্তি প্ৰাপকসকলক নিয়োজিত কৰিবলৈ প্ৰায় ১৫-১৮ মাহ সময় লৈছিল, যিটোত আজি মাত্ৰ ৬-৮ মাহ সময়হে লাগে।

অন্যান্য যুৱ কেন্দ্ৰিক নিযুক্তি সংস্কাৰৰ কথা উল্লেখ কৰি ড০ জীতেন্দ্ৰ সিঙে কয়, ‘গ্ৰুপ বি’ ‘নন গেজেটেড’ আৰু ‘নিম্ন পদ’ৰ বাবে সাক্ষাৎকাৰৰ পৰম্পৰা বাতিল কৰা হৈছে, যাৰ ফলত অধিক স্বচ্ছতা, কাগজ-আধাৰিত পৰীক্ষাৰ ঠাইত কম্পিউটাৰ আধাৰিত পৰীক্ষা আৰম্ভ কৰা হৈছে, বিভিন্ন পদৰ বাবে ‘এছএছচি’ পৰীক্ষাত আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰা হৈছে যাৰ ফলত চৰকাৰী চাকৰিৰ বাবে যুৱসমাজৰ অংশগ্ৰহণ বৃদ্ধি পাইছে।

৯টা বছৰৰ প্ৰশাসনিক সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰি ড০ সিঙে কয়, "নিয়ম-আধাৰিত" দৃষ্টিভংগীৰ পৰা "ভূমিকা-আধাৰিত" শিকণৰে সামৰ্থ্য বৰ্দ্ধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ  কল্পনা তথা সূচনা কৰা "মিছন কৰ্মযোগী" এক পট-পৰিৱৰ্তনকাৰী সংস্কাৰ হিচাপে প্ৰতিপন্ন হ'ব। তেওঁ লগতে জনায় যে যিকোনো স্থানত, যিকোনো সময়ত শিক্ষা প্ৰদান কৰাৰ বাবে ‘আইজিঅ'টি কৰ্মযোগী এপ্’ মুকলি কৰাৰ উপৰিও নতুন নিযুক্তি প্ৰাপকসকলক প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে এক ‘অনলাইন মডিউল’ ‘কৰ্মযোগী প্ৰৰাম্ভ’ আৰম্ভ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে সামৰ্থ্য বৰ্দধনৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য আৰু অভিন্ন দৃষ্টিভংগী গঢ়ি তোলাৰ বাবে ‘সামৰ্থ্য বৰ্দ্ধন আয়োগ’ (চিবিচি) স্থাপন কৰা হৈছে। ‘চিবিচি’ৰ দ্বাৰা অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে ‘ৰাষ্ট্ৰীয় মানক’ আৰম্ভ কৰা হৈছে। তেওঁ কয়, প্ৰতিটো কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ স্থাপন কৰা হৈছে। ‘চিবিচি’য়ে সকলো মন্ত্ৰালয়/বিভাগ/সংগঠনক বাৰ্ষিক সামৰ্থ্য বৰ্দ্ধন পৰিকল্পনা যুগুতোৱাত সহায় কৰি আছে। ২০২৩ চনৰ ১১ জুনত এখন ‘ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন’ উদ্বোধন কৰা হৈছে।

 

 

‘কৰ্মচাৰী পৰিচালনা মন্ত্ৰালয়ে’ গ্ৰহণ কৰা কেবাটাও পদক্ষেপৰ বিষয়ে অৱগত কৰি ড০ সিঙে কয়, ডিঅ'পিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ পেছাদাৰী তথা পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য স্থাপন কৰাৰ বাবে সমন্বিত প্ৰচেষ্টা হাতত লৈছে।

মন্ত্ৰীগৰাকীয়ে ‘চাইল্ড কেয়াৰ লীভ’ (চিচিএল)ৰ উদাহৰণ দাঙি ধৰি কয়, ৭৩০ দিনৰ ‘চিচিএল’ অনুমোদনৰ ব্যৱস্থা অব্যাহত ৰাখি আন  কিছুমান নতুন ব্যৱস্থাও গ্ৰহণ কৰা হৈছে আৰু সেইবোৰ ব্যৱস্থাই ‘চাইল্ড কেয়াৰ লীভ’ ল’ব পৰা কৰ্মচাৰীসকলক ‘উপযুক্ত কৰ্তৃত্বপ্ৰাপক কৰ্তৃপক্ষ’ৰ আগতীয়া অনুমোদনৰে মুখ্য কাৰ্যালয় এৰিব পৰাকৈ অনুমতি লাভৰ সুযোগ, ‘লীভ ট্ৰেভেল কনচেশ্যন’ (এলটিচি) লাভৰ সুযোগ প্ৰদান কৰিব পাৰে।  সেইদৰে, ‘চিচিএল’ত থকা কৰ্মচাৰীয়ে উপযুক্ত কৰ্তৃত্বপ্ৰাপক কৰ্তৃপক্ষৰ আগতীয়া অনুমোদন সাপেক্ষে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে। তদুপৰি,  ‘চিচিএছ(ছুটি) অধিনিয়ম, ১৯৭২’-ৰ ‘অনুচ্ছেদ ৪৩-চি’-ৰ অধীনত ‘চাইল্ড কেয়াৰ লীভ’ প্ৰাপ্ত কৰা চৰকাৰী কৰ্মচাৰী এগৰাকীৰ বাবে ‘চাইল্ড কেয়াৰ লীভ’ৰ ‘ন্যূনতম ম্যাদ’ বাধ্যতামূলক ১৫ দিনৰ পৰা ৫ দিনলৈ ক্ষেত্ৰত হ্ৰাস কৰাৰ লগতে বিকলাঙ্গ শিশুৰ ২২ বছৰৰ সীমা আঁতৰোৱা হৈছে।

ড০ জীতেন্দ্ৰ সিঙে লগতে উল্লেখ কৰে যে ১ জুলাই, ২০২২ তাৰিখৰ পৰা শিশু যত্নৰ বাবে প্ৰতিবন্ধী মহিলা কৰ্মচাৰীসকলক প্ৰতিমাহে ৩০০০/- টকাৰ ‘বিশেষ ভাট্টা’  প্ৰদান কৰা হৈছে, যি ৫০% ডিএ বৃদ্ধিৰ ওপৰত ২৫% বৃদ্ধি হ'ব।

একেদৰে, ‘এনপিএছ’-ৰ অধীনত অন্তৰ্ভুক্ত ‘নিৰুদ্দিষ্ট’ কৰ্মচাৰীৰ পৰিয়ালে এতিয়া এজাহাৰ দাখিল কৰাৰ ৬ মাহৰ ভিতৰত পাৰিবাৰিক পেন্সন লাভ কৰিব পাৰে, ইয়াৰ বাবে এতিয়া আৰু ৭ বছৰৰ বাবে অপেক্ষা কৰিব নালাগিব পাৰে, যিটো সময়কালৰ পিছত নিৰুদ্দিষ্ট কৰ্মচাৰীগৰাকী মৃত বুলি গণ্য কৰা হয়। আনকি যিবোৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ ৭ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ আগতে মৃত্যু হয়,  তেন্তে, তেওঁৰ পৰিয়ালক পেন্সন প্ৰথম ১০ বছৰৰ বাবে অন্তিম দৰমহাৰ ৫০% বৰ্ধিত হাৰত আৰু তাৰ পৰৱৰ্তি পৰ্যায়ত অন্তিম দৰমহাৰ ৩০%  হাৰত পৰিশোধ কৰিব লাগিব।

শাসনৰ স্বচ্ছতা আৰু দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী সিঙে কয় যে স্বচ্ছ আৰু কাৰ্যকৰী চৰকাৰৰ ‘মানক’ হৈছে ‘শক্তিশালী অভিযোগ নিষ্পত্তিকৰণ প্ৰণালী’। নিষ্পত্তিকৰণৰ হাৰ উন্নত কৰা আৰু সময়সীমা হ্ৰাস কৰাৰ বাবে ১০টা পদক্ষেপৰ ‘চিপিজিআৰএমএছ’ সংস্কাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে, যাৰ ফলত সাপ্তাহিক নিষ্পত্তিকৰণৰ হাৰ ৯৫ ৰ পৰা ১০০% লৈকে সম্ভৱ হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ গড় নিষ্পত্তিৰ সময় ২০২১ চনৰ ৩২ দিনৰ পৰা ২০২২ চনত ২৭ দিনলৈ আৰু এপ্ৰিল, ২০২৩-ত ১৭ দিনলৈ উন্নীত কৰিব পৰা হৈছে।

ড০ সিঙে ‘স্বচ্ছতা ১.০ আৰু ২.০’ অভিযানৰ সফল আয়োজনৰ বাবে ‘ডিএআৰপিজি’ৰ দলক প্ৰশংসা কৰিছিল। স্বচ্ছতাই যে আপোনালৈ টকাও আনিব পাৰে সেই কথা প্ৰথমবাৰৰ বাবে সমাজত উপলব্ধি কৰিব পাৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। স্বচ্ছতা অভিযান ২.০ এক লাখতকৈয়ো অধিক কাৰ্যালয় চৌহদত পৰিচালনা কৰা হৈছিল, ৮৯.৮৫ লাখ বৰ্গফুট স্থান মুক্ত কৰা হৈছিল আৰু পেলনীয়া ইলেক্ট্ৰনিক সামগ্ৰীকে ধৰি কাৰ্যালয়ৰ পেলনীয়া সামগ্ৰীৰ নিষ্কাশনৰ পৰা ৩৭০.৮৩ কোটি টকা ৰাজহ উপাৰ্জন কৰা হয়। তদুপৰি, যেতিয়া ক’ভিডে আঘাত কৰিছিল এই মন্ত্ৰালয়ৰ কাম-কাজ এদিনো প্ৰভাৱিত হোৱা নাছিল, বৰঞ্চ কেতিয়াবা উৎপাদন আৰু অধিকহে হৈছিল বুলি জানিবলৈ দিয়ে ড০ সিঙে।

‘ডিজিটেল ৰূপান্তৰণ’ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় সচিবালয়ৰ সকলো ৭৫টা মন্ত্ৰালয়/বিভাগত ‘ই-অফিচ সংস্কৰণ ৭.০’ গ্ৰহণ কৰা হৈছে। এইটো এটা প্ৰশংসনীয় সাফল্য যে সকলো ফাইলৰ ৮৯.৬ শতাংশই আজি কেন্দ্ৰীয় সচিবালয়ত ‘ই-ফাইল’ হিচাপে প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে। ২০২২ চনত, ‘ডিএআৰপিজি’-য়ে চৰকাৰী প্ৰক্ৰিয়া আৰু প্ৰক্ৰিয়াবোৰত সৰলতা, দক্ষতা আৰু স্বচ্ছতা অনাৰ বাবে ‘কেন্দ্ৰীয় সচিবালয় মেনুৱেল অব অফিচ প্ৰচিডিউ’ৰ (চিএছএমঅপি) প্ৰস্তুত কৰিছে, যাৰ ফলত সক্ৰীয় আৰু দায়বদ্ধ শাসন আৰম্ভ হ'ব।

ড০ সিঙে শেহত কয় যে ‘ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা’ৰ উদ্ভাৱনমূলক পৰিৱৰ্তন সাধন, তলৰ পৰা শীৰ্ষ পৰ্যায়লৈ অসামৰিক কৰ্মচাৰীসকলৰ বাবে এক অধিক শক্তিশালী সামৰ্থ্য বৰ্দ্ধন তথা প্ৰশিক্ষণ পৰিকাঠামো গঢ়ি তোলা, ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ দৰে প্ৰযুক্তিৰ অধিক ব্যৱহাৰ আৰু ধাৰণাসমূহৰ মুক্ত বিনিময়ৰ বাবে "চিন্তন শিবিৰ"ৰ নিয়মীয়া অনুষ্ঠিতকৰণৰ বাবে আগবাঢ়িছে মন্ত্ৰালয়

 

<><><><><>


(Release ID: 1931131) Visitor Counter : 122